--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুদীৰ্ঘ পাঁচ বছৰৰ অন্তত  জিম কৰ্বেট ৰাষ্ট্ৰীয় উদ্যানত পুনৰ আৰম্ভ হ’ল  এলিফেণ্ট ছাফাৰী  । ফলত ৰাষ্ট্ৰীয় উদ্যান খনলৈ অহা পৰ্যটকসকলে হাতীত উঠি উদ্যান খন ভ্ৰমণৰ সুবিধা লাভ কৰিব।

উল্লেখ্য  নৈনিতাল উচ্চ ন্যায়ালয়ে বাণিজ্যিক উদ্দেশ্যত হাতীৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ পিছতে উদ্যান খনত হাতী ছাফাৰী বন্ধ হৈ পৰিছিল।  উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে  হাতী ছাফাৰী জিম কৰ্বেট ৰাষ্ট্ৰীয় উদ্যান আৰু ৰাজাজী ৰাষ্ট্ৰীয় উদ্যানত বন্ধ কৰি দিয়া হৈছিল। অৱশ্যে এই ছাফাৰী পুনৰ মুকলি কৰা হ'ব বুলি উত্তৰাখণ্ডৰ চৰকাৰে প্ৰকাশ কৰিছে। শেহতীয়াকৈ কৰ্বেট টাইগাৰ ফাউণ্ডেচনৰ এখন সভাত এই সিদ্ধান্ত লোৱা হৈছে। 

উত্তৰাখণ্ডৰ বন মন্ত্ৰী সুবোধ ইউনিয়ালে বন বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি এই বিষয়ত সিদ্ধান্ত লয়।   মন্ত্ৰী সুবোধ ইউনিয়ালে এই সন্দৰ্ভত কয়  যে সকলো নিয়ম-কানুন অনুসৰণ কৰি হাতীৰ পিঠিত উঠি ছাফাৰী আৰম্ভ কৰা হ'ব। তেওঁ কয় "পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিটো নিয়মৰ ব্যাখ্যা পৃথক হ'ব পাৰে। অৱশ্যে যদি হাতী ছাফাৰী আৰম্ভ কৰা হয়, ই ৰাজ্যখনৰ পৰিৱেশ-পৰ্যটনৰ বাবে লাভজনক হ'ব। ''

পৰ্যটকসকলে এপ্ৰিলৰ ভিতৰত কৰ্বেট ৰাষ্ট্ৰীয় উদ্যান আৰু ৰাজাজী ৰাষ্ট্ৰীয় উদ্যানত হাতীৰ পিঠিত উঠি  ছাফাৰীৰ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ'ব বুলিও তেওঁ কয় । জানিব পৰা মতে অহা দুসপ্তাহৰ ভিতৰত দুয়োখন ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰী আৰম্ভ কৰা হ'ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন