--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এথলেটিকছৰ নতুন নতুন ইতিহাস ৰচনা কৰাৰ যাত্ৰা অব্যাহত ৰাখিছে 'গোল্ডেন বয়' নীৰজ চোপ্ৰাই। ২৭ আগষ্ট দেওবাৰে তেওঁ ৮৮.১৭ মিটাৰ জেভেলিন নিক্ষেপ কৰি বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়।

দ্বিতীয়টো থ্ৰ’ৰ পৰাই চোপ্ৰাই ইভেণ্টত আধিপত্য বিস্তাৰ কৰি শেষলৈকে পাকিস্তানৰ আৰ্শ্বাদ নাদীম আৰু চেক গণৰাজ্যৰ জাকুব ভাডলেজক পৰাস্ত কৰি বিজয়ী হিচাপে হৈ থাকে। বিজয়ৰ পাছত নাদীমক ফটোৰ বাবে কাষলৈ আমন্ত্ৰণ জনোৱা চোপ্ৰাৰ নম্ৰতাসূচক কাৰ্যই ইণ্টাৰনেটত জগতত খলকনিৰ সৃষ্টি কৰিছে৷পাকিস্তানৰ প্ৰতিভাৱান এথলিট আৰ্শ্বাদ নাদীমে ভাৰতীয় কিম্বদন্তি নীৰজ চোপ্ৰাক জেভেলিনৰ ক্ষেত্ৰখনত আদৰ্শ হিচাপে গণ্য কৰে আৰু সমীহ কৰি চলিবলৈ চেষ্টা কৰে৷ভাৰত আৰু পাকিস্তানৰ মাজত থকা বৈৰীতাক যেন দুয়ো-এ ক্ৰীড়াৰ মাধ্যমেৰে সমাধান কৰাৰ প্ৰচেষ্টাত চিৰব্ৰতী৷

অলিম্পিক চেম্পিয়ন চোপ্ৰাই ফাউল কৰিছিল যদিও দ্বিতীয়টো থ্ৰ’ (৮৮.১৭ মিটাৰ)ৰে দ্ৰুতগতিত দলিয়াই। বৰ্তমান কমনৱেলথ গেমছ চেম্পিয়ন নাদীমে ব্যক্তিগত শ্ৰেষ্ঠ থ্ৰ’ ৮৭.৮২ মিটাৰেৰে ৰূপৰ পদক অৰ্জন কৰে। ইফালে চেক গণৰাজ্যৰ পৰা জাকুব ভাডলেজ্চে ব্ৰঞ্জৰ পদক দখল কৰে।নাদীমৰ বিৰুদ্ধে চোপ্ৰাৰ এই জয়ে ২০১৬ চনৰ দক্ষিণ এছিয়ান গেমছত তেওঁৰ পূৰ্বৰ জয়ৰ কথা মনত পেলাই দিয়ে। তাৰ পিছৰে পৰা কেইবাখনো প্ৰতিযোগিতাত নাদীমৰ বিৰুদ্ধে তেওঁ নিজৰ দক্ষতা আৰু উত্তম প্ৰদৰ্শন কৰি সফলতাৰ পুনৰাবৃত্তি কৰে।

শেহতীয়া জয়ৰ উপৰিও চোপ্ৰাই দ্বিতীয় ভাৰতীয় হিচাপে এটা বিশেষ গৌৰৱ অৰ্জন কৰিছে, য’ত একেলগে অলিম্পিক আৰু বিশ্ব চেম্পিয়নশ্বিপ দুয়োটা খিতাপ দখল কৰা কিম্বদন্তি শ্বুটাৰ অভিনৱ বিন্দ্ৰাক অনুসৰণ কৰিছে। এই বিৰল কৃতিত্ব তেওঁ চেক গণৰাজ্যৰ বিখ্যাত জেভেলিন নিক্ষেপকাৰী জান জেলেজনি আৰু নৰৱেৰ আন্দ্ৰেয়াছ থৰকিল্ডচেনৰ সৈতে ভাগ কৰে।

চোপ্ৰাৰ আন উল্লেখযোগ্য কৃতিত্বৰ ভিতৰত এছিয়ান গেমছ, কমনৱেলথ গেমছ, আৰু  ডাইমণ্ড লীগ খিতাপ জয় কৰাটো অন্যতম। ২০১৬ চনত জুনিয়ৰ বিশ্ব চেম্পিয়নৰ মুকুট পিন্ধি ২০১৭ চনত এছিয়ান চেম্পিয়নশ্বিপত জয়ী হয়।বিশ্ব চেম্পিয়নশ্বিপত চোপ্ৰাৰ স্বৰ্ণ পদকটোৱে বিশ্ব এথলেটিকছৰ মঞ্চত ভাৰতীয় ক্ৰীড়া দক্ষতাৰ সত্যতাক প্ৰতীয়মান কৰে। তেওঁৰ এই দৰ্শনীয় প্ৰদৰ্শনে বিশ্ব ক্ৰীড়াক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান শক্তিক আলোকপাত কৰে আৰু দেশৰ আশাব্যঞ্জক খেলুৱৈসকলৰ বাবে আশাৰ ৰেঙণি প্ৰদান কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু