--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিশ্ব দৰবাৰত ভাৰতীয় খেলুৱৈৰ চমক। বুডাপেষ্টত চলি থকা  বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত প্ৰথমবাৰৰ বাবে সোণৰ পদক জিকি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই। একে সময়তে পাকিস্তানী খেলুৱৈগৰাকীয়ে ৰূপৰ পদকত সন্তুষ্ট থাকিবলীয়া  লগা হ’ল। উল্লেখ্য নীৰজ চোপ্ৰাই  চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰা প্ৰথম ভাৰতীয় হিচাবে পৰিগণিত হৈছে। প্ৰথম প্ৰচেষ্টাতে  ভাৰতীয় কিংবদন্তী খেলুৱৈ গৰাকী  ১২ নম্বৰত আছিল। কিন্তু চোপ্ৰাই ৮৮.১৭ মিটাৰ থ্ৰ’ৰে দ্বিতীয় ৰাউণ্ডত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয়। 

নীৰজ চোপ্ৰাই বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰাৰ খবৰ লাভ কৰাৰ পিছতে আনন্দিত হৈ পৰিছে দেশবাসী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও চোপ্ৰাক প্ৰশংসাৰে ওপচাই দিছে।  

উল্লেখ্য ২০২২ চনতো বিশ্ব চেম্পিয়নশ্বিপত দেশলৈ ৰূপৰ পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল চোপ্ৰা। চোপ্ৰাই বিশ্ব এথলীট চেম্পিয়নশ্বিপত ৮৮.১৩ মিটাৰ জেভলিন দলিয়াই ৰূপৰ পদক অৰ্জন কৰিছিল৷ উল্লেখ্য যোৱা ১৯ টা  বছৰত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতে এটাও পদক লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। ১৯ বছৰীয়া  স্থৱিৰতাৰ অৱসান ঘটাই নিৰোজ চোপ্ৰাই ৰূপৰ পদক বিজয়েৰে দেশবাসীৰ মুখত পুনৰ হাঁহি বিৰিঙাবলৈ সক্ষম হৈছিল৷

সেইবেলি অলিম্পিকৰ স্বৰ্ণ বিজয়ী তাৰকাগৰাকীয়ে এই পৰ্যায়ত  পদক অৰ্জন কৰা প্ৰথম ট্ৰেক এণ্ড ফিল্ড এথলীট হিচাপে পৰিগণিত হৈছিল। এনেদৰেই তেওঁ ইতিহাস সৃষ্টি কৰিছিল। এইবাৰ পুনৰ তেওঁ আন এক ইতিহাস গঢ়িবলৈ সক্ষম হয়। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু