--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
জাহাজ  পানীত চলাটো নিতান্তই স্বাভাৱিক কথা। কিন্তু যদি ই পানীৰ বিপৰীতে  যদি এখন জাহাজ শূন্যতাত ভাঁহি থাকে, তেন্তে যিকোনো ই যিকোনো লোককে আচৰিত কৰি তুলিব। এনে এটা আচৰিত দৃশ্যৰে সাক্ষী হ’ল ডেভিদ মৰিছ নামৰ এজন লোক৷   কিন্তু আচৰিত হোৱা স্বত্বেও এই দৃশ্য কেমেৰাত বন্দী কৰি ৰাখিবলৈ নাপাহৰিলে তেওঁ৷   

ডেভিদ মৰিছ নামৰ ব্যক্তিজনে আৱদ্ধ কৰা দৃশ্যটোত জাহাজখন শূন্যতাত ভাঁহি আছে! 
ইংলেণ্ডৰ কৰ্ণৱালৰ ফালমাউথৰ ওচৰৰ এটা জনপদৰ পৰা সাগৰলৈ চাই তেওঁ দেখিলে যে পানীৰ ওপৰত বতাহত এটা ডাঙৰ টেংকাৰ ওপঙি আছে।

দেখাত আচৰিত যদিও এইয়া এক বৈজ্ঞানিক  পৰিঘটনাহে। এইয়া ঠিক  মৰীচিকাৰ দৰে৷এই ধৰণৰ ঘটনা প্ৰায়ে আৰ্কটিক অঞ্চলত হয়। এই বিৰল ঘটনা  ব্ৰিটেইনত শীতকালত দেখা যায়।

এই পৰিঘটনাটো কেনেদৰে ঘটে: এই ধৰণৰ ভ্ৰম মুখ্যতঃ বতৰ বিজ্ঞানৰ কাৰণত হয়। বিজ্ঞানীসকলে ইয়াক উষ্ণতাৰ বৈপৰীত্যৰ বাবে সংঘটিত হয় বুলি  অভিহিত কৰিছে। যেতিয়া তাপমাত্ৰা বিপৰীত হয়, গৰম বায়ু শীতল বায়ুৰ ওপৰত থাকে। ই আমাৰ দৃষ্টিশক্তিক ভ্ৰমিত কৰে। তেতিয়াই এনে দৃশ্য দেখা যায়।
বতৰ বিজ্ঞানী ডেভিদ ব্ৰায়েনে কয় যে এনে  মৰীচিকাই বিভিন্ন ধৰণৰ ছবি জনমানসত প্ৰতিষ্ঠিত কৰিব পাৰে৷ এই পৰিঘটনাৰ বাবেই দূৰৈৰ  জাহাজ এখনক ইয়াৰ মূল অৱস্থানতকৈ ওপৰলৈ ওপঙি থকা দেখা যায়। কেতিয়াবা দিগন্তৰ তলৰ বস্তু এটাও দৃশ্যমান হ'ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ