--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰেণ্ডৰ নামটোৱেই হৈছে ‘ফ্ৰাইড চিকেন’। তেওঁলোকে বিক্ৰী কৰা খাদ্যত কুকুৰা থাকিবই লাগিব! কিন্তু এইবাৰ আমেৰিকান ব্ৰেণ্ডটোৱে তেওঁলোকৰ নাম সলনি কৰাৰ লগতে তেওঁলোকৰ খাদ্যও সলনি কৰিব লাগিব। শেহতীয়াকৈ উত্তৰ প্ৰদেশ চৰকাৰে তেওঁলোকক এটা চৰ্ত দিছে যে অযোধ্যাত মন্দিৰৰ পৰা এক কিলোমিটাৰ ভিতৰত ৰেষ্টুৰেণ্ট খুলিলে নিৰামিষ সাত্ত্বিক খাদ্যহে বিক্ৰী কৰিব পাৰিব!

ভজা কুকুৰাৰ মাংস বিক্ৰেতা হিচাপে সেই জনপ্ৰিয় আমেৰিকান ব্ৰেণ্ডটো সমগ্ৰ বিশ্বই জানে- কে এফ চি। কেণ্টাকী ফ্ৰাইড চিকেন।

ৰাম মন্দিৰৰ আশে-পাশে নিৰ্মাণ কৰা পঞ্চ কোশী মাৰ্গত আন এটা বিদেশী ব্ৰেণ্ডৰ পিজ্জাৰ বিক্ৰী অবাধে চলিছে। কিন্তু সেই পিজ্জাটোত পিয়াঁজ, নহৰু আৰু মাংসৰ টুকুৰাৰ দৰে কোনো আমিষজাতীয় উপাদান নাই। পিজ্জা প্ৰেমীৰ বাবে সেয়া অৱশ্যে কোনো সমস্যা নহয়। কাৰণ পিজ্জাত অনিৰামিষ উপাদান বাধ্যতামূলক নহয়। বৰঞ্চ পিজ্জা প্ৰথমে নিৰামিষ উপাদানৰে তৈয়াৰ কৰা হৈছিল।

অযোধ্যাত সেই পিজ্জাৰ সফলতা প্ৰত্যক্ষ কৰাৰ পিছত যোগী আদিত্যনাথৰ চৰকাৰৰ এজন বিষয়াই ইংগিত দিছে যে তেওঁলোকে হয়তো অযোধ্যাৰ মন্দিৰৰ গাতে লাগি থকা পথত আন বিদেশী ব্ৰেণ্ডক ৰেষ্টুৰেণ্ট খুলিবলৈ অনুমতি দিব পাৰে। কিন্তু সেই এটা চৰ্ততে। নিৰামিষ খাদ্য বিক্ৰী কৰিব লাগিব।

কিছুদিন পূৰ্বে এই আমেৰিকান ব্ৰেণ্ডে অযোধ্যাৰ পৰা লক্ষ্ণৌলৈ যোৱা পথত নিজাকৈ ৰেষ্টুৰেণ্ট খুলিছিল। সেই প্ৰেক্ষাপটত উত্তৰ প্ৰদেশ চৰকাৰী বিষয়া বিশাল সিঙে কয়, "অযোধ্যাৰ মন্দিৰৰ গাতে লাগি থকা পঞ্চ কোশী মাৰ্গত এখন ৰেষ্টুৰেণ্ট খুলিবলৈ আমি বহু প্ৰস্তাৱ পাইছো। সেই সকলোবোৰ প্ৰস্তাৱক আমি মুকলি আকাশৰ তলত আদৰণি জনাইছো। যদি তেওঁলোকে প্ৰত্যেকেই নিৰামিষ খাদ্য যোগান ধৰে। কাৰণ ৰাম মন্দিৰৰ সেই চৌহদটোৱেই হৈছে ৰামায়ণৰ পবিত্ৰ ভূমি। তাত মাংস বা সুৰাও বিক্ৰী কৰিব নোৱাৰি।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু