--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ ক্ৰিকেট ইতিহাসত আটাইতকৈ ডাঙৰ সফলতা আহিছিল ইমৰাণ খানৰ দ্বাৰা। ১৯৯২ চনত পাকিস্তানে বিশ্বকাপ জয় কৰিছিল। সেই দলটোৰ অধিনায়ক আছিল দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান। কিন্তু শেহতীয়াকৈ পাকিস্তানৰ ক্ৰিকেট ইতিহাসৰ ভিডিঅ’ তেওঁৰ অবিহনে নিৰ্মাণ হ’ল। দেশৰ স্বাধীনতা দিৱসৰ দিনা ১৪ আগষ্টত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে প্ৰকাশ কৰা স্মৃতিমূলক ভিডিঅ’টোত প্ৰাক্তন অধিনায়ক ইমৰাণৰ নাম অন্তৰ্ভুক্ত নহ’ল৷

এতিয়ালৈকে পাকিস্তানে ৫০ অভাৰ ক্ৰিকেটত মাত্ৰ এবাৰহে বিশ্বকাপ জয় কৰিছে। বিশ্বকাপ জয়ৰ দ্বাৰা ইমৰানে দলটোৰ ওপৰত আত্মবিশ্বাস কঢ়িয়াই আনিলে। তেওঁৰ নেতৃত্বত পাকিস্তানৰ দলটোৱে এক অবিশ্বাস্য যুঁজ দিছিল। কিন্তু স্মৃতিমূলক ভিডিঅ’টোত ইমৰাণৰ বাদ পৰাৰ আঁৰত ৰাজনৈতিক কাৰণ আছে বুলি ধাৰণা কৰা হৈছে।

ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰি ৰাজনীতিত যোগদান কৰে ইমৰানে। তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হৈছিল। কিন্তু টোছাখানা গোচৰত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণক তিনি বছৰৰ কাৰাদণ্ড বিহা হৈছিল। আগন্তুক পাঁচ বছৰলৈ ৰাজনীতিৰ পৰাও নিৰ্বাসিত হৈ আছে। এনে পৰিস্থিতিত তেওঁক সচেতনভাৱে ব’ৰ্ডৰ ভিডিঅ’ৰ পৰা বাদ দিয়া বুলি ধৰা হয়।

ভিডিঅ’টোত পাকিস্তান ক্ৰিকেট দলৰ বিভিন্ন কৃতিত্বৰ ওপৰত আলোকপাত কৰা হৈছে। কোনো ট্ৰফী জয়ৰ কথা উল্লেখ থাকিলে অধিনায়কৰ নাম লিখা থাকে। কিন্তু যেতিয়া ১৯৯২ চনৰ বিশ্বকাপৰ সফলতা দেখুওৱা হৈছিল তেতিয়া ইমৰাণৰ নাম উল্লেখ কৰা হোৱা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ