--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিশ্ব দৰবাৰত ভাৰতীয় খেলুৱৈৰ চমক। বুডাপেষ্টত চলি থকা  বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত প্ৰথমবাৰৰ বাবে সোণৰ পদক জিকি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই। একে সময়তে পাকিস্তানী খেলুৱৈগৰাকীয়ে ৰূপৰ পদকত সন্তুষ্ট থাকিবলীয়া  লগা হ’ল। উল্লেখ্য নীৰজ চোপ্ৰাই  চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰা প্ৰথম ভাৰতীয় হিচাবে পৰিগণিত হৈছে। প্ৰথম প্ৰচেষ্টাতে  ভাৰতীয় কিংবদন্তী খেলুৱৈ গৰাকী  ১২ নম্বৰত আছিল। কিন্তু চোপ্ৰাই ৮৮.১৭ মিটাৰ থ্ৰ’ৰে দ্বিতীয় ৰাউণ্ডত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয়। 

নীৰজ চোপ্ৰাই বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰাৰ খবৰ লাভ কৰাৰ পিছতে আনন্দিত হৈ পৰিছে দেশবাসী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও চোপ্ৰাক প্ৰশংসাৰে ওপচাই দিছে।  

উল্লেখ্য ২০২২ চনতো বিশ্ব চেম্পিয়নশ্বিপত দেশলৈ ৰূপৰ পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল চোপ্ৰা। চোপ্ৰাই বিশ্ব এথলীট চেম্পিয়নশ্বিপত ৮৮.১৩ মিটাৰ জেভলিন দলিয়াই ৰূপৰ পদক অৰ্জন কৰিছিল৷ উল্লেখ্য যোৱা ১৯ টা  বছৰত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতে এটাও পদক লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। ১৯ বছৰীয়া  স্থৱিৰতাৰ অৱসান ঘটাই নিৰোজ চোপ্ৰাই ৰূপৰ পদক বিজয়েৰে দেশবাসীৰ মুখত পুনৰ হাঁহি বিৰিঙাবলৈ সক্ষম হৈছিল৷

সেইবেলি অলিম্পিকৰ স্বৰ্ণ বিজয়ী তাৰকাগৰাকীয়ে এই পৰ্যায়ত  পদক অৰ্জন কৰা প্ৰথম ট্ৰেক এণ্ড ফিল্ড এথলীট হিচাপে পৰিগণিত হৈছিল। এনেদৰেই তেওঁ ইতিহাস সৃষ্টি কৰিছিল। এইবাৰ পুনৰ তেওঁ আন এক ইতিহাস গঢ়িবলৈ সক্ষম হয়। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক