--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অযোধ্যাত আজি প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰামলালাৰ। দেশৰ সকলো প্ৰান্ততে এতিয়া ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাকলৈ হৈ চৈৰ সৃষ্টি হৈছে। কিন্তু এনে সময়তে কেনে আছে সীতাৰ জন্মস্থান জনকপুৰ?  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে অযোধ্যা আৰু জনকপুৰক একেডাল সূতাৰে গাঠিবলৈ চেষ্টা কৰি আহিছে। সেয়ে এই দুখন চহৰক 'চিষ্টাৰ চিটি' বুলি কোৱা হয়। গতিকে জনকপুৰ অযোধ্যাৰ ভগ্নী। ৰামায়ণৰ মতেসীতা জনকপুৰৰ ৰজা জনকৰ কন্যা আছিল। 

সেয়েহে তেওঁৰ  আন এটা নাম জানকী। ৰামায়ণত পোৱা যায় যে সীতা বিদেহ ৰাজ্যৰ ৰাজকুমাৰী আছিল। আজিৰবিদেহ হয়তো নেপালৰ জনকপুৰ বা বিহাৰৰ মধুবনী জিলাৰ বালিৰাজগড়ত আছে বুলি বহুতে ক’ব বিচাৰে। সীতাৰ জন্মস্থান ভাৰতত নে নেপালত তাকে লৈও বিতৰ্ক চলি আছে। বাল্মীকি ৰামায়ণত সীতাক বুজাবলৈ  বৈদেহী, জানকী, সীতা আৰু মিথিলাপুৰী এই  চাৰিটা শব্দ ব্যৱহাৰ কৰা হৈছে। মিথিলাপুৰী মানে মিথিলা। আনহাতে, বৈদেহী আৰু জানকী তেওঁৰ দেউতাক ৰজা জনকৰ পৰা উদ্ভৱ হোৱা নাম। যাক বিদেহ বুলিও কোৱা হয়। চিত্ৰকূটত ৰামৰ নিৰ্বাসনৰ সময়ত সীতাই নিজেই অত্ৰী ঋষিৰ পত্নী অনুচুয়াৰ আগত নিজৰ জন্মৰ কাহিনী কৈছিল। তেওঁ কৈছিল যে তেওঁক জনক ৰজাই খেতি কৰা পথাৰত পাইছিল।

বহু পণ্ডিতৰ মতে মনুৰ নাতি আৰু ইক্ষ্বাকুৰ পুত্ৰ নিমি বিদেহ ৰাজ্যৰ প্ৰথম ৰজা আছিল। বিদেহৰ এই ৰাজ্যক মিথিলা বুলিও জনা গৈছিল। ইয়াত ভাষা আছিল মৈথিলী, যিটো এতিয়াও বিহাৰ আৰু নেপালৰ কিছু অংশত কোৱা হয়। ব্ৰিটিছৰ কালছোৱাত মিথিলাৰ ভিতৰত আছিল ত্ৰিহুট, দৰভাঙ্গা, কোশী, পূৰ্ণিয়া, মুংগেৰ, ভাগলপুৰ, সন্তল পৰগণা বিভাগ আৰু নেপালৰ কেইখনমান জিলা। বহুতৰ মতে নিমিকে ধৰি মিথিলা ৰাজবংশৰ সকলো ৰজাক জনক বুলি জনা যায়। জনক শব্দটোৰ অৰ্থ হৈছে পিতৃ, আৰু সেই সময়ত ৰজাক সেই মৰ্যাদা দিয়া হৈছিল।

বাল্মীকি ৰামায়ণৰ মতে যেতিয়া ভগৱান ৰাম সীতাৰ স্বয়ম্বৰ সভালৈ গৈছিল ৰজা জনকে তেওঁক কৈছিল যে সীতাক যি ঠাইৰ পৰা পোৱা গৈছিল তাৰ নাম জনকপুৰ ৰখা হৈছে। কিছুমানে কয় যে এই জনকপুৰ প্ৰকৃততে বিহাৰৰ সীতামাঢ়ী অঞ্চল,  কিছুমানৰ মতে এই জনকপুৰ নেপালত আছে। অৰ্থাৎ সীতাৰ জন্ম নেপালত হৈছিল।  পৌৰাণিক কাহিনীয়ে যিয়েই নকওঁক, বা সীতাৰ জন্মস্থানক লৈ হোৱা বিতৰ্কৰ মাজতে  বহু আগতে ৰাম জন্মভূমি আৰু সীতাৰ জন্মস্থানক সংযোগ কৰাৰ চেষ্টা কৰা হৈছে। খ্ৰীষ্টপূৰ্ব ৯০০ ৰ পৰা ৫০০ লৈ, বিদেহ দক্ষিণ এছিয়াৰ এক মুখ্য ৰাজনৈতিক আৰু সাংস্কৃতিক কেন্দ্ৰ আছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  দুয়োখন চহৰৰ মাজৰ দূৰত্ব হ্ৰাস কৰিবলৈ চেষ্টা কৰিছিল। চৰকাৰৰ প্ৰথম লক্ষ্য আছিল ৰামৰ অযোধ্যা আৰু সীতাৰ জনকপুৰক একত্ৰিত কৰা। দ্বিতীয় প্ৰয়াসটো হ'ল ভাৰতীয় সেনা আৰু নেপালৰ গোৰ্খাসকলৰ মাজত দীঘলীয়া আৰু শক্তিশালী সম্পৰ্ক গঢ়ি তোলা । ২০১৪ চনত দুয়োখন দেশৰ মাজত এখন চুক্তি স্বাক্ষৰ কৰি অযোধ্যা আৰু জনকপুৰক 'ভগ্নী চহৰ' হিচাপে ঘোষণা কৰা হয়। চৰকাৰে  দুয়োখন চহৰক সংযোগ কৰিবলৈ 'ৰাম জানকী মাৰ্গ' নিৰ্মাণৰ কথাও ঘোষণা কৰিছিল। দৰাচলতে এই দুয়োখন চহৰৰ ঘোষণা নেপাল-ভাৰত ৰাজনৈতিক-কূটনৈতিক সমস্যা সমাধানৰ বাবে 'বন্ধুত্বৰ অভিযান'ৰ প্ৰয়াস আছিল। নেপাল চৰকাৰে সেই সময়তে কৈছিল যে অযোধ্যা আৰু জনকপুৰৰ লোকসকল ৰজা দশৰথ আৰু ৰজা জনকৰ পাৰিবাৰিক সম্পৰ্কৰ উত্তৰাধিকাৰী। ভাৰতৰ জনসাধাৰণে নেপালৰ সৈতে থকা এই অনন্য সম্পৰ্কক গুৰুত্ব দি আহিছে।

যদিও অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণক লৈ দেশত আলোড়নৰ সৃষ্টি হৈছে  জনকপুৰ পিছে আজিও শান্ত হৈয়েই আছে। অযোধ্যাত ৰাম লালাৰ মূৰ্তি স্থাপনৰ পৰ্ব চলি আছে। কিন্তু সীতাৰ জন্মস্থান আৰু অযোধ্যাৰ ভগ্নী জনকপুৰ বহুতৰে দৃষ্টিৰ বাহিৰতে আছে। সংবাদমাধ্যমতো জনকপুৰক লৈ বেছি হুলস্থুল হোৱা নাই। বহুতৰে মতে 'ৰাম ৰাজ্য'কলৈ যিমান চৰ্চা হৈছে সীতাৰ জন্মস্থানৰ বিষয়ে সিমান হোৱা নাই। সীতা যেন সদায় উপেক্ষিতা।  পুৰুষতান্ত্ৰিক সমাজত সীতাৰ কথাবোৰ যেন গৌণ হৈ পৰিছে । সেয়েহে হয়তো যেতিয়া অযোধ্যা চহৰ পোহৰেৰে জলমলাই উঠিছে সেই সময়ত  জনকপুৰত অবহেলিত হৈ  পৰি ৰৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement