--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনক লৈ ইতিমধ্যে দেশৰ ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে ব্যাপক তৎপৰতা। বিৰোধী ইণ্ডিয়া মৰ্চাই বিজেপিক ৰুধিবৰ বাবে সহযোগী দলৰে আসন ভাগ–বটোৱাৰাক লৈ অব্যাহত ৰাখিছে আলোচনা। তাৰ বিপৰীতে পুনৰ দিল্লী দখলৰ বাবে নতুন ‘উইনিং ফৰ্মূলা’ প্ৰস্তুত কৰি উলিয়াইছে বিজেপিয়ে। সেই অনুযায়ী লোকসভাৰ ১৬০খন আসনৰ ওপৰত বিজেপিয়ে কেন্দ্ৰীভূত কৰিছে নিজৰ শক্তি। 

দৰাচলতে বিজেপিৰ নতুন ৰণনীতি অনুসৰি ২০১৯ৰ লোকসভা নিৰ্বাচনত পৰাজিত হোৱা আসনত তীক্ষ্ণ নজৰ ৰাখিছে বিজেপিয়ে। ২০১৯ বৰ্ষত ১৬০খন আসনত পৰাজিত হৈছিল গেৰুৱা দলটো। যাৰ বাবে পৰাজিত ১৬০খন আসনক টাৰ্গেট কৰি লৈছে শাসকীয় দলটোৱে। 

ইতিমধ্যে ১৬০খন আসন থকা অঞ্চলক বিজেপিয়ে দুৰ্বল অঞ্চলৰূপে চিহ্নিত কৰি এই স্থানত চলাইছিল ব্যাপক প্ৰচাৰ অভিযানৰ লগতে জনসম্পৰ্ক কাৰ্যসূচী। বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰে এইসমূহ অপেক্ষাকৃতভাৱে দুৰ্বল আসনত। নতুন ৰণনীতি অনুসৰি এই ১৬০খন আসনৰ কিছুসংখ্যক আসনত যিকোনো পৰিস্থিতিতে বিজয় সাব্যস্ত কৰিবৰ বাবে বদ্ধপৰিকৰ হৈ পৰিছে বিজেপি। 

আনহাতে, নতুন ৰণনীতি অনুসৰি পশ্চিমবংগ, মহাৰাষ্ট্র, উত্তৰ প্ৰদেশ আৰু তামিলনাডুত বিশেষ দৃষ্টি ৰাখিছে গেৰুৱা দলটোৱে। ২০১৯ৰ নিৰ্বাচনত এইকেইখন ৰাজ্যত পৰাজিত হোৱা আসনসমূহত বিশেষভাৱে প্ৰস্তুতি চলাইছে বিজেপিয়ে। উত্তৰ প্ৰদেশত ২০১৯ত ৬২খন আসনত জয়লাভ কৰিছিল বিজেপিয়ে।

একেদৰে পশ্চিমবংগৰ বহুকেইখন আসনত খুব কম ভোটৰ ব্যৱধানত পৰাজিত হৈছিল বিজেপি প্ৰাৰ্থী। শেহতীয়া খবৰ অনুসৰি বিজেপিয়ে ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে ১০০জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা। ২৯ ফেব্ৰুৱাৰীত ঘোষিত হ’ব পাৰে বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা। 

আনহাতে, এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে প্ৰয়োগ কৰিব বিধানসভা নিৰ্বাচনৰ দৰে ৰণনীতি। বিধানসভা নিৰ্বাচনত দুৰ্বল আসনসমূহৰ বাবে বহু পূৰ্বেই প্ৰাৰ্থী তালিকা ঘোষণা কৰিছিল গেৰুৱা দলটোৱে। একে ৰণনীতিয়েই গ্ৰহণ কৰা হ’ব ২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকাৰ ক্ষেত্ৰতো। গেৰুৱা দলটোৰ নতুন ৰণনীতি মতে বিধানসভা নিৰ্বাচনৰ দৰেই দলৰ শীৰ্ষ নেতাক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰা হ’ব অপেক্ষাকৃতভাৱে দুৰ্বল আসনসমূহৰ ক্ষেত্ৰত।

ইতিমধ্যে ’২৪ৰ নিৰ্বাচনত ৩৭০ আসন দখলৰ হুংকাৰ দিছে বিজেপিয়ে। যাৰ বাবে নতুন ৰূপত গঢ়ি তোলা ৰণনীতিয়ে বিজেপিক কিমান লাভান্বিত কৰিব সেয়া সময়ত হৈ পৰিব লক্ষণীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক