--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মানুহ আৰু কুকুৰৰ সম্পৰ্ক অতি মধুৰ। কুকুৰক আটাইতকৈ নিষ্ঠাৱান জন্তু বুলি গণ্য কৰা হয়। মালিকৰ প্ৰতি কুকুৰৰ আনুগত্যৰ বহুতো কাহিনী পোহৰলৈ আহে। শেহতীয়াকৈ তুৰস্কৰ এটা পোহনীয়া কুকুৰৰ এখন আলোকচিত্ৰ পোৱা গৈছে যি আলোকচিত্ৰই প্ৰতিজন অনুভূতিশীল মানুহৰ দুচকু সেমেকাই তুলিছে। মালিকৰ মৃত্যুৰ পাছত পোহনীয়া কুকুৰটোৱে দুখত কাতৰ হৈ মালিকৰ কবৰৰ ওচৰত বহি থাকে। খোৱা-বোৱা বন্ধ কৰি দিছে কুকুৰটোৱে। ঘটনা অনুসৰি উত্তৰ তুৰস্কৰ কাইমাকালি জিলাত বাস কৰা ওমৰ গুৱেন নামৰ লোকজনে প্ৰায় ১২ বছৰ আগতে তেওঁৰ পত্নীক হেৰুৱাইছিল।

তেতিয়াৰে পৰা তেওঁ পথৰ মেকুৰী আৰু কুকুৰৰ যত্ন লোৱা আৰম্ভ কৰিছিল। ওমৰ গুৱেন সেই অঞ্চলটোত এজন পশুপ্ৰেমী হিচাপে জনাজাত আছিল। ওমৰে ১১ বছৰ আগতে 'ফেৰো' নামৰ জাৰ্মান শ্বেফৰ্ড প্ৰজাতিৰ এটা কুকুৰ ঘৰলৈ আনিছিল। ইমান বছৰ একেলগে থকাৰ পাছত দুয়ো দুয়োৰে পৰম বন্ধু হৈ পৰিছিল। ওমৰ গুৱেনৰ ছাঁটোৰ দৰে আছিল বিশ্বাসী ফেৰো। ২৯ অক্টোবৰত ওমৰ হঠাতে অসুস্থ হৈ পৰে আৰু তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসাধীন অৱস্থাতে তেওঁ ৯২ বছৰ বয়সত মৃত্যুবৰণ কৰে। ওমৰৰ মৃতদেহটো কফিনত ৰখাৰ পাছত ফেৰোৱে কফিনটোৰ কাষত কান্দি কান্দি থিয় হৈ আছিল।

আনকি ওমৰক সমাধিস্থ কৰাৰ পাছতো তেওঁ ওমৰৰ সমাধিৰ ওচৰতে চকুত চকুপানী লৈ থিয় হৈ আছিল। ওমৰক সমাধিস্থ কৰি যেতিয়া সকলোৱে তেওঁলোকৰ ঘৰলৈ ঘূৰি আহিছিল তেতিয়াও ফেৰো সমাধিৰ ওচৰতে আছিল। কবৰত ফেৰোৱে মূৰটো ঘঁহাই থাকে যেন চিৰদিনৰ বাবে শুই যোৱা মালিকক সি জগাবহে বিচাৰিছে। ঠেং কেইখনেৰে মালিকৰ কবৰত সি টুকুৰিয়াই থাকে। যিয়ে এই দৃশ্য দেখিছে সকলো আৱেগিক হৈ উঠিছে। সঁচাকৈয়ে মানুহে যি শোক অনুভৱ কৰে নিমাত প্ৰাণীৰো সেই একেই শোকৰ অনুভৱ।মাথোঁ সিহঁতে মুখেৰে প্ৰকাশ কৰিব নোৱাৰে, আচাৰ-আচৰণত সেয়া ফুটি উঠে। বহু লোকেই ফেৰোক ঘৰলৈ নিবলৈ আহে কিন্তু ফেৰো নাযায়…কেনেকৈনো এৰি যায় অকলশৰে প্ৰিয় মালিকক কাৰণ সি যে আছিল মালিকৰ বিশ্বস্ত সংগী। পৰিয়ালৰ লোকে জনোৱা মতে ফেৰোক কোনেও একো এটা জোৰ কৰিও খুৱাব পৰা নাই। হয়তো মালিকক হেৰুৱাই একেবাৰেই শোকত ভাগি পৰিছে ফেৰো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও

বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা