--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলিউডৰ আগশাৰীৰ অভিনেত্ৰীসকলৰ পাৰিতোষিকৰ কথা আলোচনালৈ মাজে মাজে আহে। আন এগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে এইবাৰ পাৰিশ্ৰমিকৰ ক্ষেত্ৰত আলিয়া ভাট আৰু কংগনা ৰানাউটক চেৰ পেলাইছে।

শেহতীয়াকৈ এটা সংস্থাৰ এক অধ্যয়ন পোহৰলৈ আহিছে। প্ৰতিখন ছবিৰ দৰমহাৰ ওপৰত ভিত্তি কৰি বলীউডৰ অভিনেত্ৰীসকলৰ তালিকা প্ৰস্তুত কৰা হৈছে। সেই ১০জন লোকৰ তালিকাত দ্বিতীয় স্থানত আছে অভিনেত্ৰী সাংসদ কংগনা। সূত্ৰ অনুসৰি তেওঁ প্ৰতিখন ছবিৰ বাবে ১৫ৰ পৰা ২৭ কোটি টকা মাচুল লয়। এই তালিকাত তৃতীয় স্থানত আছে প্ৰিয়ংকা চোপ্ৰাৰ নাম। তেওঁৰ পাৰিশ্ৰমিক প্ৰতিখন ছবিৰ ভিতৰত ১৫ৰ পৰা ২৫ কোটি টকাৰ ভিতৰত। কিন্তু তালিকাৰ শীৰ্ষত আছে দীপিকা পাডুকন। সূত্ৰৰ মতে তেওঁ প্ৰতিখন ছবিৰ বাবে ১৫ৰ পৰা ৩০ কোটি মাচুল লয়।

তালিকাত ক্ৰমে চতুৰ্থ আৰু পঞ্চম স্থান দখল কৰিছে কেটৰিনা কাইফ আৰু আলিয়া ভাটে। ‘টাইগাৰ ৩’ৰ অভিনেত্ৰী কেটৰিনাই এতিয়া দাবী কৰিছে এখন ছবিৰ বাবে ১৫ৰ পৰা ২৫ কোটি মাচুল। আনহাতে আলিয়াই প্ৰতিখন ছবিত ১০ৰ পৰা ২০ কোটি টকা লয়।

এই তালিকাৰ পিছতে আছে কৰীনা কাপুৰ খান, শ্ৰদ্ধা কাপুৰ, বিদ্যা বালান, অনুষ্কা শৰ্মা আৰু ঐশ্বৰ্য ৰায় বচ্চন। সূত্ৰই দাবী কৰিছে যে কৰীনা, শ্ৰদ্ধা আৰু বিদ্যাৰ পাৰিতোষিক ৮ কোটিৰ পৰা ১৮ কোটি টকাৰ ভিতৰত। আনহাতে অনুষ্কা আৰু ঐশ্বৰ্যৰ দৰমহা ৮ৰ পৰা ১৪ কোটি টকাৰ ভিতৰত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ