--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২২ জানুৱাৰীত অযোধ্যাত মহা আড়ম্বৰেৰে প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ল শ্ৰীৰামচন্দ্ৰৰ পাঁচ বছৰ বয়সৰ মূৰ্তি ৰামলালা।  গুজৰাটৰ চুৰাটৰ এজন হীৰা ব্যৱসায়ীয়ে অযোধ্যাৰ নৱনিৰ্মিত ৰাম মন্দিৰত স্থাপন কৰা ৰাম লালাৰ মূৰ্তিৰ বাবে এটা 'মুকুট'  দান কৰিছে। ১১ কোটি টকা মূল্যৰ এই মুকুটটো নতুনকৈ নিৰ্মাণ কৰা ৰাম মন্দিৰৰ ৰামলালাৰ বাবে  বিশেষভাৱে তৈয়াৰ কৰা হৈছে ৷ 

চুৰাটৰ গ্ৰীণ লেব ডায়মণ্ড কোম্পানীৰ গৰাকী মুকেশ পেটেলে সোণ, হীৰা আৰু মূল্যৱান ৰত্নৰে সজ্জিত ভগৱান ৰামক ৬ কিলোগ্ৰাম ওজনৰ মুকুটটো  আগবঢ়ায়। মুকেশ পেটেলে তেওঁৰ পৰিয়ালৰ সৈতে অযোধ্যালৈ গৈ   মন্দিৰ ন্যাসৰ বিষয়াসকলক  মুকুটটো অৰ্পন  কৰে। ৰাম মন্দিৰৰ মুখ্য পুৰোহিত আৰু শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ ট্ৰাষ্টীসকলৰ উপস্থিতিত মুকেশ পেটেলে মুকুটটো হস্তান্তৰ কৰে ।

অযোধ্যাত ৰাম লালাৰ মূৰ্তিৰ 'প্ৰাণ প্ৰতিষ্ঠা'ৰ দিনটোৰ আৰম্ভণিতে মন্দিৰ চহৰখনৰ লগতে   সমগ্ৰ দেশতে বিশাল উদযাপনৰ  কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাম লালাৰ মূৰ্তিটো ৰাইজৰ বাবে মুকলি কৰে।। ইফালে, বিশ্ব হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় কোষাধ্যক্ষ দিনেশ ভাই নাভিয়াই প্ৰকাশ কৰা মতে  মুকেশ পেটেলে নৱনিৰ্মিত মন্দিৰত স্থাপন কৰা ভগৱান ৰামৰ মূৰ্তিৰ বাবে কিছু অলংকাৰো দান কৰিছে।  

মুকুটটোত ৪ কিলোগ্ৰাম সোণৰ লগতে হীৰা, ৰুবি, মুক্তা আৰু বিভিন্ন আকাৰৰ নীলমণি আছে। ৰাম লাল্লামূৰ্তিটো মাইচুৰৰ  ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজে প্ৰস্তুত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক