--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন ৰঙৰ অন্ধ ব্যক্তিক চালক হিচাপে নিযুক্তি দিয়াক লৈ দিল্লী পৰিবহণ নিগমৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। আদালতে কয় যে এই বিষয়টোৰ বাবে জনসাধাৰণৰ সুৰক্ষাক আওকাণ কৰি মানুহজনক তিনি বছৰ (২০০৮-২০১১) বাছ চলাবলৈ দিয়াটো ভয়ংকৰ কাণ্ড। ৰঙৰ অন্ধ লোকে বিশেষকৈ সেউজীয়া আৰু ৰঙা ৰঙৰ মাজত পাৰ্থক্য কৰিব নোৱাৰে।

ন্যায়াধীশ চন্দ্ৰ ধৰী সিঙে কয় যে দিল্লী পৰিবহণ নিগমৰ (ডিটিচি)ৰ ফালৰ পৰা হোৱা গাফিলতিৰ সাক্ষী হোৱাটো অতি হতাশাজনক।

২০১১ চনৰ জানুৱাৰী মাহত দুৰ্ঘটনাৰ বাবে ৰঙৰ অন্ধ চালকজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সন্দৰ্ভত ডিটিচিয়ে দাখিল কৰা আবেদনৰ পৰাই এই মন্তব্যৰ মূলতে হৈছে।আদালতে ডিটিচিয়ে নিজৰ চালকসকলৰ ফিটনেছ নিশ্চিত কৰাৰ ক্ষেত্ৰত যথাযথ সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন বুলি উল্লেখ কৰি ৰঙৰ অন্ধ চালকজনক নিযুক্তি দিয়াৰ পৰিস্থিতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে।


আদালতে মন্তব্য কৰে যে ২০০৮ চনত নিযুক্তি পোৱাৰ পৰা ২০১১ চনলৈকে অৰ্থাৎ ৩ বছৰৰ বাবে আবেদনকাৰী বিভাগৰ বাছ চলোৱাৰ লগতে আবেদনকাৰীক বিভাগৰ বাছ চলাবলৈ অনুমতি দিয়াটো অতি ভয়ংকৰ পৰিস্থিতি;গুৰু নানক চিকিৎসালয়ৰ পৰা প্ৰদান কৰা মেডিকেল চাৰ্টিফিকেটৰ ভিত্তিত ৰঙৰ অন্ধতাত আক্ৰান্ত ব্যক্তিজনক নিযুক্তি দিয়া বুলি আদালতক অৱগত কৰা হয়৷

ন্যায়াধীশ সিঙে সম্পূৰ্ণ তদন্তৰ অন্তত ডিটিচিৰ অধ্যক্ষক ব্যক্তিগত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ২০০৮ চনত লোৱা নিযুক্তিৰ সিদ্ধান্তৰ বাবে দায়বদ্ধ বিষয়াজনৰ বিষয়েও সবিশেষ জানিবলৈ আদালতে অনুৰোধ জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু