--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বব্ৰহ্মাণ্ডখন প্ৰাৰম্ভিক পৰ্যায়ত ধীৰ গতিৰে চলি আছিল। এশ বছৰতকৈও অধিক পূৰ্বে আইনষ্টাইনে কৈছিল এইদৰে। শেহতীয়াকৈ জ্যোতিবিজ্ঞানীসকলে ইয়াক প্ৰত্যক্ষ কৰা বুলি দাবী কৰিছে।

বিজ্ঞানীসকলে লক্ষ্য কৰে যে যেতিয়া বিশ্বব্ৰহ্মাণ্ডখনৰ বয়স মাত্ৰ ১ বিলিয়ন বছৰ বা বৰ্তমানৰ বয়সৰ প্ৰায় দহ ভাগৰ এভাগ আছিল, তেতিয়া পাঁচগুণ লেহেমীয়াকৈ গতি কৰিছিল। ইয়াৰ কাৰণ হৈছে বিশ্বব্ৰহ্মাণ্ডৰ সেই সময়ত সম্প্ৰসাৰণ ঘটি আছিল।

জ্যোতিৰ্পদাৰ্থবিজ্ঞানৰ অধ্যাপক তথা ছিডনী বিশ্ববিদ্যালয়ৰ জেৰেইণ্ট লুইছে কয়- ''এতিয়াৰ তুলনাত প্ৰায় পাঁচগুণ লেহেমীয়াকৈ বিশ্বব্ৰহ্মাণ্ডই গতি কৰা দেখিবলৈ পাওঁ। স্পীড কমাই চিনেমা চোৱাৰ দৰেই সকলো।”

উল্লেখ্য যে আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদ তত্ত্ব অনুসৰি জ্যোতিৰ্বিজ্ঞানীসকলে প্ৰাচীন মহাজাগতিক পৰিঘটনা আধুনিক পৰিঘটনাতকৈ অধিক লাহে লাহে ঘটিছিল। 'সময় প্ৰসাৰণ’ নামেৰে জনাজাত এই প্ৰভাৱ বিশ্বব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণৰ দ্বাৰা পৰিচালিত হয়, যিটো ১৯১৫ চনত বিজ্ঞানীগৰাকীয়ে মাধ্যাকৰ্ষণৰ মৌলিক বৰ্ণনাত উল্লেখ কৰিছে।

জ্যোতিৰ্বিজ্ঞানীসকলে ইয়াৰ পূৰ্বেও তৰাবোৰ লাহে লাহে বিস্ফোৰণ হোৱা দেখিছে, য’ত ফ্লেছ আৰু ফেড প্ৰায় আধা স্বাভাৱিক গতিৰে উন্মোচিত হয়, যেতিয়া বিশ্বব্ৰহ্মাণ্ডখন বৰ্তমানৰ বয়সৰ আধা আছিল। কিন্তু অতি উজ্জ্বল, দূৰৈৰ তাৰকাৰাজ্যবোৰ  পৰ্যবেক্ষণ কৰি অতি প্ৰাৰম্ভিক মহাবিশ্বত সময়ৰ প্ৰসাৰণ দেখাৰ প্ৰচেষ্টাই ইয়াৰ প্ৰভাৱ বিচাৰি উলিয়াব পৰা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু