--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাণ প্ৰতিষ্ঠাৰ পাছতে গৰ্ভৱতী মহিলাসকলৰ বাবে বিশেষ ঘোষণা প্ৰধানমন্ত্ৰীৰ৷ প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ অধীনত এতিয়া হিতাধিকাৰীসকলক তিনিটা কিস্তিত নহয় দুটা কিস্তিত পাঁচ হাজাৰ টকা দিয়া হ’ব। দ্বিতীয়বাৰৰ বাবে কন্যা সন্তান জন্ম দিলে লাভ কৰিব অতিৰিক্ত এহেজাৰ টকা। গৰ্ভৱতী মহিলাগৰাকীয়ে সমগ্ৰ ধন তেওঁৰ স্বাস্থ্য, প্ৰসৱ আৰু খাদ্যৰ বাবে ব্যয় কৰিব। ইয়াৰ লগে লগে এতিয়া আশা আৰু এএনএমে হিতাধিকাৰীৰ ঘৰলৈ গৈ গৰ্ভৱতী মহিলাৰ সবিশেষ জানিবলৈ নিজৰ স্মাৰ্ট ফোনত অনলাইন আবেদন কৰিব।

২০১৭ চনৰ জানুৱাৰী মাহত মাতৃ বন্দনা যোজনা আৰম্ভ হৈছিল। প্ৰথম আৰু দ্বিতীয় বাৰৰ বাবে মাতৃ হোৱা মহিলাক তিনিটা কিস্তিত পাঁচ হাজাৰ টকা দিয়া হয়, যাতে গৰ্ভৱতী মহিলাসকলে সময়ে সময়ে চেকআপ কৰাৰ লগতে পুষ্টিকৰ খাদ্যও লাভ কৰিব পাৰে।

আঁচনিখনত শ্ৰমিক শ্ৰেণীৰ মহিলাসকলক সকাহ দিয়াৰ প্ৰয়াস কৰা হৈছে। কিন্তু এতিয়া চৰকাৰৰ নিৰ্দেশত হিতাধিকাৰীক দিয়া ধনৰাশি দুটা কিস্তিত ভাগ কৰা হৈছে। প্ৰথমবাৰৰ বাবে ৩০০০ টকা আৰু দ্বিতীয়বাৰৰ বাবে ২০০০ টকা দিয়া হ’ব। এই ধনৰাশি গৰ্ভৱতী মহিলাৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হ’ব।

কন্যা শিশুক উৎসাহ দিয়াৰ সন্দৰ্ভত চৰকাৰে আন এক পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰথম প্ৰসৱৰ সময়ত মহিলাসকলক মাতৃ বন্দনা যোজনাৰ অধীনত সাহায্যৰ সুবিধা প্ৰদান কৰা হ’ব। দ্বিতীয় সন্তান যদি ছোৱালী হয় তেন্তে ৫ হাজাৰ টকাৰ আঁচনিৰ অধীনত পুনৰ সুবিধা প্ৰদান কৰা হ’ব। এই ধনৰাশি মহিলাক প্ৰসৱৰ পাছত ৯ মাহৰ বাবে অৰ্থাৎ ২৭০ দিনৰ বাবে দিব লাগে।

আঁচনিৰ পূৰ্বে হিতাধিকাৰীসকলে জনসেৱা কেন্দ্ৰত আৱেদন কৰিব লগা হৈছিল যদিও এতিয়া গাঁওসমূহৰ নগৰীয়া স্বাস্থ্য কেন্দ্ৰসমূহত পোষ্ট কৰা এ এন এম আৰু আশাই হিতাধিকাৰীৰ ঘৰত উপস্থিত হৈ তথ্য লাভ কৰাৰ লগে লগে তেওঁলোকৰ স্মাৰ্ট ফোনৰ পৰা অনলাইনযোগে আবেদন কৰিব৷ বিভাগৰ পৰা তেওঁলোকক আইডি আৰু পাছৱৰ্ড প্ৰদান কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু