--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ভাৰত জোড়ো ন্যায় যাত্ৰাই দেওবাৰে পালে নতুন মাত্ৰা৷ বিজেপিৰ বাবে সংশয়-দুৰ্ভাবনা কঢ়িয়াই ভাৰত জোড়ো ন্যায় যাত্ৰাত চামিল হ’ল সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ৷ কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীয়ে উত্তৰ প্ৰদেশৰ বাবে আসন ভাগ-বটোৱাৰা আলোচনাৰ ক্ষেত্ৰত এক বুজাবুজিত উপনীত হোৱাৰ কেইদিনমান পাছতেই আজিৰ অখিলেশ-ৰাহুলৰ সহযাত্ৰা বিশেষভাৱে তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে৷

বিগত কেইবাদিনো ধৰি অখিলেশ যাদৱে এই যাত্ৰাত যোগদান কৰিবলৈ অস্বীকাৰ কৰি ঘোষণা কৰিছিল যে কংগ্ৰেছৰ সৈতে আসন ভাগ-বটোৱাৰা চূড়ান্ত হোৱাৰ পাছতহে তেওঁ অংশগ্ৰহণ কৰিব। দেওবাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে সমাজবাদী পাৰ্টিৰ মুৰব্বীগৰাকীক যাত্ৰালৈ আদৰণি জনাই আজিৰ দিনটোক অতি সুখৰ দিন বুলি অভিহিত কৰে৷

ৰাহুল গান্ধী আৰু অখিলেশ যাদৱে এক ঐক্যবদ্ধ মিছিলৰ নেতৃত্ব দিবলৈ হাতে-হাত মিলাই আগ্ৰাত সমবেত হোৱা জনতাক সম্বোধন কৰিছিল। অখিলেশ যাদৱে কয়, অনাগত দিনত আটাইতকৈ বৃহৎ প্ৰত্যাহ্বান হৈছে গণতন্ত্ৰ আৰু সংবিধানক বচাবলৈ ড° বি আৰ আম্বেদকাৰৰ সপোন পূৰণ কৰা, যিটো বিজেপিয়ে ধ্বংস কৰিছে৷ আজি কেৱল এটা বাৰ্তা দিব লাগিব- বিজেপি হাটাও, দেশকো বচাও, সংকট মিতাও৷ তেওঁ লগতে কয় যে তেওঁ আশাবাদী যে অনাগত দিনত বিজেপি নেতৃত্বাধীন এনডিএক পৰাস্ত কৰিবলৈ ইণ্ডিয়া ব্লক আৰু পিডিএ-ই কাম কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক