--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃগেৰুৱা শিবিৰৰ 'লৌহ পুৰুষ' ৰাম মন্দিৰ আন্দোলনৰ আগশাৰীৰ নেতা  আছিল তেওঁ । তেওঁৰ ৰথ যাত্ৰা কাৰ্যসূচীৰ দ্বাৰা সমগ্ৰ দেশক  ৰামময় কৰি তুলিছিল। ৰাম মন্দিৰ আন্দোলনৰ পথপ্ৰদৰ্শক লালকৃষ্ণ আদৱানীয়ে ৰাম মন্দিৰত ৰাম লাল্লাৰ জীৱন প্ৰতিষ্ঠা হোৱা দেখা নাপালে৷  ৰাম জন্মভূমি আন্দোলনৰ আন এখন  মুখ মুৰলী মনোহৰ যোশীয়েও সোমবাৰে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত নাথাকিল। 

ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে এই কথা প্ৰকাশ কৰিছে৷ দৰাচলতে, এই মুহূৰ্তত অযোধ্যাত বৰ ঠাণ্ডা পৰিছে। সেয়ে  ৰাম মন্দিৰ আন্দোলনৰ অগ্ৰগামী দুয়োগৰাকী বয়সীয়াল নেতাই স্বাস্থ্যজনিত কাৰণতে আজি অযোধ্যাত উপস্থিত নাই। আদৱানীৰ বয়স এতিয়া ৯৬ বছৰ, যোশীৰ বয়স ৯০ বছৰ। সেইকাৰণে মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত দুয়োজন জ্যেষ্ঠ নেতা উপস্থিত নাথাকিল বুলি জানিব পৰা গৈছে৷

ৰাম  মন্দিৰ   উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছত  নিৰ্মাণ কৰা হৈছে। অৱশ্যে ৰাম জন্মভূমি ট্ৰাষ্টে মন্দিৰৰ উদ্বোধনৰ দিনা  আদৱানীক আমন্ত্ৰণ জনাব নিবিচাৰিছিল। একেদৰে  মুৰলী মনোহৰ যোশীকো ট্ৰাষ্টে আমন্ত্ৰণ জনোৱা হ'ব নে নাই সেই বিষয়ে সন্দেহ আছিল।

ট্ৰাষ্টৰ মতে আদৱানী আৰু যোশী বৃহত্তৰ গেৰুৱা পৰিয়ালৰ জ্যেষ্ঠ সদস্য। তেওঁলোকৰ বয়সৰ কথা বিবেচনা কৰি উদ্বোধনৰ দিনা তেওঁলোকক নিমন্ত্ৰণ নকৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই খবৰ প্ৰচাৰৰ  লগে লগে  বিতৰ্ক আৰম্ভ হৈছিল। আদৱানী আৰু যোশীক পিছত বিশ্ব হিন্দু পৰিষদে (ভিএইচপি) আমন্ত্ৰণ জনাইছিল। বিশ্ব হিন্দু পৰিষদৰ (ভিএইচপি) কাৰ্যবাহী সভাপতি আলোক কুমাৰে গৈ তেওঁলোকক আমন্ত্ৰণ জনাইছিল। বিশ্ব হিন্দু পৰিষদে (ভিএইচপি) লগতে ঘোষণা কৰিছিল যে আদৱানীক অযোধ্যালৈ অনাৰ বাবে বিশেষ ব্যৱস্থা কৰা হ'ব। কিন্তু শেষত তেওঁ অযোধ্যালৈ নাহিল৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক