--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এথলেটিকছৰ নতুন নতুন ইতিহাস ৰচনা কৰাৰ যাত্ৰা অব্যাহত ৰাখিছে 'গোল্ডেন বয়' নীৰজ চোপ্ৰাই। ২৭ আগষ্ট দেওবাৰে তেওঁ ৮৮.১৭ মিটাৰ জেভেলিন নিক্ষেপ কৰি বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়।

দ্বিতীয়টো থ্ৰ’ৰ পৰাই চোপ্ৰাই ইভেণ্টত আধিপত্য বিস্তাৰ কৰি শেষলৈকে পাকিস্তানৰ আৰ্শ্বাদ নাদীম আৰু চেক গণৰাজ্যৰ জাকুব ভাডলেজক পৰাস্ত কৰি বিজয়ী হিচাপে হৈ থাকে। বিজয়ৰ পাছত নাদীমক ফটোৰ বাবে কাষলৈ আমন্ত্ৰণ জনোৱা চোপ্ৰাৰ নম্ৰতাসূচক কাৰ্যই ইণ্টাৰনেটত জগতত খলকনিৰ সৃষ্টি কৰিছে৷পাকিস্তানৰ প্ৰতিভাৱান এথলিট আৰ্শ্বাদ নাদীমে ভাৰতীয় কিম্বদন্তি নীৰজ চোপ্ৰাক জেভেলিনৰ ক্ষেত্ৰখনত আদৰ্শ হিচাপে গণ্য কৰে আৰু সমীহ কৰি চলিবলৈ চেষ্টা কৰে৷ভাৰত আৰু পাকিস্তানৰ মাজত থকা বৈৰীতাক যেন দুয়ো-এ ক্ৰীড়াৰ মাধ্যমেৰে সমাধান কৰাৰ প্ৰচেষ্টাত চিৰব্ৰতী৷

অলিম্পিক চেম্পিয়ন চোপ্ৰাই ফাউল কৰিছিল যদিও দ্বিতীয়টো থ্ৰ’ (৮৮.১৭ মিটাৰ)ৰে দ্ৰুতগতিত দলিয়াই। বৰ্তমান কমনৱেলথ গেমছ চেম্পিয়ন নাদীমে ব্যক্তিগত শ্ৰেষ্ঠ থ্ৰ’ ৮৭.৮২ মিটাৰেৰে ৰূপৰ পদক অৰ্জন কৰে। ইফালে চেক গণৰাজ্যৰ পৰা জাকুব ভাডলেজ্চে ব্ৰঞ্জৰ পদক দখল কৰে।নাদীমৰ বিৰুদ্ধে চোপ্ৰাৰ এই জয়ে ২০১৬ চনৰ দক্ষিণ এছিয়ান গেমছত তেওঁৰ পূৰ্বৰ জয়ৰ কথা মনত পেলাই দিয়ে। তাৰ পিছৰে পৰা কেইবাখনো প্ৰতিযোগিতাত নাদীমৰ বিৰুদ্ধে তেওঁ নিজৰ দক্ষতা আৰু উত্তম প্ৰদৰ্শন কৰি সফলতাৰ পুনৰাবৃত্তি কৰে।

শেহতীয়া জয়ৰ উপৰিও চোপ্ৰাই দ্বিতীয় ভাৰতীয় হিচাপে এটা বিশেষ গৌৰৱ অৰ্জন কৰিছে, য’ত একেলগে অলিম্পিক আৰু বিশ্ব চেম্পিয়নশ্বিপ দুয়োটা খিতাপ দখল কৰা কিম্বদন্তি শ্বুটাৰ অভিনৱ বিন্দ্ৰাক অনুসৰণ কৰিছে। এই বিৰল কৃতিত্ব তেওঁ চেক গণৰাজ্যৰ বিখ্যাত জেভেলিন নিক্ষেপকাৰী জান জেলেজনি আৰু নৰৱেৰ আন্দ্ৰেয়াছ থৰকিল্ডচেনৰ সৈতে ভাগ কৰে।

চোপ্ৰাৰ আন উল্লেখযোগ্য কৃতিত্বৰ ভিতৰত এছিয়ান গেমছ, কমনৱেলথ গেমছ, আৰু  ডাইমণ্ড লীগ খিতাপ জয় কৰাটো অন্যতম। ২০১৬ চনত জুনিয়ৰ বিশ্ব চেম্পিয়নৰ মুকুট পিন্ধি ২০১৭ চনত এছিয়ান চেম্পিয়নশ্বিপত জয়ী হয়।বিশ্ব চেম্পিয়নশ্বিপত চোপ্ৰাৰ স্বৰ্ণ পদকটোৱে বিশ্ব এথলেটিকছৰ মঞ্চত ভাৰতীয় ক্ৰীড়া দক্ষতাৰ সত্যতাক প্ৰতীয়মান কৰে। তেওঁৰ এই দৰ্শনীয় প্ৰদৰ্শনে বিশ্ব ক্ৰীড়াক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান শক্তিক আলোকপাত কৰে আৰু দেশৰ আশাব্যঞ্জক খেলুৱৈসকলৰ বাবে আশাৰ ৰেঙণি প্ৰদান কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?