--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰতি বছৰে ৯ মাৰ্চৰ দিনটোত ‘বিশ্ব বৃক্ক দিৱস’ হিচাপে পালন কৰা হয়। এই দিৱসৰ উদ্দেশ্য হৈছে বৃক্ক সম্পৰ্কীয় ৰোগ আৰু সমস্যাৰ বিষয়ত সজাগতা সৃষ্টি কৰা আৰু এই ৰোগৰ সংক্ৰমণ হ্ৰাস কৰা। বৃক্কৰ স্বাস্থ্য বজাই ৰাখিবলৈ প্ৰায়ে কোৱা হয় যে অধিক পৰিমাণৰ পানী খোৱা উচিত, যাতে বিষাক্ত পদাৰ্থই শৰীৰৰ পৰা ওলাই অহাত সহায় কৰিব পাৰে আৰু বৃক্ক সুস্থ হৈ থাকে। গতিকে অধিক পৰিমাণৰ পানী খোৱাটো স্বাস্থ্যৰ পক্ষে ভাল বুলি গণ্য কৰা হয়। সেয়েহে একাংশ লোকে প্ৰয়োজনতকৈ অধিক পানী সেৱন কৰা দেখা যায়। কিন্তু অধিক পানী খোৱাটো উচিতনে?

 উল্লেখ্য যে আমাৰ শৰীৰৰ প্ৰায় ৬০ শতাংশ পানীৰে গঠিত। এই পানীয়ে শৰীৰৰ অংগসমূহৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰাৰ লগতে শৰীৰ বিভিন্ন কোষলৈ পুষ্টি পৰিবহণ কৰা আৰু খাদ্য হজমতো সহায় কৰে।

 * বেছিকৈ পানী খালে কি হয়?

অত্যধিক পৰিমাণৰ পানী সেৱনে মগজুৰ কাৰ্য্যত বাধাৰ সৃষ্টি কৰিব পাৰে। শৰীৰৰ কোষত (মগজুৰ কোষকে ধৰি) অতিৰিক্ত পানী জমা হ’লে এনে হয়, যাৰ বাবে কোষবোৰ ফুলি উঠে ফলত মগজুৰ ওপৰত চাপ বাঢ়ি যায়।

 * অত্যধিক পানী খোৱাৰ লক্ষণ-

১. প্ৰস্ৰাৱৰ ৰং সলনি হোৱা

২. বেছিকৈ শৌচাগাৰলৈ যোৱা

৩. পিঁয়াহ নাথাকিলেও পানী খোৱা

 ৪. বমিৰ দৰে অনুভৱ কৰা

 * দিনটোত কিমান পানী খোৱাটো উচিত?

দৈনিক কিমান পানী খাব লাগে সেয়া নিৰ্ভৰ কৰে আপুনি দৈনিক কেনেধৰণৰ কৰ্ম কৰে তাৰ ওপৰত। প্ৰতিজন ব্যক্তিৰ পানীৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ। কিমান পানীৰ প্ৰয়োজন এই ৪টা ভিত্তিত নিৰ্ণয় কৰিব পাৰি।

১. শাৰীৰিক কাৰ্যকলাপৰ মাত্ৰা-

২. জলবায়ু

৩. শৰীৰৰ ওজন

৪. লিংগ

এইবোৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰি এজন ব্যক্তিয়ে দৈনিক ২ৰ পৰা ৩ লিটাৰ পানী খোৱা উচিত।







FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ