--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আশাহত ফ্ৰান্স৷ বিশ্বকাপৰ ফাইনেলত আশা দেখিও আশাহত হ’বলগীয়া হ’ল দেশ খন৷ সেয়ে ক্ষোভত ফাটি পৰিছে দেশ খনৰফুটবল প্ৰেমীসকল। ফ্ৰান্ৰ যেন এতিয়া  খং উঠিছে! পৰাজয়ৰ পিছতে সেয়ে আৰম্ভ হৈছে  প্ৰতিবাদ।  ফুটবল অনুৰাগীসকলক শান্ত কৰিবলৈ   আৰক্ষীয়ে লাঠিচালনা কৰাৰ লগতে  কন্দুৱা গেছো ব্যৱহাৰ কৰিছে। আৰ্জেণ্টিনাৰ সৈতে যুঁজত ফৰাচীসকল পৰাজিত হৈছে। 

খেলখন টাইব্ৰেকাৰলৈ লৈ যোৱাৰ পিছতো তেওঁলোকে  জিকিব নোৱাৰিলে। অনুৰাগীসকলে এই পৰাজয় স্বীকাৰ কৰিব পৰা নাই। তেওঁলোকে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিছে।নিশাৰে পৰা উত্তপ্ত হৈ আছে ফ্ৰান্স। 

বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনাৰ হাতত পৰাজয়ৰ পিছত অনুৰাগীসকলে ফ্ৰান্সৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰে।
দেওবাৰে নিশা পেৰিছ আৰু ফ্ৰান্সৰ অন্যান্য চহৰততীব্ৰ প্ৰতিবাদে মূৰ দাঙি উঠে।   উত্তেজিত ফুটবল অনুৰাগীসকলে আনকি আৰক্ষীৰ সৈতেও সংঘৰ্ষত লিপ্ত হয়।  অশান্ত  ফ্ৰান্সৰ  ছবিও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। 

ফ্ৰান্স চৰকাৰে পেৰিছ বা আন কোনো চহৰত 'জায়ান্ট স্ক্ৰীণ' স্থাপনৰ অনুমতি দিয়া নাছিল। ফলস্বৰূপে, সকলোৱে এটা ঠাইত একত্ৰিত হৈ ডাঙৰ পৰ্দাত খেলখন চোৱাৰ সুবিধা পোৱা  নাছিল। দেওবাৰে চূড়ান্ত খেল খন চাবলৈ চহৰৰ বিভিন্ন প্ৰান্তৰ বাৰ বা ৰেষ্টুৰেণ্টত মানুহ সমবেত  হৈছিল। কিন্তু তেওঁলোক সপোন ভাঙি যোৱাত আশাহত হৈ পৰে সকলোৱে।আৰক্ষীয়ে ইতিমধ্যে কেইবাজনো প্ৰতিবাদকাৰী ফুটবল অনুৰাগীক গ্ৰেপ্তাৰ কৰিছে। বাতৰি যুগুত কৰা পৰলৈকে অশান্ত হৈয়েই আছে ফ্ৰান্স।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক