--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন দেশৰ প্ৰতি থকা ভাৰতৰ সহনশীলতাৰ কথা ক’বলৈ গৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে কয়  যে ভাৰতে প্ৰথমে কাকো আক্ৰমণ নকৰে, মাত্ৰ আনে আক্ৰমণ কৰিলে নিজকে সুৰক্ষাহে দিয়ে। ভাগৱতে কয় যে স্বাধীনতাৰ সাত দশকতকৈও অধিক সময়ৰ পিছতো পাকিস্তানৰ লোকসকল সুখী নহয় আৰু তেওঁলোকে এতিয়াও বিশ্বাস কৰে যে ভাৰত বিভাজন এটা ভুল সিদ্ধান্ত আছিল।  বিপ্লৱী হেমু কালানিৰ জন্ম জয়ন্তীৰ  অনুষ্ঠানত ভাষণ দি ভাগৱতে এনেদৰে কয়। 

ভাগৱতে কয়"এয়া আছিল ১৯৪৭ চনৰ পিছত  যিসকলে ভাৰতৰ পৰা বিচ্ছিন্ন হৈছিল, তেওঁলোক এতিয়াও সুখী নে? তেওঁলোকৰ বেদনা আছে," । দুয়োখন ৰাষ্ট্ৰই এতিয়া যি তিক্ত সম্পৰ্ক ৰক্ষা কৰি চলিছে সেই  সন্দৰ্ভত ভাগৱতে কয় যে ভাৰত এনে এক সংস্কৃতিৰ অন্তৰ্ভুক্ত নহয় যিয়ে আনৰ বিৰুদ্ধে আক্ৰমণৰ আহ্বান জনায়।

তেওঁ কয় "মই এইটো কোৱাৰ অৰ্থ নহয় যে ভাৰতে পাকিস্তানক আক্ৰমণ কৰা উচিত। একেবাৰে নহয়। আমি সেই সংস্কৃতিৰ অন্তৰ্ভুক্ত নহয় যিয়ে আনৰ ওপৰত আক্ৰমণৰ আহ্বান জনায়," । 

"আমি সেই সংস্কৃতিৰ পৰা আহিছোঁ, যিয়ে আত্মৰক্ষাৰ ক্ষেত্ৰত উপযুক্ত প্ৰত্যুত্তৰ দিয়ে,"। ভাগৱতে পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰ সমূহত ভাৰতে চলোৱা ছাৰ্জিকেল ষ্ট্ৰাইক সন্দৰ্ভত  কয়, "আমি সেয়া  কৰিছিলো আৰু আমি তেনে  কৰি যাম"।

"পাকিস্তানৰ মানুহে এতিয়া কৈছে যে ভাৰতৰ বিভাজন এটা ভুল আছিল। সকলোৱে কৈছে যে সেয়া এটা ভুল আছিল," ভাগৱতে দৃঢ়তাৰে কয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?