--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিটো সময়ত দেশৰ ন্যায় ব্যৱস্থাৰ প্ৰতি বহুতৰে মোহভংগ হোৱা বুলি চৰ্চা চলিছে সেই সময়তে পিছে দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুডকলৈ বহুতেই আশা পোষণ কৰি আহিছে। ডি ৱাই চন্দ্ৰচুড এক অন্যন্য ব্যক্তিত্ব হিচাবে বহুতৰে চকুত ধৰা দিছে।  ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুডে ৯ নৱেম্বৰ, ২০২২ তাৰিখে দেশৰ মুখ্য ন্যায়াধীশ হিচাবে দায়িত্ব গ্ৰহণ কৰিছিল। ২০০৭ চৱত চন্দ্ৰচুডৰ পৰা চিৰদিনৰ বাবে আঁতৰি গৈছিল তেওঁৰ প্তনী ৰশ্মি। কৰ্কট ৰোগত আক্ৰান্ত পত্নীৰ মৃত্যুৰ পিছত চন্দ্ৰচুডে কেইবছৰমান বিয়া নপতাকৈয়ে আছিল যদিও পিছত তেওঁ কল্পনা দাসক বিয়া পাতে। কেৱল সেয়াই নহয় চন্দ্ৰ চুডে দুগৰাকী বিশেষ ভাবে সক্ষম কন্যা মাহী আৰু প্ৰিয়ংকাক তোলনীয়া কন্যা হিচাবে গ্ৰহণ কৰি ডাঙৰ-দীঘল কৰি আহিছে।

 দুই তোলনীয়া কন্যাৰ প্ৰতিটো আব্দাৰ তেওঁ মানি আহিছে। বিশেষভাবে সক্ষম দুই তোলনীয়া কন্যাক চন্দ্ৰচুডে তেওঁৰ আদালতলৈ নি আদালতৰ কাম কেনেদৰে চলে সেয়াও দেখুৱাইছে। উল্লেখ্য অক্টোবৰৰ ১১ তাৰিখে, ন্যায়াধীশ চন্দ্ৰচূডক ভাৰতৰ মুখ্য ন্যায়াধীশ ইউ ইউ ললিতে ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছিল।  ন্যায়াধীশ চন্দ্ৰচূড দুবছৰৰ বাবে ভাৰতৰ মুখ্য ন্যায়াধীশ হৈ থাকিব। তেওঁ ১১ নৱেম্বৰ,২০২৪  তাৰিখে অৱসৰ ল'ব। 

ন্যায়াধীশ চন্দ্ৰচূডে  নতুন দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ত  আইন অধ্যয়ন কৰিছিল। তেওঁ ’ আমেৰিকাৰ হাৰ্ভাৰ্ড ল’ স্কুলৰ পৰা এলএলএম ডিগ্ৰী লাভ  কৰিছিল । তেওঁ  জুৰিডিকেল চাইন্সত ডক্টৰেট উপাধিও অৰ্জন কৰিছিল।

তেওঁ ১৯৯৮ চনৰ পৰা ভাৰতৰ অতিৰিক্ত ছলিচিটৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সেই বছৰৰ জুন মাহত তেওঁ বোম্বাই উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাবে কৰ্মৰত হৈছিল।  ২০০২ চনৰ ২৯ মাৰ্চত তেওঁ বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰে। ন্যায়াধীশ চন্দ্ৰচূডে ২০১৩ চনৰ ৩১ অক্টোবৰৰ পৰা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। তাৰ পিছত ২০১৬ চনত, তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হয়। ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূডে আনকি তেওঁৰ দেউতাকে দি থৈ যোৱা  ৰায়ো খাৰিজ কৰিছিল।

২০১৮ চনত ন্যায়াধীশ  চন্দ্ৰচূডে  তেওঁৰ পিতৃ আৰু ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৱাই.ভি. চন্দ্ৰচূডৰ ৰায় এটা বাতিল কৰাৰ নিৰ্দেশ দিছিল । তেওঁৰ দেউতাকে ৩৬ বছৰ আগতে ব্যভিচাৰৰ প্ৰসংগত এটা ৰায় দিছিল। ন্যায়াধীশ  চন্দ্ৰচূডে কৈছিল যে তেওঁৰ দেউতাকে দিয়া ৰায়টো সাংবিধানিকভাৱে শুদ্ধ নাছিল। সেই ৰায়দানৰ এবছৰ আগতে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূডে তেওঁৰ দেউতাকৰ আন এটা ৰায় বাতিল কৰিছিল।

আগষ্ট ২০১৭ত তেওঁ ৰায় দিছিল যে গোপনীয়তা এক মৌলিক অধিকাৰ। ৷ ন্যায়াধীশ চন্দ্ৰচূডে ৯ নৱেম্বৰত ভাৰতৰ মুখ্য ন্যায়াধীশৰূপে শপত গ্ৰহণ কৰিব৷ উল্লেখযোগ্য যে ন্যায়াধীশ চন্দ্ৰচূডৰ দেউতাক যশৱন্ত চন্দ্ৰচূড দেশৰ ষষ্ঠদশ মুখ্য ন্যায়াধীশ আছিল৷ ১৯৭৮ চনৰ ২২ ফেব্ৰুৱাৰীৰ পৰা ১৯৮৫ চনৰ ১১ জুলাইলৈকে তেওঁ চি জে আই হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ 






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু