--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বিদেশৰ পৰা উভতি আহি প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে  বিৰোধীপক্ষক আক্ৰমণৰ লক্ষ্য হিচাবে বাছি লয়। মোদীয়ে বিৰোধীক  "পৰাজিত, ভাগৰুৱা, আশাহীন " আদি বিশেষণেৰে সমালোচনা কৰে। মোদীয়ে বিৰোধীক সমালোচনা কৰিবলৈ গৈ  "ইণ্ডিয়ান মুজাহিদীন" আৰু "পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া"ৰ প্ৰসংগও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে  বিৰোধী মিত্ৰজোঁটৰ   নতুন নাম   "ইণ্ডিয়া"কো  উপহাস কৰে।মোদীয়ে কয় " মই কেতিয়াও এনে দিশহীন বিৰোধী দেখা নাই," ।

 বিজেপি নেতা ৰবি শংকৰ প্ৰসাদে বিজেপি সংসদীয় দলৰ সাপ্তাহিক বৈঠকত প্ৰধানমন্ত্ৰীৰ উদ্ধৃতি দি এনেদৰে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা সপ্তাহত বাংগালুৰুত ২৬ টা বিৰোধী দলৰ এখন বৈঠকত ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ৰণনীতি যুগুতাবলৈ  অনুষ্ঠিত কৰা বৈঠক আৰু বৈঠকত বিৰোধী মিত্ৰজোঁটৰ নাম ইণ্ডিয়া ৰখাৰ প্ৰসংগতো মন্তব্য কৰে বুলি প্ৰসাদে কয়।  মোদীয়ে কয় " তেওঁলোকে ইণ্ডিয়া  নামটোকলৈ  নিজকে প্ৰশংসা কৰি আছে। ইণ্ডিয়ান নেছনেল   কংগ্ৰেছ।ইষ্ট ইণ্ডিয়া কোম্পানী। ইণ্ডিয়ান মুজাহিদীন। ইণ্ডিয়ান পপুলাৰ ফ্ৰণ্ট - এইবোৰতো ইণ্ডিয়া আছে। সেয়ে কেৱল ইণ্ডিয়া নামটো ব্যৱহাৰ কৰাৰ অৰ্থ একো নাই," ।

মোদীয়ে লগতে কয় যে  কেৱল দেশৰ নাম ব্যৱহাৰ কৰিয়েই  মানুহক বিপথে পৰিচালিত কৰিব নোৱাৰি। মণিপুৰ সংকটক লৈ সংসদত অচলাৱস্থা আৰু দুগৰাকী মহিলাৰ ভাইৰেল ভিডিঅ'ৰ দৰে বিষয়ত প্ৰধানমন্ত্ৰী মোদীৰ বিবৃতিৰ দাবীত বিৰোধীৰ অটল হৈ থকাৰ সময়তে মোদীয়ে বিৰোধীক লক্ষ্য কৰি  তীক্ষ্ণ মন্তব্য কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে বিৰোধীপক্ষক "পৰাজিত, ভাগৰুৱা,  আশাহীন" বুলিও অভিহিত কৰে৷   

উল্লেখ্য মণিপুৰৰ  ভিডিঅ' প্ৰকাশ হোৱাৰ এদিন পিছতে যোৱা বৃহস্পতিবাৰৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হৈছে। বিৰোধীয়ে মমইপুৰৰ প্ৰসংগকলৈ সংসদৰ উভয় সদন উত্তাল কৰি ৰাখিছে।  ফলত বহুবাৰ সদন  স্থগিত ৰখা হৈছে। বিৰোধীয়ে মণিপুৰৰ বিষয়ত সংসদৰ দুয়োখন সদনতে প্ৰধানমন্ত্ৰীয়ে  বিবৃতি দিব লাগিব বুলি দাবী জনাই আহিছে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ