--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:মাতৃৰ প্ৰেমৰ কথা কোনেনো নাজানে। বিশ্বাস কৰা হয় যে শিশুৰ বাবে মাকতকৈ ডাঙৰ ৰক্ষক থাকিব নোৱাৰে। অৱশ্যে ঝাৰখণ্ডৰ পৰা এনে এটা গোচৰ পোহৰলৈ আহিছে, যিয়ে মাতৃৰ প্ৰেমক লজ্জিত কৰিছে। ঝাৰখণ্ডৰ চাত্ৰাত জন্মৰ কিছু সময়ৰ পিছতে মাতৃয়ে এটি ল’ৰা সন্তান বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে।

আৰক্ষীয়ে জনোৱা মতে, এই গোচৰত নৱজাতকৰ মাতৃ আশা দেৱীকে ধৰি ১১জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। মহকুমা আৰক্ষী বিষয়া অবিনাশ কুমাৰে জানিবলৈ দিয়া মতে, চাত্ৰাৰ উপ আয়ুক্ত আবু ইমৰানে ঘটনা সন্দৰ্ভত তথ্য লাভ কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে কাৰ্যত লিপ্ত হয় আৰু ২৪ ঘণ্টাৰ ভিতৰতে বোকাৰো জিলাৰ পৰা নৱজাতকটিক উদ্ধাৰ কৰে।

সংবাদমেল সম্বোধন কৰি অবিনাশ কুমাৰে কালি কয় যে আৰক্ষীয়ে আশা দেৱীৰ পৰা এক লাখ টকা জব্দ কৰিছে। ইয়াৰ পাছতে এই গোচৰৰ সৈতে জড়িত ডিম্পল দেৱী‌ নামৰ আন এগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰা হয় বুলিও তেওঁ লগতে কয়। তেওঁ জনোৱা মতে, ধৃত দুয়োগৰাকী মহিলাৰ স্বীকাৰোক্তিৰ পাছত অভিযুক্তৰ তালাচী চলোৱা হয় আৰু এই ক্ৰমত বোকাৰো জিলাৰ পৰা নৱজাতকটো উদ্ধাৰ কৰা হয়।

মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে কয় যে হাজৰিবাগ জিলাৰ বৰকাগাঁৱৰ দম্পতীয়ে নৱজাতকৰ চুক্তি ৪.৫ লাখ টকাত কৰিছিল। বিষয়াগৰাকীৰ মতে, নৱজাতকৰ মাতৃক ১ লাখ টকা দিয়াৰ বিপৰীতে বাকী ৩.৫ লাখ টকা মধ্যভোগীয়ে ৰাখিছে। সদৰ চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ মনীষ লালৰ বক্তব্যত চাত্ৰা থানাত ৰুজু হৈছে এক গোচৰ।







FOLLOW US F
POPULAR
FEATURE
TRENDY
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ