--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মানুহ আৰু কুকুৰৰ সম্পৰ্ক অতি মধুৰ। কুকুৰক আটাইতকৈ নিষ্ঠাৱান জন্তু বুলি গণ্য কৰা হয়। মালিকৰ প্ৰতি কুকুৰৰ আনুগত্যৰ বহুতো কাহিনী পোহৰলৈ আহে। শেহতীয়াকৈ তুৰস্কৰ এটা পোহনীয়া কুকুৰৰ এখন আলোকচিত্ৰ পোৱা গৈছে যি আলোকচিত্ৰই প্ৰতিজন অনুভূতিশীল মানুহৰ দুচকু সেমেকাই তুলিছে। মালিকৰ মৃত্যুৰ পাছত পোহনীয়া কুকুৰটোৱে দুখত কাতৰ হৈ মালিকৰ কবৰৰ ওচৰত বহি থাকে। খোৱা-বোৱা বন্ধ কৰি দিছে কুকুৰটোৱে। ঘটনা অনুসৰি উত্তৰ তুৰস্কৰ কাইমাকালি জিলাত বাস কৰা ওমৰ গুৱেন নামৰ লোকজনে প্ৰায় ১২ বছৰ আগতে তেওঁৰ পত্নীক হেৰুৱাইছিল।

তেতিয়াৰে পৰা তেওঁ পথৰ মেকুৰী আৰু কুকুৰৰ যত্ন লোৱা আৰম্ভ কৰিছিল। ওমৰ গুৱেন সেই অঞ্চলটোত এজন পশুপ্ৰেমী হিচাপে জনাজাত আছিল। ওমৰে ১১ বছৰ আগতে 'ফেৰো' নামৰ জাৰ্মান শ্বেফৰ্ড প্ৰজাতিৰ এটা কুকুৰ ঘৰলৈ আনিছিল। ইমান বছৰ একেলগে থকাৰ পাছত দুয়ো দুয়োৰে পৰম বন্ধু হৈ পৰিছিল। ওমৰ গুৱেনৰ ছাঁটোৰ দৰে আছিল বিশ্বাসী ফেৰো। ২৯ অক্টোবৰত ওমৰ হঠাতে অসুস্থ হৈ পৰে আৰু তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসাধীন অৱস্থাতে তেওঁ ৯২ বছৰ বয়সত মৃত্যুবৰণ কৰে। ওমৰৰ মৃতদেহটো কফিনত ৰখাৰ পাছত ফেৰোৱে কফিনটোৰ কাষত কান্দি কান্দি থিয় হৈ আছিল।

আনকি ওমৰক সমাধিস্থ কৰাৰ পাছতো তেওঁ ওমৰৰ সমাধিৰ ওচৰতে চকুত চকুপানী লৈ থিয় হৈ আছিল। ওমৰক সমাধিস্থ কৰি যেতিয়া সকলোৱে তেওঁলোকৰ ঘৰলৈ ঘূৰি আহিছিল তেতিয়াও ফেৰো সমাধিৰ ওচৰতে আছিল। কবৰত ফেৰোৱে মূৰটো ঘঁহাই থাকে যেন চিৰদিনৰ বাবে শুই যোৱা মালিকক সি জগাবহে বিচাৰিছে। ঠেং কেইখনেৰে মালিকৰ কবৰত সি টুকুৰিয়াই থাকে। যিয়ে এই দৃশ্য দেখিছে সকলো আৱেগিক হৈ উঠিছে। সঁচাকৈয়ে মানুহে যি শোক অনুভৱ কৰে নিমাত প্ৰাণীৰো সেই একেই শোকৰ অনুভৱ।মাথোঁ সিহঁতে মুখেৰে প্ৰকাশ কৰিব নোৱাৰে, আচাৰ-আচৰণত সেয়া ফুটি উঠে। বহু লোকেই ফেৰোক ঘৰলৈ নিবলৈ আহে কিন্তু ফেৰো নাযায়…কেনেকৈনো এৰি যায় অকলশৰে প্ৰিয় মালিকক কাৰণ সি যে আছিল মালিকৰ বিশ্বস্ত সংগী। পৰিয়ালৰ লোকে জনোৱা মতে ফেৰোক কোনেও একো এটা জোৰ কৰিও খুৱাব পৰা নাই। হয়তো মালিকক হেৰুৱাই একেবাৰেই শোকত ভাগি পৰিছে ফেৰো।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক