--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২২ জানুৱাৰীত অযোধ্যাত মহা আড়ম্বৰেৰে প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ল শ্ৰীৰামচন্দ্ৰৰ পাঁচ বছৰ বয়সৰ মূৰ্তি ৰামলালা।  গুজৰাটৰ চুৰাটৰ এজন হীৰা ব্যৱসায়ীয়ে অযোধ্যাৰ নৱনিৰ্মিত ৰাম মন্দিৰত স্থাপন কৰা ৰাম লালাৰ মূৰ্তিৰ বাবে এটা 'মুকুট'  দান কৰিছে। ১১ কোটি টকা মূল্যৰ এই মুকুটটো নতুনকৈ নিৰ্মাণ কৰা ৰাম মন্দিৰৰ ৰামলালাৰ বাবে  বিশেষভাৱে তৈয়াৰ কৰা হৈছে ৷ 

চুৰাটৰ গ্ৰীণ লেব ডায়মণ্ড কোম্পানীৰ গৰাকী মুকেশ পেটেলে সোণ, হীৰা আৰু মূল্যৱান ৰত্নৰে সজ্জিত ভগৱান ৰামক ৬ কিলোগ্ৰাম ওজনৰ মুকুটটো  আগবঢ়ায়। মুকেশ পেটেলে তেওঁৰ পৰিয়ালৰ সৈতে অযোধ্যালৈ গৈ   মন্দিৰ ন্যাসৰ বিষয়াসকলক  মুকুটটো অৰ্পন  কৰে। ৰাম মন্দিৰৰ মুখ্য পুৰোহিত আৰু শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ ট্ৰাষ্টীসকলৰ উপস্থিতিত মুকেশ পেটেলে মুকুটটো হস্তান্তৰ কৰে ।

অযোধ্যাত ৰাম লালাৰ মূৰ্তিৰ 'প্ৰাণ প্ৰতিষ্ঠা'ৰ দিনটোৰ আৰম্ভণিতে মন্দিৰ চহৰখনৰ লগতে   সমগ্ৰ দেশতে বিশাল উদযাপনৰ  কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাম লালাৰ মূৰ্তিটো ৰাইজৰ বাবে মুকলি কৰে।। ইফালে, বিশ্ব হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় কোষাধ্যক্ষ দিনেশ ভাই নাভিয়াই প্ৰকাশ কৰা মতে  মুকেশ পেটেলে নৱনিৰ্মিত মন্দিৰত স্থাপন কৰা ভগৱান ৰামৰ মূৰ্তিৰ বাবে কিছু অলংকাৰো দান কৰিছে।  

মুকুটটোত ৪ কিলোগ্ৰাম সোণৰ লগতে হীৰা, ৰুবি, মুক্তা আৰু বিভিন্ন আকাৰৰ নীলমণি আছে। ৰাম লাল্লামূৰ্তিটো মাইচুৰৰ  ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজে প্ৰস্তুত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু