--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিটো সময়ত দেশৰ ন্যায় ব্যৱস্থাৰ প্ৰতি বহুতৰে মোহভংগ হোৱা বুলি চৰ্চা চলিছে সেই সময়তে পিছে দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুডকলৈ বহুতেই আশা পোষণ কৰি আহিছে। ডি ৱাই চন্দ্ৰচুড এক অন্যন্য ব্যক্তিত্ব হিচাবে বহুতৰে চকুত ধৰা দিছে।  ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুডে ৯ নৱেম্বৰ, ২০২২ তাৰিখে দেশৰ মুখ্য ন্যায়াধীশ হিচাবে দায়িত্ব গ্ৰহণ কৰিছিল। ২০০৭ চৱত চন্দ্ৰচুডৰ পৰা চিৰদিনৰ বাবে আঁতৰি গৈছিল তেওঁৰ প্তনী ৰশ্মি। কৰ্কট ৰোগত আক্ৰান্ত পত্নীৰ মৃত্যুৰ পিছত চন্দ্ৰচুডে কেইবছৰমান বিয়া নপতাকৈয়ে আছিল যদিও পিছত তেওঁ কল্পনা দাসক বিয়া পাতে। কেৱল সেয়াই নহয় চন্দ্ৰ চুডে দুগৰাকী বিশেষ ভাবে সক্ষম কন্যা মাহী আৰু প্ৰিয়ংকাক তোলনীয়া কন্যা হিচাবে গ্ৰহণ কৰি ডাঙৰ-দীঘল কৰি আহিছে।

 দুই তোলনীয়া কন্যাৰ প্ৰতিটো আব্দাৰ তেওঁ মানি আহিছে। বিশেষভাবে সক্ষম দুই তোলনীয়া কন্যাক চন্দ্ৰচুডে তেওঁৰ আদালতলৈ নি আদালতৰ কাম কেনেদৰে চলে সেয়াও দেখুৱাইছে। উল্লেখ্য অক্টোবৰৰ ১১ তাৰিখে, ন্যায়াধীশ চন্দ্ৰচূডক ভাৰতৰ মুখ্য ন্যায়াধীশ ইউ ইউ ললিতে ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছিল।  ন্যায়াধীশ চন্দ্ৰচূড দুবছৰৰ বাবে ভাৰতৰ মুখ্য ন্যায়াধীশ হৈ থাকিব। তেওঁ ১১ নৱেম্বৰ,২০২৪  তাৰিখে অৱসৰ ল'ব। 

ন্যায়াধীশ চন্দ্ৰচূডে  নতুন দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ত  আইন অধ্যয়ন কৰিছিল। তেওঁ ’ আমেৰিকাৰ হাৰ্ভাৰ্ড ল’ স্কুলৰ পৰা এলএলএম ডিগ্ৰী লাভ  কৰিছিল । তেওঁ  জুৰিডিকেল চাইন্সত ডক্টৰেট উপাধিও অৰ্জন কৰিছিল।

তেওঁ ১৯৯৮ চনৰ পৰা ভাৰতৰ অতিৰিক্ত ছলিচিটৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সেই বছৰৰ জুন মাহত তেওঁ বোম্বাই উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাবে কৰ্মৰত হৈছিল।  ২০০২ চনৰ ২৯ মাৰ্চত তেওঁ বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰে। ন্যায়াধীশ চন্দ্ৰচূডে ২০১৩ চনৰ ৩১ অক্টোবৰৰ পৰা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। তাৰ পিছত ২০১৬ চনত, তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হয়। ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূডে আনকি তেওঁৰ দেউতাকে দি থৈ যোৱা  ৰায়ো খাৰিজ কৰিছিল।

২০১৮ চনত ন্যায়াধীশ  চন্দ্ৰচূডে  তেওঁৰ পিতৃ আৰু ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৱাই.ভি. চন্দ্ৰচূডৰ ৰায় এটা বাতিল কৰাৰ নিৰ্দেশ দিছিল । তেওঁৰ দেউতাকে ৩৬ বছৰ আগতে ব্যভিচাৰৰ প্ৰসংগত এটা ৰায় দিছিল। ন্যায়াধীশ  চন্দ্ৰচূডে কৈছিল যে তেওঁৰ দেউতাকে দিয়া ৰায়টো সাংবিধানিকভাৱে শুদ্ধ নাছিল। সেই ৰায়দানৰ এবছৰ আগতে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূডে তেওঁৰ দেউতাকৰ আন এটা ৰায় বাতিল কৰিছিল।

আগষ্ট ২০১৭ত তেওঁ ৰায় দিছিল যে গোপনীয়তা এক মৌলিক অধিকাৰ। ৷ ন্যায়াধীশ চন্দ্ৰচূডে ৯ নৱেম্বৰত ভাৰতৰ মুখ্য ন্যায়াধীশৰূপে শপত গ্ৰহণ কৰিব৷ উল্লেখযোগ্য যে ন্যায়াধীশ চন্দ্ৰচূডৰ দেউতাক যশৱন্ত চন্দ্ৰচূড দেশৰ ষষ্ঠদশ মুখ্য ন্যায়াধীশ আছিল৷ ১৯৭৮ চনৰ ২২ ফেব্ৰুৱাৰীৰ পৰা ১৯৮৫ চনৰ ১১ জুলাইলৈকে তেওঁ চি জে আই হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ 






FOLLOW US F
POPULAR
FEATURE
TRENDY
গৰৈমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; এজন কিশোৰৰ মৃত্যু, এজনৰ অৱস্থা সংকটজনক
গোৱালপাৰাত দুর্লভ প্ৰজাতিৰ মাছ অৱিষ্কাৰ
বিজেপিৰে একত্ৰীকৰণ আপৰ পদত্যাগী ৭ সাংসদক
’২৫ চনত বিশ্বৰ সামৰিক ব্যয় ২.৯% বৃদ্ধি
শিক্ষা বিভাগৰ সমৱেশৰ ঠিকাত গুৰুতৰ অনিয়মৰ অভিযোগ,৭০% পলিয়েষ্টাৰৰ ইউনিফর্মে গৰমত দহিব কণ কণ শিক্ষার্থীক
ধনৰ অভাৱত বাতিল নিবিদা; ২৮ এপ্রিলত ১০০০ কোটিৰ ঋণ ল’ব অসম চৰকাৰে
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক