--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰে ফ্ল’ৰিডাৰ পৰা স্পেচএক্স ৰকেটৰ দ্বাৰা ইউৰোপীয় মহাকাশ সংস্থাৰ ইউক্লিড স্পেছ টেলিস্কোপ মহাকাশলৈ উৰা মাৰে। উৎক্ষেপণৰ প্ৰায় এঘণ্টাৰ পিছত ৰকেটৰ পৰা সফলতাৰে পৃথক হোৱা এই টেলিস্কোপে বিশ্বব্ৰহ্মাণ্ডৰ "অন্ধকাৰ" বা অজ্ঞাত ক্ষেত্ৰসমূহ অন্বেষণ কৰিবলৈ সাজু হৈছে।

জাৰ্মানীৰ বিমান নিয়ন্ত্ৰকসকলে বিমানখনৰ এঘণ্টা নৌহওঁতেই সফলতা ঘোষণা কৰে। ৰকেটৰ পৰা পৃথক হোৱাৰ পিছত টেলিস্কোপৰ পৰা সংকেত পোৱাৰ পিছতে তেওঁলোকে হাত চাপৰি বজায়।

ইউৰোপীয় মহাকাশ সংস্থাৰ সঞ্চালক প্ৰধান জোচেফ আচবাচাৰে ফ্ল’ৰিডাৰ উৎক্ষেপণ স্থানৰ পৰা কয় যে, ‘মই ইমানেই ৰোমাঞ্চিত, মই ইমানেই উৎসাহিত যে এতিয়া এই অভিযানটো মহাকাশত ওপৰলৈ উঠিছে, এইটো জানি যে খুব ভাল লাগিছে।’’

ইউক্লিড টেলিস্কোপে এতিয়া নিজৰ গন্তব্যস্থানলৈ এমাহজোৰা যাত্ৰা আৰম্ভ কৰে, যাক সৌৰ কক্ষপথৰ দ্বিতীয় লেগ্ৰেঞ্জ বিন্দু (L2) বুলি জনা যায়, য’ত সূৰ্য্য আৰু পৃথিৱীৰ পৰা অহা মাধ্যাকৰ্ষণ শক্তিয়ে উপগ্ৰহৰ কক্ষপথৰ গতিৰ মাজত ভাৰসাম্য ৰক্ষা কৰে।

নাছাৰ মতে, পাঁচটা তথাকথিত "লেগ্ৰেঞ্জ পইণ্ট" আছে। L2 পৃথিৱীৰ পৰা প্ৰায় ১০ লাখ মাইল (১৬ লাখ কিলোমিটাৰ) দূৰত। L2 ৰ পৰা এই টেলিস্কোপে পৃথিৱীৰ পৰা ১০ বিলিয়ন আলোকবৰ্ষ দূৰত্বৰ তাৰকাৰাজ্যসমূহৰ জৰীপ কৰিব।

২ টন ওজনৰ এই মহাকাশযানখনত সেই তাৰকাৰাজ্যবোৰৰ পৰা অহা ইনফ্ৰাৰেড পোহৰৰ তীব্ৰতা আৰু বৰ্ণালী জুখিব পৰাকৈ ডিজাইন কৰা যন্ত্ৰও সন্নিবিষ্ট কৰা হৈছে যাতে ইয়াৰ দূৰত্ব সঠিকভাৱে নিৰ্ণয় কৰিব পৰা যায়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ