--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমিকৰ লগত ব্ৰেকআপ হোৱা বহুদিন হ'ল। অৱশ্যে যুৱতীগৰাকীয়ে অন্তৰৰ পৰা মানি ল’ব পৰা নাছিল বিচ্ছেদ। কিন্তু প্ৰেমিকাৰ দুৰ্বাৰ হেপাঁহ আকৌ পুৰণি সম্পৰ্কলৈ ঘূৰি যাব বিচাৰে। উপায় বিচাৰি নাপাই অৱশেষত তেওঁ ‘ব্লেক মেজিক’ৰ জৰিয়তে প্ৰাক্তন প্ৰেমিকৰ সৈতে পুনৰ যোগাযোগ স্থাপনৰ চেষ্টা আৰম্ভ কৰিলে।অৱশেষত জ্যোতিষীৰ জালত পৰি যুৱতীগৰাকীয়ে হেৰুৱালে ৮ লাখ ২০ হাজাৰ টকা। বাংগালুৰুৰ জালাহল্লী অঞ্চলত সংঘটিত হৈছে এই ঘটনা। ২৫ বছৰীয়া কিশোৰীগৰাকীয়ে স্থানীয় থানাত এজন জ্যোতিষী আৰু তেওঁৰ দুই সহযোগীৰ বিৰুদ্ধে প্ৰতাৰণা কৰাৰ এজাহাৰ দাখিল কৰিছে৷

আৰক্ষীৰ সূত্ৰ অনুসৰি, ২০২৩ চনৰ ৯ ডিচেম্বৰত ইণ্টাৰনেটৰ জৰিয়তে যুৱতীগৰাকীয়ে আব্দুলক লগ পাইছিল। আব্দুলে যুৱতীগৰাকীক কয় যে তেওঁ নিয়মিতভাৱে জ্যোতিষ চৰ্চা কৰে। যুৱতীগৰাকীয়ে আব্দুলৰ সৈতে আলোচনা কৰিছিল যে কেনেকৈ তেওঁৰ প্ৰাক্তন প্ৰেমিকৰ সৈতে পুৰণি সম্পৰ্ক পুনৰ গঢ়ি তুলিব পাৰি। আব্দুলে ছোৱালীজনীক বিশেষ অনুষ্ঠান কৰিবলৈ কয় যাতে প্ৰাক্তন প্ৰেমিকৰ পৰিয়ালে তেওঁলোকৰ সম্পৰ্কত আপত্তি নকৰে। সেই কাৰণে তেওঁ পাৰিশ্ৰমিক হিচাপে লৈছিল ৫০১ টকা। ডিজিটেলভাৱে পইচা পঠোৱাৰ পাছত আব্দুলে বিচাৰিছিল যুৱতীগৰাকীৰ এখন ছবি, লগতে তেওঁৰ প্ৰাক্তন প্ৰেমিকৰ সৈতে এক অন্তৰংগ মুহূৰ্তৰ ছবি। যুৱতীগৰাকীয়ে অভিযোগ কৰে যে আব্দুলে আনকি পৰিয়ালৰ সদস্য আৰু সকলো বন্ধু-বান্ধৱীৰ ছবিও বিচাৰিছিল।

আব্দুলে বিশেষ ৰীতি-নীতি কৰি "ক'লা যাদু" কৰিবলৈ কয়। সেই কাৰণে তেওঁ যুৱতীগৰাকীৰ পৰা পাৰিশ্ৰমিক হিচাপে ২ লাখ ৪০ হাজাৰ টকা বিচাৰিছিল। জ্যোতিষীগৰাকীৰ মতে যুৱতীগৰাকীয়েও নিৰ্দিষ্ট মাচুল দিছিল। ইয়াৰ পাছত আব্দুলে পুনৰ যুৱতীগৰাকীৰ পৰা প্ৰায় ডেৰ লাখ টকা দাবী কৰে। বাৰে বাৰে ইমান টকা দিবলৈ মান্তি নোহোৱাত যুৱতীগৰাকীক ভাবুকি দিবলৈ ধৰিলে। যুৱতীগৰাকীৰ মতে, আব্দুলে তেওঁক ভাবুকি দি থাকিল যে তেওঁৰ প্ৰাক্তন প্ৰেমিকৰ সৈতে তেওঁৰ অন্তৰংগ মুহূৰ্তসমূহ তেওঁৰ পৰিয়ালৰ লোকক দেখুৱাব। ছোৱালীজনীৰ পৰা আৰু ৪ লাখ ১০ হাজাৰ টকাৰ ভাবুকি দিয়ে। যুৱতীগৰাকীয়ে আব্দুলক মুঠ ৮ লাখ ২০ হাজাৰ টকা দিয়ে।

অৱশেষত ছোৱালীজনীয়ে আব্দুল আৰু তেওঁৰ দুই সহযোগীৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে। আব্দুল আৰু তেওঁৰ সহযোগী দুজনক আৰক্ষীয়ে জেৰা কৰে। আব্দুলে আৰক্ষীৰ আগত দাবী কৰে যে ছোৱালীজনীয়ে তেওঁক জোৰ কৰি বিভিন্ন অনুষ্ঠান সম্পন্ন কৰিছিল। লগতে তেওঁ পাৰিশ্ৰমিক হিচাপে লোৱা সকলো ধন যুৱতীগৰাকীক ঘূৰাই দিব বুলিও আৰক্ষীক জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু