ডিজিটেল ডেস্ক: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কালি জেৰা চলাই চিবিআয়ে৷ ৯ ঘণ্টাজোৰা জেৰাত চিবিআইৰ অনুসন্ধানকাৰী বিষয়াই ৫৬টা প্ৰশ্ন কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক৷
আবকাৰী কেলেংকাৰিক লৈ জেৰাৰ সন্মুখীন হ’ল কেজৰিৱাল৷ কেলেংকাৰিৰ অভিযোগক অস্বীকাৰ কেজৰিৱালৰ৷ কেজৰিৱালক জেৰাৰ বিৰুদ্ধে আপ কৰ্মীয়ে দেশজুৰি সাব্যস্ত কৰে প্ৰতিবাদ৷ পূৰ্বে গ্ৰেপ্তাৰ কৰা মনীষ ছিচোদিয়া বৰ্তমানো কাৰাগাৰত৷ সুৰা কেলেংকাৰিক লৈয়ে গ্ৰেপ্তাৰ হৈছিল ছিচোদিয়া৷