--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সেউজীয়া শাক আঁহ, প্ৰটিন, ভিটামিন কে, মেংগানিজ, কেলচিয়াম, ভিটামিন বি ৬ আৰু ভিটামিন চিৰ দৰে পুষ্টিকৰ উপাদানৰ ভঁৰাল। সেউজীয়া শাক খালে বদহজম আৰু ছালৰ লগত জড়িত সমস্যাবোৰ নাইকিয়া হয়। ইয়াৰ লগতে ইয়াৰ ব্যৱহাৰৰ ফলত আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পায়।

মানুহৰ শৰীৰত তেজৰ অভাৱ পালেং খোৱাৰ দ্বাৰা পূৰণ হয়। পালেং খালে মগজু আৰু স্নায়ুৰ কাৰ্য্যও ভাল হয়। 

পালেং শাকত কেলছিয়াম, ভিটামিন চি আৰু লৌহ পদাৰ্থ বেছি পৰিমাণে থকাৰ বাবে, ই শৰীৰৰ বাবে উপকাৰী। ইয়াক ভাজি, মাছৰ আঞ্জা ৰান্ধি নাইবা চুপ কৰি খাব পাৰে। পালেং শাকৰ চালাড অতি পুষ্টিকৰ খাদ্য। ইয়াৰ ঔষধি গুণসমূহ হৈছে-

১) পালেং শাকত থকা বিটা কেৰ'টিন নামৰ ভিটামিন চকুৰ বাবে উপকাৰী। 

২) এনিমিয়াত ভোগা লোকে, পালেং শাক খালে ভাল ফল পাব। 

৩) হিম'গ্লবিন বৃদ্ধিত পালেং শাকে সহায় কৰে। 


৪) ফলিক এচিডো পালেং শাকত পোৱা যায়। গৰ্ভৱতী মহিলাৰ বাবে ফলিক এচিড উপকাৰী।

৫) কেঁচা পালেং শাকে মল বৃদ্ধিত সহায়তা কৰে। ফলত কোষ্ঠকাঠিন্য কমে। 

৬) পালেং শাকত কাৰ্বহাইড্ৰেট থকাৰ কাৰণে, মেদ বৃদ্ধিত বাধা দিয়ে। মেদ কমাবলৈ পালেং শাক খোৱাটো উপকাৰী।

৭) পালেং শাক পনীৰৰ লগত খালে ছাল উজ্জ্বল হয়। 

৮) পালেং শাকত কেলছিয়াম আৰু লৌহ পদাৰ্থ প্ৰচুৰ পৰিমাণে থাকে। সেয়ে পালেং শাক খালে দাঁত আৰু চুলি ভালে থাকে। 

৯) গাজৰৰ ৰসৰ লগত পালেং শাকৰ ৰস মিহলাই খালে ভোক বৃদ্ধি হয় আৰু টোপনি ভাল হয়। 

১০) কেঁচা কোমল পালেং শাকত অকণমান নিমখ আৰু নেমু মিহলাই খালে, তেজ পৰিষ্কাৰ হোৱাৰ লগতে তেজ বৃদ্ধি হয়।

১১) স্তনপান কৰোৱা মহিলাই দৈনিক কমেও ৬০০গ্ৰাম পালেঙৰ চালাদ বা তৰকাৰী বনাই খোৱা উচিত। 

১২) হাৰ্ট এটেকৰ সম্ভাৱনা কম কৰে পালেং শাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু