--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছত অযোধ্যাত নিৰ্মাণ হ’ব সুবিশাল মছজিদ৷ ইতিমধ্যে মছজিদ নিৰ্মাণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে৷ 

২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছিল বহুচৰ্চিত ৰামলালাৰ৷ উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ত ৰাম মন্দিৰৰ গোচৰৰ অন্তিম শুনানিৰ সময়তেই ন্যায়ালয়ে মুছলমান সম্প্ৰদায়ৰ বাবে মছজিদ নিৰ্মাণৰো অনুমতি প্ৰদান কৰি ভূমি অবন্টন কৰিছিল। অযোধ্যাৰ পৰা ২৫ কিলোমিটাৰ নিলগৰ ধনীপুৰত মহম্মদ বিন আব্দুল্লা মছজিদ নিৰ্মাণৰ বাবে ভূমি আবণ্টন কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে। 

সম্প্ৰতি সেই স্থানত মছজিদ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে। ইয়াৰ মাজতেই পবিত্ৰ মক্কা আৰু মদিনাৰ পৰা মুম্বাইলৈ আহি পাইছে মছজিদ নিৰ্মাণত ব্যৱহাৰ কৰিবলগীয়া বিশেষ ইটা। বিশেষ এইবাবেই কাৰণ এই ইটাবোৰত সোণেৰে লিখা হৈছে কোৰাণৰ আয়াত। যোৱা সপ্তাহতেই মুম্বাইলৈ অনা হৈছে এই ইটাবোৰ। 

যিবোৰ ইটা ক’লা মাটিৰে প্ৰস্তুত কৰি উলিওৱা হৈছে। য‘ত মছজিদৰ নাম লিখা আছে। মুম্বাইৰ এটা ইটা ভাটাত পোৰা হ’ব এই ইটাসমূহ আৰু পৰৱৰ্তী সময়ত অযোধ্যাৰ মছজিদ নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা হ’ব।

এই মছজিদটোত থাকিব গেৰুৱা ৰঙৰ কোৰাণ৷ তদুপৰি একেলগে ৯০০০ লোকে পঢ়িব পাৰিব এই কোৰাণখন৷

মছজিদটোৰ উন্নয়ন সমিতিৰ অধ্যক্ষ হাজী আৰাফাত শ্বেখে কয় যে এই মছজিদত বিশ্বৰ সৰ্ববৃহৎ কোৰাণখন থাকিব, যিখন কোৰাণ ২১ ফুট উচ্চতাৰ আৰু ৩৬ ফুট বহল হ’ব৷

আৰফাত শ্বেখে আৰু দাবী কৰে যে মহম্মদ বিন আব্দুল্লা মছজিদৰ সৌন্দৰ্যই আনকি তাজমহলকো চেৰ পেলাব। এই মছজিদত পুৰুষ-মহিলাকে ধৰি ৯০০০ ভক্তিপ্ৰাণে একেলগে নামাজ আগবঢ়াব পাৰিব। মহম্মদ বিন আব্দুল্লা মছজিদত চিকিৎসাৰ পৰা শিক্ষালৈকে বহু সুবিধা উপলব্ধ হ’ব। ইয়াৰ লগতে নিৰামিষ পাকঘৰো থাকিব, য’ত অতিথিসকলক বিনামূলীয়াকৈ খাদ্য প্ৰদান কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু