--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আশাহত ফ্ৰান্স৷ বিশ্বকাপৰ ফাইনেলত আশা দেখিও আশাহত হ’বলগীয়া হ’ল দেশ খন৷ সেয়ে ক্ষোভত ফাটি পৰিছে দেশ খনৰফুটবল প্ৰেমীসকল। ফ্ৰান্ৰ যেন এতিয়া  খং উঠিছে! পৰাজয়ৰ পিছতে সেয়ে আৰম্ভ হৈছে  প্ৰতিবাদ।  ফুটবল অনুৰাগীসকলক শান্ত কৰিবলৈ   আৰক্ষীয়ে লাঠিচালনা কৰাৰ লগতে  কন্দুৱা গেছো ব্যৱহাৰ কৰিছে। আৰ্জেণ্টিনাৰ সৈতে যুঁজত ফৰাচীসকল পৰাজিত হৈছে। 

খেলখন টাইব্ৰেকাৰলৈ লৈ যোৱাৰ পিছতো তেওঁলোকে  জিকিব নোৱাৰিলে। অনুৰাগীসকলে এই পৰাজয় স্বীকাৰ কৰিব পৰা নাই। তেওঁলোকে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিছে।নিশাৰে পৰা উত্তপ্ত হৈ আছে ফ্ৰান্স। 

বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনাৰ হাতত পৰাজয়ৰ পিছত অনুৰাগীসকলে ফ্ৰান্সৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰে।
দেওবাৰে নিশা পেৰিছ আৰু ফ্ৰান্সৰ অন্যান্য চহৰততীব্ৰ প্ৰতিবাদে মূৰ দাঙি উঠে।   উত্তেজিত ফুটবল অনুৰাগীসকলে আনকি আৰক্ষীৰ সৈতেও সংঘৰ্ষত লিপ্ত হয়।  অশান্ত  ফ্ৰান্সৰ  ছবিও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। 

ফ্ৰান্স চৰকাৰে পেৰিছ বা আন কোনো চহৰত 'জায়ান্ট স্ক্ৰীণ' স্থাপনৰ অনুমতি দিয়া নাছিল। ফলস্বৰূপে, সকলোৱে এটা ঠাইত একত্ৰিত হৈ ডাঙৰ পৰ্দাত খেলখন চোৱাৰ সুবিধা পোৱা  নাছিল। দেওবাৰে চূড়ান্ত খেল খন চাবলৈ চহৰৰ বিভিন্ন প্ৰান্তৰ বাৰ বা ৰেষ্টুৰেণ্টত মানুহ সমবেত  হৈছিল। কিন্তু তেওঁলোক সপোন ভাঙি যোৱাত আশাহত হৈ পৰে সকলোৱে।আৰক্ষীয়ে ইতিমধ্যে কেইবাজনো প্ৰতিবাদকাৰী ফুটবল অনুৰাগীক গ্ৰেপ্তাৰ কৰিছে। বাতৰি যুগুত কৰা পৰলৈকে অশান্ত হৈয়েই আছে ফ্ৰান্স।










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু