--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমিকৰ লগত ব্ৰেকআপ হোৱা বহুদিন হ'ল। অৱশ্যে যুৱতীগৰাকীয়ে অন্তৰৰ পৰা মানি ল’ব পৰা নাছিল বিচ্ছেদ। কিন্তু প্ৰেমিকাৰ দুৰ্বাৰ হেপাঁহ আকৌ পুৰণি সম্পৰ্কলৈ ঘূৰি যাব বিচাৰে। উপায় বিচাৰি নাপাই অৱশেষত তেওঁ ‘ব্লেক মেজিক’ৰ জৰিয়তে প্ৰাক্তন প্ৰেমিকৰ সৈতে পুনৰ যোগাযোগ স্থাপনৰ চেষ্টা আৰম্ভ কৰিলে।অৱশেষত জ্যোতিষীৰ জালত পৰি যুৱতীগৰাকীয়ে হেৰুৱালে ৮ লাখ ২০ হাজাৰ টকা। বাংগালুৰুৰ জালাহল্লী অঞ্চলত সংঘটিত হৈছে এই ঘটনা। ২৫ বছৰীয়া কিশোৰীগৰাকীয়ে স্থানীয় থানাত এজন জ্যোতিষী আৰু তেওঁৰ দুই সহযোগীৰ বিৰুদ্ধে প্ৰতাৰণা কৰাৰ এজাহাৰ দাখিল কৰিছে৷

আৰক্ষীৰ সূত্ৰ অনুসৰি, ২০২৩ চনৰ ৯ ডিচেম্বৰত ইণ্টাৰনেটৰ জৰিয়তে যুৱতীগৰাকীয়ে আব্দুলক লগ পাইছিল। আব্দুলে যুৱতীগৰাকীক কয় যে তেওঁ নিয়মিতভাৱে জ্যোতিষ চৰ্চা কৰে। যুৱতীগৰাকীয়ে আব্দুলৰ সৈতে আলোচনা কৰিছিল যে কেনেকৈ তেওঁৰ প্ৰাক্তন প্ৰেমিকৰ সৈতে পুৰণি সম্পৰ্ক পুনৰ গঢ়ি তুলিব পাৰি। আব্দুলে ছোৱালীজনীক বিশেষ অনুষ্ঠান কৰিবলৈ কয় যাতে প্ৰাক্তন প্ৰেমিকৰ পৰিয়ালে তেওঁলোকৰ সম্পৰ্কত আপত্তি নকৰে। সেই কাৰণে তেওঁ পাৰিশ্ৰমিক হিচাপে লৈছিল ৫০১ টকা। ডিজিটেলভাৱে পইচা পঠোৱাৰ পাছত আব্দুলে বিচাৰিছিল যুৱতীগৰাকীৰ এখন ছবি, লগতে তেওঁৰ প্ৰাক্তন প্ৰেমিকৰ সৈতে এক অন্তৰংগ মুহূৰ্তৰ ছবি। যুৱতীগৰাকীয়ে অভিযোগ কৰে যে আব্দুলে আনকি পৰিয়ালৰ সদস্য আৰু সকলো বন্ধু-বান্ধৱীৰ ছবিও বিচাৰিছিল।

আব্দুলে বিশেষ ৰীতি-নীতি কৰি "ক'লা যাদু" কৰিবলৈ কয়। সেই কাৰণে তেওঁ যুৱতীগৰাকীৰ পৰা পাৰিশ্ৰমিক হিচাপে ২ লাখ ৪০ হাজাৰ টকা বিচাৰিছিল। জ্যোতিষীগৰাকীৰ মতে যুৱতীগৰাকীয়েও নিৰ্দিষ্ট মাচুল দিছিল। ইয়াৰ পাছত আব্দুলে পুনৰ যুৱতীগৰাকীৰ পৰা প্ৰায় ডেৰ লাখ টকা দাবী কৰে। বাৰে বাৰে ইমান টকা দিবলৈ মান্তি নোহোৱাত যুৱতীগৰাকীক ভাবুকি দিবলৈ ধৰিলে। যুৱতীগৰাকীৰ মতে, আব্দুলে তেওঁক ভাবুকি দি থাকিল যে তেওঁৰ প্ৰাক্তন প্ৰেমিকৰ সৈতে তেওঁৰ অন্তৰংগ মুহূৰ্তসমূহ তেওঁৰ পৰিয়ালৰ লোকক দেখুৱাব। ছোৱালীজনীৰ পৰা আৰু ৪ লাখ ১০ হাজাৰ টকাৰ ভাবুকি দিয়ে। যুৱতীগৰাকীয়ে আব্দুলক মুঠ ৮ লাখ ২০ হাজাৰ টকা দিয়ে।

অৱশেষত ছোৱালীজনীয়ে আব্দুল আৰু তেওঁৰ দুই সহযোগীৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে। আব্দুল আৰু তেওঁৰ সহযোগী দুজনক আৰক্ষীয়ে জেৰা কৰে। আব্দুলে আৰক্ষীৰ আগত দাবী কৰে যে ছোৱালীজনীয়ে তেওঁক জোৰ কৰি বিভিন্ন অনুষ্ঠান সম্পন্ন কৰিছিল। লগতে তেওঁ পাৰিশ্ৰমিক হিচাপে লোৱা সকলো ধন যুৱতীগৰাকীক ঘূৰাই দিব বুলিও আৰক্ষীক জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক