--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰেণ্ডৰ নামটোৱেই হৈছে ‘ফ্ৰাইড চিকেন’। তেওঁলোকে বিক্ৰী কৰা খাদ্যত কুকুৰা থাকিবই লাগিব! কিন্তু এইবাৰ আমেৰিকান ব্ৰেণ্ডটোৱে তেওঁলোকৰ নাম সলনি কৰাৰ লগতে তেওঁলোকৰ খাদ্যও সলনি কৰিব লাগিব। শেহতীয়াকৈ উত্তৰ প্ৰদেশ চৰকাৰে তেওঁলোকক এটা চৰ্ত দিছে যে অযোধ্যাত মন্দিৰৰ পৰা এক কিলোমিটাৰ ভিতৰত ৰেষ্টুৰেণ্ট খুলিলে নিৰামিষ সাত্ত্বিক খাদ্যহে বিক্ৰী কৰিব পাৰিব!

ভজা কুকুৰাৰ মাংস বিক্ৰেতা হিচাপে সেই জনপ্ৰিয় আমেৰিকান ব্ৰেণ্ডটো সমগ্ৰ বিশ্বই জানে- কে এফ চি। কেণ্টাকী ফ্ৰাইড চিকেন।

ৰাম মন্দিৰৰ আশে-পাশে নিৰ্মাণ কৰা পঞ্চ কোশী মাৰ্গত আন এটা বিদেশী ব্ৰেণ্ডৰ পিজ্জাৰ বিক্ৰী অবাধে চলিছে। কিন্তু সেই পিজ্জাটোত পিয়াঁজ, নহৰু আৰু মাংসৰ টুকুৰাৰ দৰে কোনো আমিষজাতীয় উপাদান নাই। পিজ্জা প্ৰেমীৰ বাবে সেয়া অৱশ্যে কোনো সমস্যা নহয়। কাৰণ পিজ্জাত অনিৰামিষ উপাদান বাধ্যতামূলক নহয়। বৰঞ্চ পিজ্জা প্ৰথমে নিৰামিষ উপাদানৰে তৈয়াৰ কৰা হৈছিল।

অযোধ্যাত সেই পিজ্জাৰ সফলতা প্ৰত্যক্ষ কৰাৰ পিছত যোগী আদিত্যনাথৰ চৰকাৰৰ এজন বিষয়াই ইংগিত দিছে যে তেওঁলোকে হয়তো অযোধ্যাৰ মন্দিৰৰ গাতে লাগি থকা পথত আন বিদেশী ব্ৰেণ্ডক ৰেষ্টুৰেণ্ট খুলিবলৈ অনুমতি দিব পাৰে। কিন্তু সেই এটা চৰ্ততে। নিৰামিষ খাদ্য বিক্ৰী কৰিব লাগিব।

কিছুদিন পূৰ্বে এই আমেৰিকান ব্ৰেণ্ডে অযোধ্যাৰ পৰা লক্ষ্ণৌলৈ যোৱা পথত নিজাকৈ ৰেষ্টুৰেণ্ট খুলিছিল। সেই প্ৰেক্ষাপটত উত্তৰ প্ৰদেশ চৰকাৰী বিষয়া বিশাল সিঙে কয়, "অযোধ্যাৰ মন্দিৰৰ গাতে লাগি থকা পঞ্চ কোশী মাৰ্গত এখন ৰেষ্টুৰেণ্ট খুলিবলৈ আমি বহু প্ৰস্তাৱ পাইছো। সেই সকলোবোৰ প্ৰস্তাৱক আমি মুকলি আকাশৰ তলত আদৰণি জনাইছো। যদি তেওঁলোকে প্ৰত্যেকেই নিৰামিষ খাদ্য যোগান ধৰে। কাৰণ ৰাম মন্দিৰৰ সেই চৌহদটোৱেই হৈছে ৰামায়ণৰ পবিত্ৰ ভূমি। তাত মাংস বা সুৰাও বিক্ৰী কৰিব নোৱাৰি।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক