--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত এগৰাকী যুৱতীৰ সৈতে হোৱা বৰ্বৰতাৰ ঘটনা পোহৰলৈ আহিছে। আৰক্ষীয়ে জনোৱা মতে, প্ৰেমিকৰ সৈতে সন্ধিয়া খোজ কাঢ়িবলৈ ওলাই গৈছিল যুৱতীগৰাকী। এই সময়তে দুজন লোকে তেওঁক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

২২ আৰু ২৫ বছৰীয়া দুজন অভিযুক্তই প্ৰথমে ভুক্তভোগীৰ প্ৰেমিকক গছত বান্ধি তাৰ পিছত এই নৃশংস কাৰ্য সংঘটিত কৰে। দুয়োজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি স্থানীয় আদালতত হাজিৰ কৰা হয়। ২৭ মাৰ্চলৈকে দুয়োকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। দুয়োজন অভিযুক্ত মুম্বাইৰ উপকণ্ঠ অঞ্চল বিৰাৰৰ চাইনাথ নগৰ অঞ্চলৰ বাসিন্দা। আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ গোচৰ ৰুজু কৰিছে।

আৰক্ষীয়ে জনোৱা মতে, যুৱতীগৰাকী আৰু প্ৰেমিকজনে ওচৰৰ পাহাৰ এটাত খোজ কাঢ়িবলৈ গৈছিল। এই সময়ত দুই অভিযুক্ত যুৱকে তেওঁলোকক দেখি ভাবুকি দিয়ে। পিছত অভিযুক্ত আৰু যুৱকজনৰ মাজত তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়। ইয়াৰ পিছত দুয়ো অভিযুক্তই যুৱকজনক উলংগ কৰি এজোপা গছত বান্ধি ছোৱালীজনীক টানি নি নিৰ্জন স্থানলৈ লৈ গৈ ধৰ্ষণ কৰে।

আৰক্ষীৰ মতে, অভিযুক্তই ভুক্তভোগীৰ পাৰ্চটোও জ্বলাই দিয়ে। ছোৱালীজনীয়ে কেনেবাকৈ অভিযুক্তৰ কবলৰ পৰা পলায়ন কৰি ঘৰত উপস্থিত হয় যদিও যুৱকজন ঘণ্টাৰ পাছত ঘণ্টা ধৰি তেনেকৈয়ে গছত বান্ধি থোৱা অৱস্থাত থাকে। পাছত আৰক্ষীয়ে যুৱকজনক উদ্ধাৰ কৰে। ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ