--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাণ প্ৰতিষ্ঠাৰ পাছতে গৰ্ভৱতী মহিলাসকলৰ বাবে বিশেষ ঘোষণা প্ৰধানমন্ত্ৰীৰ৷ প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ অধীনত এতিয়া হিতাধিকাৰীসকলক তিনিটা কিস্তিত নহয় দুটা কিস্তিত পাঁচ হাজাৰ টকা দিয়া হ’ব। দ্বিতীয়বাৰৰ বাবে কন্যা সন্তান জন্ম দিলে লাভ কৰিব অতিৰিক্ত এহেজাৰ টকা। গৰ্ভৱতী মহিলাগৰাকীয়ে সমগ্ৰ ধন তেওঁৰ স্বাস্থ্য, প্ৰসৱ আৰু খাদ্যৰ বাবে ব্যয় কৰিব। ইয়াৰ লগে লগে এতিয়া আশা আৰু এএনএমে হিতাধিকাৰীৰ ঘৰলৈ গৈ গৰ্ভৱতী মহিলাৰ সবিশেষ জানিবলৈ নিজৰ স্মাৰ্ট ফোনত অনলাইন আবেদন কৰিব।

২০১৭ চনৰ জানুৱাৰী মাহত মাতৃ বন্দনা যোজনা আৰম্ভ হৈছিল। প্ৰথম আৰু দ্বিতীয় বাৰৰ বাবে মাতৃ হোৱা মহিলাক তিনিটা কিস্তিত পাঁচ হাজাৰ টকা দিয়া হয়, যাতে গৰ্ভৱতী মহিলাসকলে সময়ে সময়ে চেকআপ কৰাৰ লগতে পুষ্টিকৰ খাদ্যও লাভ কৰিব পাৰে।

আঁচনিখনত শ্ৰমিক শ্ৰেণীৰ মহিলাসকলক সকাহ দিয়াৰ প্ৰয়াস কৰা হৈছে। কিন্তু এতিয়া চৰকাৰৰ নিৰ্দেশত হিতাধিকাৰীক দিয়া ধনৰাশি দুটা কিস্তিত ভাগ কৰা হৈছে। প্ৰথমবাৰৰ বাবে ৩০০০ টকা আৰু দ্বিতীয়বাৰৰ বাবে ২০০০ টকা দিয়া হ’ব। এই ধনৰাশি গৰ্ভৱতী মহিলাৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হ’ব।

কন্যা শিশুক উৎসাহ দিয়াৰ সন্দৰ্ভত চৰকাৰে আন এক পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰথম প্ৰসৱৰ সময়ত মহিলাসকলক মাতৃ বন্দনা যোজনাৰ অধীনত সাহায্যৰ সুবিধা প্ৰদান কৰা হ’ব। দ্বিতীয় সন্তান যদি ছোৱালী হয় তেন্তে ৫ হাজাৰ টকাৰ আঁচনিৰ অধীনত পুনৰ সুবিধা প্ৰদান কৰা হ’ব। এই ধনৰাশি মহিলাক প্ৰসৱৰ পাছত ৯ মাহৰ বাবে অৰ্থাৎ ২৭০ দিনৰ বাবে দিব লাগে।

আঁচনিৰ পূৰ্বে হিতাধিকাৰীসকলে জনসেৱা কেন্দ্ৰত আৱেদন কৰিব লগা হৈছিল যদিও এতিয়া গাঁওসমূহৰ নগৰীয়া স্বাস্থ্য কেন্দ্ৰসমূহত পোষ্ট কৰা এ এন এম আৰু আশাই হিতাধিকাৰীৰ ঘৰত উপস্থিত হৈ তথ্য লাভ কৰাৰ লগে লগে তেওঁলোকৰ স্মাৰ্ট ফোনৰ পৰা অনলাইনযোগে আবেদন কৰিব৷ বিভাগৰ পৰা তেওঁলোকক আইডি আৰু পাছৱৰ্ড প্ৰদান কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক