--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰতি বছৰে ৯ মাৰ্চৰ দিনটোত ‘বিশ্ব বৃক্ক দিৱস’ হিচাপে পালন কৰা হয়। এই দিৱসৰ উদ্দেশ্য হৈছে বৃক্ক সম্পৰ্কীয় ৰোগ আৰু সমস্যাৰ বিষয়ত সজাগতা সৃষ্টি কৰা আৰু এই ৰোগৰ সংক্ৰমণ হ্ৰাস কৰা। বৃক্কৰ স্বাস্থ্য বজাই ৰাখিবলৈ প্ৰায়ে কোৱা হয় যে অধিক পৰিমাণৰ পানী খোৱা উচিত, যাতে বিষাক্ত পদাৰ্থই শৰীৰৰ পৰা ওলাই অহাত সহায় কৰিব পাৰে আৰু বৃক্ক সুস্থ হৈ থাকে। গতিকে অধিক পৰিমাণৰ পানী খোৱাটো স্বাস্থ্যৰ পক্ষে ভাল বুলি গণ্য কৰা হয়। সেয়েহে একাংশ লোকে প্ৰয়োজনতকৈ অধিক পানী সেৱন কৰা দেখা যায়। কিন্তু অধিক পানী খোৱাটো উচিতনে?

 উল্লেখ্য যে আমাৰ শৰীৰৰ প্ৰায় ৬০ শতাংশ পানীৰে গঠিত। এই পানীয়ে শৰীৰৰ অংগসমূহৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰাৰ লগতে শৰীৰ বিভিন্ন কোষলৈ পুষ্টি পৰিবহণ কৰা আৰু খাদ্য হজমতো সহায় কৰে।

 * বেছিকৈ পানী খালে কি হয়?

অত্যধিক পৰিমাণৰ পানী সেৱনে মগজুৰ কাৰ্য্যত বাধাৰ সৃষ্টি কৰিব পাৰে। শৰীৰৰ কোষত (মগজুৰ কোষকে ধৰি) অতিৰিক্ত পানী জমা হ’লে এনে হয়, যাৰ বাবে কোষবোৰ ফুলি উঠে ফলত মগজুৰ ওপৰত চাপ বাঢ়ি যায়।

 * অত্যধিক পানী খোৱাৰ লক্ষণ-

১. প্ৰস্ৰাৱৰ ৰং সলনি হোৱা

২. বেছিকৈ শৌচাগাৰলৈ যোৱা

৩. পিঁয়াহ নাথাকিলেও পানী খোৱা

 ৪. বমিৰ দৰে অনুভৱ কৰা

 * দিনটোত কিমান পানী খোৱাটো উচিত?

দৈনিক কিমান পানী খাব লাগে সেয়া নিৰ্ভৰ কৰে আপুনি দৈনিক কেনেধৰণৰ কৰ্ম কৰে তাৰ ওপৰত। প্ৰতিজন ব্যক্তিৰ পানীৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ। কিমান পানীৰ প্ৰয়োজন এই ৪টা ভিত্তিত নিৰ্ণয় কৰিব পাৰি।

১. শাৰীৰিক কাৰ্যকলাপৰ মাত্ৰা-

২. জলবায়ু

৩. শৰীৰৰ ওজন

৪. লিংগ

এইবোৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰি এজন ব্যক্তিয়ে দৈনিক ২ৰ পৰা ৩ লিটাৰ পানী খোৱা উচিত।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ব্যৰ্থ প্ৰধানমন্ত্ৰীৰ 'সূৰ্যঘৰ', সৌৰ পেনেল স্থাপনৰে বিদ্যুৎ উৎপাদনৰ অভিলাষী আঁচনিৰ নাই অগ্রগতি
ডেৰ বছৰীয়া পুত্ৰক বুকুত সাবটি গংগাত জাঁপ BSF জোৱানৰ, ৫ দিন পূৰ্বে পত্নীয়েও জাঁপ দিছিল গংগাত
AIDS নিয়ন্ত্ৰণ সজাগতা চলি থকাৰ মাজতে HIV পৰীক্ষাৰ নামত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভয়ংকৰ কাণ্ড
তিয়াই থোৱা আখৰোট খালে আপোনাৰ ৫টা আচৰিত উপকাৰ হ’ব! জানো আহক সবিশেষ
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে