--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাধাৰণতে যিকোনো দেশৰ আৱাসীসকলে চৰকাৰক ৰাজহ পৰিশোধ কৰিব লাগে। তেওঁলোকৰ উপাৰ্জনৰ ওপৰত আধাৰত এই ৰাজহৰ পৰিমাণ নিৰ্ধাৰণ কৰা হয়। কিন্তু যদি ইয়াৰ উলোটাটো হয়? কেনে লাগিব? যদি আপুনি বাস কৰাৰ বিনিময়ত চৰকাৰে বৃহৎ পৰিমাণৰ অৰ্থ সাহাৰ্য প্ৰদান কৰে, সেয়া নিশ্চয় কল্পনাতীত!

কিন্তু এনে তিনিখন ঠাইৰ নাম ইয়াত দিবলৈ লোৱা হৈছে, য’ত আপুনি বাস কৰিলে স্থানীয় প্ৰশাসনৰ পৰা লাভ কৰিব অৰ্থ সাহাৰ্য।

আলবিনেন: এইখন চুইজাৰলেণ্ডৰ এখন সৰু গাওঁ। সেউজীয়া উপত্যকাৰে আৱৰি থকা এই গাওঁখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। গাওঁখনৰ মুঠ জনসংখ্যা হৈছে মাত্ৰ ২৫০ জন। ইমান কম জনসংখ্যা থকা বাবে চৰকাৰে গাওঁখনৰ অস্তিত্বক লৈ চিন্তাত পৰিছে। সেয়ে যিসকলে তাত গৈ বসতি স্থাপন কৰে, তেওঁলোকক চৰকাৰৰ পৰা ৬০,০০০ ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৫০ লাখ টকা) প্ৰদান কৰা হ'ব।

প্ৰেচি-একুৱেটিকা: ইটালীৰ এই দুখন চহৰক একেলগে 'চালেণ্টো’ বুলি জনা যায়। আলবিনেনৰ দৰেই এই ঠাইখনেও একেই সমস্যাত ভুগিছে। যোৱা বছৰ অঞ্চলটোত ৬০ জন লোকৰ জন্ম হৈছিল, আনহাতে প্ৰায় ১৫০ জন লোকৰ মৃত্যু হৈছিল। সেয়ে যদি কোনোবাই এই চহৰত বসতি স্থাপন কৰে, চৰকাৰে তাত ব্যৱসায় আৰম্ভ কৰিবলৈ নতুন আৱাসীজনক ৩০,০০০ ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় 25 লাখ টকা) দিব। এই ঠাইখনৰ প্ৰাকৃতিক সৌন্দৰ্যই আপোনাক আকৰ্ষিত কৰিব। 

এণ্টিকাথেৰা: গ্ৰীচৰ এই চহৰ সৰগীয় সৌন্দৰ্যেৰে ভৰা। ইয়াৰ প্ৰাকৃতিক পৰিৱেশ আকৰ্ষণীয়। কিন্তু এই ঠাইত মাত্ৰ ৫০ জন লোকে বাস কৰে। চৰকাৰে তাত জীয়াই থাকিবলৈ বিশেষ ভাট্টাৰ ব্যৱস্থা কৰিছে। কোৱা হৈছে যে যদি কোনোবাই তাত তিনি বছৰৰ বাবে বসতি স্থাপন কৰে, তেন্তে তেওঁক প্ৰতি বছৰে ৬০০ ডলাৰৰ ভাৰতীয় মুদ্ৰাত প্ৰায় ৫০ হাজাৰ টকা দিয়া হ'ব।

যাওক, এই তিনিখন ঠাইৰ এখনক বাচি উলিয়াওক, আৰু এটা সুখৰ জীৱন যাপন কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু