--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাব্বাত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টত জয়লাভ কৰে শ্বামাৰ জোচেফ। এখন দুৰ্গম গাঁৱৰ পৰা ক্ৰিকেটৰ জগতলৈ উন্নীত হৈছে ৱেষ্ট ইণ্ডিজৰ এই পেচাৰগৰাকী। আৰু সফলতা লাভ কৰিবলৈ তেওঁ বিভিন্ন দেশৰ টি-২০ লীগৰ পৰা ফোন আহিবলৈ ধৰিলে। কিন্তু আঘাতৰ বাবে ক্ষতিগ্ৰস্ত হৈছে ছামাৰ।

গাব্বাত টেষ্ট খেলি থকাৰ সময়তে এই আঘাতৰ সন্মুখীন হয় ছামাৰ। সেইখিনিৰে খেলি তেওঁ ৭টা উইকেট দখল কৰে। তেওঁৰ গতিৰ কোনো উত্তৰ নাছিল অষ্ট্ৰেলিয়াৰ বেটছমেনসকলৰ। তেওঁ আবুধাবি আই এল টি-২০ লীগত ডুবাই কেপিটেলছ দলৰ হৈ খেলাৰ কথা আছিল। কিন্তু আঘাতৰ বাবে তেওঁ বৰ্তমানৰ লীগত খেলিব নোৱাৰে। ছামাৰৰ আঘাত ভাল হ’বলৈ সময় লাগিব।

আবুধাবিত খেলিব নোৱাৰা সত্ত্বেও পাকিস্তান ছুপাৰ লীগত এটা দল পালে ছামাৰে। পেশ্বৱা জালমীয়ে তেওঁক ৰিপ্লেচমেণ্ট প্লেয়াৰ হিচাপে লৈছিল। ২৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব পাকিস্তান ছুপাৰ লীগ। তাৰ পূৰ্বে ছামাৰ সুস্থ হৈ উঠিব বুলি আশা কৰা হৈছে।

ৱেষ্ট ইণ্ডিজৰ বহু ক্ৰিকেটাৰে বিভিন্ন দেশৰ বাবে লীগ খেল পছন্দ কৰে। দেশৰ হৈ খেলিব নিবিচাৰে। ব্যতিক্ৰমী জোছেফ। তেওঁ কয়, ‘ৱেষ্ট ইণ্ডিজৰ হৈ টেষ্ট খেলিবলৈ মই সদায় সাজু। তেনেকৈ ক’বলৈ মোৰ কোনো সংকোচ নাই। এনেকুৱাও হ’ব পাৰে যেতিয়া টেষ্ট আৰু টি-২০ একেলগে কৰা হয়। তেতিয়া দেশৰ হৈ খেলিবলৈ মই নিশ্চয় অগ্ৰাধিকাৰ দিম। মই কিমান টকা উপাৰ্জন কৰো সেয়া মোৰ বাবে ডাঙৰ কথা নহয়।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক