--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বিদেশৰ পৰা উভতি আহি প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে  বিৰোধীপক্ষক আক্ৰমণৰ লক্ষ্য হিচাবে বাছি লয়। মোদীয়ে বিৰোধীক  "পৰাজিত, ভাগৰুৱা, আশাহীন " আদি বিশেষণেৰে সমালোচনা কৰে। মোদীয়ে বিৰোধীক সমালোচনা কৰিবলৈ গৈ  "ইণ্ডিয়ান মুজাহিদীন" আৰু "পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া"ৰ প্ৰসংগও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে  বিৰোধী মিত্ৰজোঁটৰ   নতুন নাম   "ইণ্ডিয়া"কো  উপহাস কৰে।মোদীয়ে কয় " মই কেতিয়াও এনে দিশহীন বিৰোধী দেখা নাই," ।

 বিজেপি নেতা ৰবি শংকৰ প্ৰসাদে বিজেপি সংসদীয় দলৰ সাপ্তাহিক বৈঠকত প্ৰধানমন্ত্ৰীৰ উদ্ধৃতি দি এনেদৰে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা সপ্তাহত বাংগালুৰুত ২৬ টা বিৰোধী দলৰ এখন বৈঠকত ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ৰণনীতি যুগুতাবলৈ  অনুষ্ঠিত কৰা বৈঠক আৰু বৈঠকত বিৰোধী মিত্ৰজোঁটৰ নাম ইণ্ডিয়া ৰখাৰ প্ৰসংগতো মন্তব্য কৰে বুলি প্ৰসাদে কয়।  মোদীয়ে কয় " তেওঁলোকে ইণ্ডিয়া  নামটোকলৈ  নিজকে প্ৰশংসা কৰি আছে। ইণ্ডিয়ান নেছনেল   কংগ্ৰেছ।ইষ্ট ইণ্ডিয়া কোম্পানী। ইণ্ডিয়ান মুজাহিদীন। ইণ্ডিয়ান পপুলাৰ ফ্ৰণ্ট - এইবোৰতো ইণ্ডিয়া আছে। সেয়ে কেৱল ইণ্ডিয়া নামটো ব্যৱহাৰ কৰাৰ অৰ্থ একো নাই," ।

মোদীয়ে লগতে কয় যে  কেৱল দেশৰ নাম ব্যৱহাৰ কৰিয়েই  মানুহক বিপথে পৰিচালিত কৰিব নোৱাৰি। মণিপুৰ সংকটক লৈ সংসদত অচলাৱস্থা আৰু দুগৰাকী মহিলাৰ ভাইৰেল ভিডিঅ'ৰ দৰে বিষয়ত প্ৰধানমন্ত্ৰী মোদীৰ বিবৃতিৰ দাবীত বিৰোধীৰ অটল হৈ থকাৰ সময়তে মোদীয়ে বিৰোধীক লক্ষ্য কৰি  তীক্ষ্ণ মন্তব্য কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে বিৰোধীপক্ষক "পৰাজিত, ভাগৰুৱা,  আশাহীন" বুলিও অভিহিত কৰে৷   

উল্লেখ্য মণিপুৰৰ  ভিডিঅ' প্ৰকাশ হোৱাৰ এদিন পিছতে যোৱা বৃহস্পতিবাৰৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হৈছে। বিৰোধীয়ে মমইপুৰৰ প্ৰসংগকলৈ সংসদৰ উভয় সদন উত্তাল কৰি ৰাখিছে।  ফলত বহুবাৰ সদন  স্থগিত ৰখা হৈছে। বিৰোধীয়ে মণিপুৰৰ বিষয়ত সংসদৰ দুয়োখন সদনতে প্ৰধানমন্ত্ৰীয়ে  বিবৃতি দিব লাগিব বুলি দাবী জনাই আহিছে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু