--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুদীৰ্ঘ পাঁচ বছৰৰ অন্তত  জিম কৰ্বেট ৰাষ্ট্ৰীয় উদ্যানত পুনৰ আৰম্ভ হ’ল  এলিফেণ্ট ছাফাৰী  । ফলত ৰাষ্ট্ৰীয় উদ্যান খনলৈ অহা পৰ্যটকসকলে হাতীত উঠি উদ্যান খন ভ্ৰমণৰ সুবিধা লাভ কৰিব।

উল্লেখ্য  নৈনিতাল উচ্চ ন্যায়ালয়ে বাণিজ্যিক উদ্দেশ্যত হাতীৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ পিছতে উদ্যান খনত হাতী ছাফাৰী বন্ধ হৈ পৰিছিল।  উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে  হাতী ছাফাৰী জিম কৰ্বেট ৰাষ্ট্ৰীয় উদ্যান আৰু ৰাজাজী ৰাষ্ট্ৰীয় উদ্যানত বন্ধ কৰি দিয়া হৈছিল। অৱশ্যে এই ছাফাৰী পুনৰ মুকলি কৰা হ'ব বুলি উত্তৰাখণ্ডৰ চৰকাৰে প্ৰকাশ কৰিছে। শেহতীয়াকৈ কৰ্বেট টাইগাৰ ফাউণ্ডেচনৰ এখন সভাত এই সিদ্ধান্ত লোৱা হৈছে। 

উত্তৰাখণ্ডৰ বন মন্ত্ৰী সুবোধ ইউনিয়ালে বন বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি এই বিষয়ত সিদ্ধান্ত লয়।   মন্ত্ৰী সুবোধ ইউনিয়ালে এই সন্দৰ্ভত কয়  যে সকলো নিয়ম-কানুন অনুসৰণ কৰি হাতীৰ পিঠিত উঠি ছাফাৰী আৰম্ভ কৰা হ'ব। তেওঁ কয় "পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিটো নিয়মৰ ব্যাখ্যা পৃথক হ'ব পাৰে। অৱশ্যে যদি হাতী ছাফাৰী আৰম্ভ কৰা হয়, ই ৰাজ্যখনৰ পৰিৱেশ-পৰ্যটনৰ বাবে লাভজনক হ'ব। ''

পৰ্যটকসকলে এপ্ৰিলৰ ভিতৰত কৰ্বেট ৰাষ্ট্ৰীয় উদ্যান আৰু ৰাজাজী ৰাষ্ট্ৰীয় উদ্যানত হাতীৰ পিঠিত উঠি  ছাফাৰীৰ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ'ব বুলিও তেওঁ কয় । জানিব পৰা মতে অহা দুসপ্তাহৰ ভিতৰত দুয়োখন ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰী আৰম্ভ কৰা হ'ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ