--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত এগৰাকী যুৱতীৰ সৈতে হোৱা বৰ্বৰতাৰ ঘটনা পোহৰলৈ আহিছে। আৰক্ষীয়ে জনোৱা মতে, প্ৰেমিকৰ সৈতে সন্ধিয়া খোজ কাঢ়িবলৈ ওলাই গৈছিল যুৱতীগৰাকী। এই সময়তে দুজন লোকে তেওঁক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

২২ আৰু ২৫ বছৰীয়া দুজন অভিযুক্তই প্ৰথমে ভুক্তভোগীৰ প্ৰেমিকক গছত বান্ধি তাৰ পিছত এই নৃশংস কাৰ্য সংঘটিত কৰে। দুয়োজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি স্থানীয় আদালতত হাজিৰ কৰা হয়। ২৭ মাৰ্চলৈকে দুয়োকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। দুয়োজন অভিযুক্ত মুম্বাইৰ উপকণ্ঠ অঞ্চল বিৰাৰৰ চাইনাথ নগৰ অঞ্চলৰ বাসিন্দা। আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ গোচৰ ৰুজু কৰিছে।

আৰক্ষীয়ে জনোৱা মতে, যুৱতীগৰাকী আৰু প্ৰেমিকজনে ওচৰৰ পাহাৰ এটাত খোজ কাঢ়িবলৈ গৈছিল। এই সময়ত দুই অভিযুক্ত যুৱকে তেওঁলোকক দেখি ভাবুকি দিয়ে। পিছত অভিযুক্ত আৰু যুৱকজনৰ মাজত তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়। ইয়াৰ পিছত দুয়ো অভিযুক্তই যুৱকজনক উলংগ কৰি এজোপা গছত বান্ধি ছোৱালীজনীক টানি নি নিৰ্জন স্থানলৈ লৈ গৈ ধৰ্ষণ কৰে।

আৰক্ষীৰ মতে, অভিযুক্তই ভুক্তভোগীৰ পাৰ্চটোও জ্বলাই দিয়ে। ছোৱালীজনীয়ে কেনেবাকৈ অভিযুক্তৰ কবলৰ পৰা পলায়ন কৰি ঘৰত উপস্থিত হয় যদিও যুৱকজন ঘণ্টাৰ পাছত ঘণ্টা ধৰি তেনেকৈয়ে গছত বান্ধি থোৱা অৱস্থাত থাকে। পাছত আৰক্ষীয়ে যুৱকজনক উদ্ধাৰ কৰে। ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ