--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছত অযোধ্যাত নিৰ্মাণ হ’ব সুবিশাল মছজিদ৷ ইতিমধ্যে মছজিদ নিৰ্মাণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে৷ 

২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছিল বহুচৰ্চিত ৰামলালাৰ৷ উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ত ৰাম মন্দিৰৰ গোচৰৰ অন্তিম শুনানিৰ সময়তেই ন্যায়ালয়ে মুছলমান সম্প্ৰদায়ৰ বাবে মছজিদ নিৰ্মাণৰো অনুমতি প্ৰদান কৰি ভূমি অবন্টন কৰিছিল। অযোধ্যাৰ পৰা ২৫ কিলোমিটাৰ নিলগৰ ধনীপুৰত মহম্মদ বিন আব্দুল্লা মছজিদ নিৰ্মাণৰ বাবে ভূমি আবণ্টন কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে। 

সম্প্ৰতি সেই স্থানত মছজিদ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে। ইয়াৰ মাজতেই পবিত্ৰ মক্কা আৰু মদিনাৰ পৰা মুম্বাইলৈ আহি পাইছে মছজিদ নিৰ্মাণত ব্যৱহাৰ কৰিবলগীয়া বিশেষ ইটা। বিশেষ এইবাবেই কাৰণ এই ইটাবোৰত সোণেৰে লিখা হৈছে কোৰাণৰ আয়াত। যোৱা সপ্তাহতেই মুম্বাইলৈ অনা হৈছে এই ইটাবোৰ। 

যিবোৰ ইটা ক’লা মাটিৰে প্ৰস্তুত কৰি উলিওৱা হৈছে। য‘ত মছজিদৰ নাম লিখা আছে। মুম্বাইৰ এটা ইটা ভাটাত পোৰা হ’ব এই ইটাসমূহ আৰু পৰৱৰ্তী সময়ত অযোধ্যাৰ মছজিদ নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা হ’ব।

এই মছজিদটোত থাকিব গেৰুৱা ৰঙৰ কোৰাণ৷ তদুপৰি একেলগে ৯০০০ লোকে পঢ়িব পাৰিব এই কোৰাণখন৷

মছজিদটোৰ উন্নয়ন সমিতিৰ অধ্যক্ষ হাজী আৰাফাত শ্বেখে কয় যে এই মছজিদত বিশ্বৰ সৰ্ববৃহৎ কোৰাণখন থাকিব, যিখন কোৰাণ ২১ ফুট উচ্চতাৰ আৰু ৩৬ ফুট বহল হ’ব৷

আৰফাত শ্বেখে আৰু দাবী কৰে যে মহম্মদ বিন আব্দুল্লা মছজিদৰ সৌন্দৰ্যই আনকি তাজমহলকো চেৰ পেলাব। এই মছজিদত পুৰুষ-মহিলাকে ধৰি ৯০০০ ভক্তিপ্ৰাণে একেলগে নামাজ আগবঢ়াব পাৰিব। মহম্মদ বিন আব্দুল্লা মছজিদত চিকিৎসাৰ পৰা শিক্ষালৈকে বহু সুবিধা উপলব্ধ হ’ব। ইয়াৰ লগতে নিৰামিষ পাকঘৰো থাকিব, য’ত অতিথিসকলক বিনামূলীয়াকৈ খাদ্য প্ৰদান কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক