--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন দেশৰ প্ৰতি থকা ভাৰতৰ সহনশীলতাৰ কথা ক’বলৈ গৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে কয়  যে ভাৰতে প্ৰথমে কাকো আক্ৰমণ নকৰে, মাত্ৰ আনে আক্ৰমণ কৰিলে নিজকে সুৰক্ষাহে দিয়ে। ভাগৱতে কয় যে স্বাধীনতাৰ সাত দশকতকৈও অধিক সময়ৰ পিছতো পাকিস্তানৰ লোকসকল সুখী নহয় আৰু তেওঁলোকে এতিয়াও বিশ্বাস কৰে যে ভাৰত বিভাজন এটা ভুল সিদ্ধান্ত আছিল।  বিপ্লৱী হেমু কালানিৰ জন্ম জয়ন্তীৰ  অনুষ্ঠানত ভাষণ দি ভাগৱতে এনেদৰে কয়। 

ভাগৱতে কয়"এয়া আছিল ১৯৪৭ চনৰ পিছত  যিসকলে ভাৰতৰ পৰা বিচ্ছিন্ন হৈছিল, তেওঁলোক এতিয়াও সুখী নে? তেওঁলোকৰ বেদনা আছে," । দুয়োখন ৰাষ্ট্ৰই এতিয়া যি তিক্ত সম্পৰ্ক ৰক্ষা কৰি চলিছে সেই  সন্দৰ্ভত ভাগৱতে কয় যে ভাৰত এনে এক সংস্কৃতিৰ অন্তৰ্ভুক্ত নহয় যিয়ে আনৰ বিৰুদ্ধে আক্ৰমণৰ আহ্বান জনায়।

তেওঁ কয় "মই এইটো কোৱাৰ অৰ্থ নহয় যে ভাৰতে পাকিস্তানক আক্ৰমণ কৰা উচিত। একেবাৰে নহয়। আমি সেই সংস্কৃতিৰ অন্তৰ্ভুক্ত নহয় যিয়ে আনৰ ওপৰত আক্ৰমণৰ আহ্বান জনায়," । 

"আমি সেই সংস্কৃতিৰ পৰা আহিছোঁ, যিয়ে আত্মৰক্ষাৰ ক্ষেত্ৰত উপযুক্ত প্ৰত্যুত্তৰ দিয়ে,"। ভাগৱতে পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰ সমূহত ভাৰতে চলোৱা ছাৰ্জিকেল ষ্ট্ৰাইক সন্দৰ্ভত  কয়, "আমি সেয়া  কৰিছিলো আৰু আমি তেনে  কৰি যাম"।

"পাকিস্তানৰ মানুহে এতিয়া কৈছে যে ভাৰতৰ বিভাজন এটা ভুল আছিল। সকলোৱে কৈছে যে সেয়া এটা ভুল আছিল," ভাগৱতে দৃঢ়তাৰে কয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত