--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:মাতৃৰ প্ৰেমৰ কথা কোনেনো নাজানে। বিশ্বাস কৰা হয় যে শিশুৰ বাবে মাকতকৈ ডাঙৰ ৰক্ষক থাকিব নোৱাৰে। অৱশ্যে ঝাৰখণ্ডৰ পৰা এনে এটা গোচৰ পোহৰলৈ আহিছে, যিয়ে মাতৃৰ প্ৰেমক লজ্জিত কৰিছে। ঝাৰখণ্ডৰ চাত্ৰাত জন্মৰ কিছু সময়ৰ পিছতে মাতৃয়ে এটি ল’ৰা সন্তান বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে।

আৰক্ষীয়ে জনোৱা মতে, এই গোচৰত নৱজাতকৰ মাতৃ আশা দেৱীকে ধৰি ১১জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। মহকুমা আৰক্ষী বিষয়া অবিনাশ কুমাৰে জানিবলৈ দিয়া মতে, চাত্ৰাৰ উপ আয়ুক্ত আবু ইমৰানে ঘটনা সন্দৰ্ভত তথ্য লাভ কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে কাৰ্যত লিপ্ত হয় আৰু ২৪ ঘণ্টাৰ ভিতৰতে বোকাৰো জিলাৰ পৰা নৱজাতকটিক উদ্ধাৰ কৰে।

সংবাদমেল সম্বোধন কৰি অবিনাশ কুমাৰে কালি কয় যে আৰক্ষীয়ে আশা দেৱীৰ পৰা এক লাখ টকা জব্দ কৰিছে। ইয়াৰ পাছতে এই গোচৰৰ সৈতে জড়িত ডিম্পল দেৱী‌ নামৰ আন এগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰা হয় বুলিও তেওঁ লগতে কয়। তেওঁ জনোৱা মতে, ধৃত দুয়োগৰাকী মহিলাৰ স্বীকাৰোক্তিৰ পাছত অভিযুক্তৰ তালাচী চলোৱা হয় আৰু এই ক্ৰমত বোকাৰো জিলাৰ পৰা নৱজাতকটো উদ্ধাৰ কৰা হয়।

মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে কয় যে হাজৰিবাগ জিলাৰ বৰকাগাঁৱৰ দম্পতীয়ে নৱজাতকৰ চুক্তি ৪.৫ লাখ টকাত কৰিছিল। বিষয়াগৰাকীৰ মতে, নৱজাতকৰ মাতৃক ১ লাখ টকা দিয়াৰ বিপৰীতে বাকী ৩.৫ লাখ টকা মধ্যভোগীয়ে ৰাখিছে। সদৰ চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ মনীষ লালৰ বক্তব্যত চাত্ৰা থানাত ৰুজু হৈছে এক গোচৰ।







FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ