--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাধাৰণতে যিকোনো দেশৰ আৱাসীসকলে চৰকাৰক ৰাজহ পৰিশোধ কৰিব লাগে। তেওঁলোকৰ উপাৰ্জনৰ ওপৰত আধাৰত এই ৰাজহৰ পৰিমাণ নিৰ্ধাৰণ কৰা হয়। কিন্তু যদি ইয়াৰ উলোটাটো হয়? কেনে লাগিব? যদি আপুনি বাস কৰাৰ বিনিময়ত চৰকাৰে বৃহৎ পৰিমাণৰ অৰ্থ সাহাৰ্য প্ৰদান কৰে, সেয়া নিশ্চয় কল্পনাতীত!

কিন্তু এনে তিনিখন ঠাইৰ নাম ইয়াত দিবলৈ লোৱা হৈছে, য’ত আপুনি বাস কৰিলে স্থানীয় প্ৰশাসনৰ পৰা লাভ কৰিব অৰ্থ সাহাৰ্য।

আলবিনেন: এইখন চুইজাৰলেণ্ডৰ এখন সৰু গাওঁ। সেউজীয়া উপত্যকাৰে আৱৰি থকা এই গাওঁখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। গাওঁখনৰ মুঠ জনসংখ্যা হৈছে মাত্ৰ ২৫০ জন। ইমান কম জনসংখ্যা থকা বাবে চৰকাৰে গাওঁখনৰ অস্তিত্বক লৈ চিন্তাত পৰিছে। সেয়ে যিসকলে তাত গৈ বসতি স্থাপন কৰে, তেওঁলোকক চৰকাৰৰ পৰা ৬০,০০০ ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৫০ লাখ টকা) প্ৰদান কৰা হ'ব।

প্ৰেচি-একুৱেটিকা: ইটালীৰ এই দুখন চহৰক একেলগে 'চালেণ্টো’ বুলি জনা যায়। আলবিনেনৰ দৰেই এই ঠাইখনেও একেই সমস্যাত ভুগিছে। যোৱা বছৰ অঞ্চলটোত ৬০ জন লোকৰ জন্ম হৈছিল, আনহাতে প্ৰায় ১৫০ জন লোকৰ মৃত্যু হৈছিল। সেয়ে যদি কোনোবাই এই চহৰত বসতি স্থাপন কৰে, চৰকাৰে তাত ব্যৱসায় আৰম্ভ কৰিবলৈ নতুন আৱাসীজনক ৩০,০০০ ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় 25 লাখ টকা) দিব। এই ঠাইখনৰ প্ৰাকৃতিক সৌন্দৰ্যই আপোনাক আকৰ্ষিত কৰিব। 

এণ্টিকাথেৰা: গ্ৰীচৰ এই চহৰ সৰগীয় সৌন্দৰ্যেৰে ভৰা। ইয়াৰ প্ৰাকৃতিক পৰিৱেশ আকৰ্ষণীয়। কিন্তু এই ঠাইত মাত্ৰ ৫০ জন লোকে বাস কৰে। চৰকাৰে তাত জীয়াই থাকিবলৈ বিশেষ ভাট্টাৰ ব্যৱস্থা কৰিছে। কোৱা হৈছে যে যদি কোনোবাই তাত তিনি বছৰৰ বাবে বসতি স্থাপন কৰে, তেন্তে তেওঁক প্ৰতি বছৰে ৬০০ ডলাৰৰ ভাৰতীয় মুদ্ৰাত প্ৰায় ৫০ হাজাৰ টকা দিয়া হ'ব।

যাওক, এই তিনিখন ঠাইৰ এখনক বাচি উলিয়াওক, আৰু এটা সুখৰ জীৱন যাপন কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ