--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃগেৰুৱা শিবিৰৰ 'লৌহ পুৰুষ' ৰাম মন্দিৰ আন্দোলনৰ আগশাৰীৰ নেতা  আছিল তেওঁ । তেওঁৰ ৰথ যাত্ৰা কাৰ্যসূচীৰ দ্বাৰা সমগ্ৰ দেশক  ৰামময় কৰি তুলিছিল। ৰাম মন্দিৰ আন্দোলনৰ পথপ্ৰদৰ্শক লালকৃষ্ণ আদৱানীয়ে ৰাম মন্দিৰত ৰাম লাল্লাৰ জীৱন প্ৰতিষ্ঠা হোৱা দেখা নাপালে৷  ৰাম জন্মভূমি আন্দোলনৰ আন এখন  মুখ মুৰলী মনোহৰ যোশীয়েও সোমবাৰে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত নাথাকিল। 

ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে এই কথা প্ৰকাশ কৰিছে৷ দৰাচলতে, এই মুহূৰ্তত অযোধ্যাত বৰ ঠাণ্ডা পৰিছে। সেয়ে  ৰাম মন্দিৰ আন্দোলনৰ অগ্ৰগামী দুয়োগৰাকী বয়সীয়াল নেতাই স্বাস্থ্যজনিত কাৰণতে আজি অযোধ্যাত উপস্থিত নাই। আদৱানীৰ বয়স এতিয়া ৯৬ বছৰ, যোশীৰ বয়স ৯০ বছৰ। সেইকাৰণে মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত দুয়োজন জ্যেষ্ঠ নেতা উপস্থিত নাথাকিল বুলি জানিব পৰা গৈছে৷

ৰাম  মন্দিৰ   উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছত  নিৰ্মাণ কৰা হৈছে। অৱশ্যে ৰাম জন্মভূমি ট্ৰাষ্টে মন্দিৰৰ উদ্বোধনৰ দিনা  আদৱানীক আমন্ত্ৰণ জনাব নিবিচাৰিছিল। একেদৰে  মুৰলী মনোহৰ যোশীকো ট্ৰাষ্টে আমন্ত্ৰণ জনোৱা হ'ব নে নাই সেই বিষয়ে সন্দেহ আছিল।

ট্ৰাষ্টৰ মতে আদৱানী আৰু যোশী বৃহত্তৰ গেৰুৱা পৰিয়ালৰ জ্যেষ্ঠ সদস্য। তেওঁলোকৰ বয়সৰ কথা বিবেচনা কৰি উদ্বোধনৰ দিনা তেওঁলোকক নিমন্ত্ৰণ নকৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই খবৰ প্ৰচাৰৰ  লগে লগে  বিতৰ্ক আৰম্ভ হৈছিল। আদৱানী আৰু যোশীক পিছত বিশ্ব হিন্দু পৰিষদে (ভিএইচপি) আমন্ত্ৰণ জনাইছিল। বিশ্ব হিন্দু পৰিষদৰ (ভিএইচপি) কাৰ্যবাহী সভাপতি আলোক কুমাৰে গৈ তেওঁলোকক আমন্ত্ৰণ জনাইছিল। বিশ্ব হিন্দু পৰিষদে (ভিএইচপি) লগতে ঘোষণা কৰিছিল যে আদৱানীক অযোধ্যালৈ অনাৰ বাবে বিশেষ ব্যৱস্থা কৰা হ'ব। কিন্তু শেষত তেওঁ অযোধ্যালৈ নাহিল৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু