--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সেউজীয়া শাক আঁহ, প্ৰটিন, ভিটামিন কে, মেংগানিজ, কেলচিয়াম, ভিটামিন বি ৬ আৰু ভিটামিন চিৰ দৰে পুষ্টিকৰ উপাদানৰ ভঁৰাল। সেউজীয়া শাক খালে বদহজম আৰু ছালৰ লগত জড়িত সমস্যাবোৰ নাইকিয়া হয়। ইয়াৰ লগতে ইয়াৰ ব্যৱহাৰৰ ফলত আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পায়।

মানুহৰ শৰীৰত তেজৰ অভাৱ পালেং খোৱাৰ দ্বাৰা পূৰণ হয়। পালেং খালে মগজু আৰু স্নায়ুৰ কাৰ্য্যও ভাল হয়। 

পালেং শাকত কেলছিয়াম, ভিটামিন চি আৰু লৌহ পদাৰ্থ বেছি পৰিমাণে থকাৰ বাবে, ই শৰীৰৰ বাবে উপকাৰী। ইয়াক ভাজি, মাছৰ আঞ্জা ৰান্ধি নাইবা চুপ কৰি খাব পাৰে। পালেং শাকৰ চালাড অতি পুষ্টিকৰ খাদ্য। ইয়াৰ ঔষধি গুণসমূহ হৈছে-

১) পালেং শাকত থকা বিটা কেৰ'টিন নামৰ ভিটামিন চকুৰ বাবে উপকাৰী। 

২) এনিমিয়াত ভোগা লোকে, পালেং শাক খালে ভাল ফল পাব। 

৩) হিম'গ্লবিন বৃদ্ধিত পালেং শাকে সহায় কৰে। 


৪) ফলিক এচিডো পালেং শাকত পোৱা যায়। গৰ্ভৱতী মহিলাৰ বাবে ফলিক এচিড উপকাৰী।

৫) কেঁচা পালেং শাকে মল বৃদ্ধিত সহায়তা কৰে। ফলত কোষ্ঠকাঠিন্য কমে। 

৬) পালেং শাকত কাৰ্বহাইড্ৰেট থকাৰ কাৰণে, মেদ বৃদ্ধিত বাধা দিয়ে। মেদ কমাবলৈ পালেং শাক খোৱাটো উপকাৰী।

৭) পালেং শাক পনীৰৰ লগত খালে ছাল উজ্জ্বল হয়। 

৮) পালেং শাকত কেলছিয়াম আৰু লৌহ পদাৰ্থ প্ৰচুৰ পৰিমাণে থাকে। সেয়ে পালেং শাক খালে দাঁত আৰু চুলি ভালে থাকে। 

৯) গাজৰৰ ৰসৰ লগত পালেং শাকৰ ৰস মিহলাই খালে ভোক বৃদ্ধি হয় আৰু টোপনি ভাল হয়। 

১০) কেঁচা কোমল পালেং শাকত অকণমান নিমখ আৰু নেমু মিহলাই খালে, তেজ পৰিষ্কাৰ হোৱাৰ লগতে তেজ বৃদ্ধি হয়।

১১) স্তনপান কৰোৱা মহিলাই দৈনিক কমেও ৬০০গ্ৰাম পালেঙৰ চালাদ বা তৰকাৰী বনাই খোৱা উচিত। 

১২) হাৰ্ট এটেকৰ সম্ভাৱনা কম কৰে পালেং শাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক