--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গেৰুৱা সাজ পিন্ধা পুৰুষসকলে ধৰ্ষকসকলক মালা পিন্ধাব পাৰে, হিংসা ঘৃণা বিয়পাব পাৰে, গেৰুৱা পৰিহিত স্বামীজিয়ে নাবালিকাক ধৰ্ষণ কৰিব পাৰে, কিন্তু চিনেমাত গেৰুৱা সাজ পিন্ধিলেই দোষ হয়।– এই ক্ষোভ প্ৰকাশ কৰিছে দক্ষিণৰ জনপ্ৰিয় তাৰকা প্ৰকাশৰাজে।

শেহতীয়াকৈ শ্বাহৰুখ খান-দীপিকা পাডুকনৰ ‘পাঠান’ ছৱিৰ ‘বেছৰম ৰং’ নামৰ গানটোক লৈ হোৱা বিতৰ্ক সন্দৰ্ভত এই মত প্ৰকাশ কৰিছে প্ৰকাশৰাজে। ইতিমধ্যে ছৱিখনৰ উক্ত গানটোত দীপিকাই পৰিধান কৰা গেৰুৱা কাপোৰে জুই লগাইছে হিন্দুত্ববাদীসকলৰ মাজত। উঠিছে বয়কট পাঠানৰ দাবী।

তদুপৰি গানটোৱে অশ্লীলতা বিয়পাইছে বুলি অভিযোগ কৰিছিল মধ্যপ্ৰদেশৰ বিজেপি নেতা নৰোত্তম মিশ্ৰই। আনকি মিশ্ৰই পাঠান ছৱিখন নিষিদ্ধ কৰাৰো দাবী জনাইছিল। তাৰপাছতে পাঠানক লৈ উত্তাল হৈ আছে দেশ।

ইয়াতে অতীষ্ঠ হৈ প্ৰকাশ ৰাজে টুইটাৰত লিখে- “যেতিয়া ধৰ্ষণকাৰীক গেৰুৱা সাজ পিন্ধা লোকে মালা পিন্ধাই তেতিয়া ঠিকে আছে। গেৰুৱা সাজ পিন্ধি ঘৃণা-হিংসা বিয়পালেও ঠিকে আছে। গেৰুৱা সাজ পিন্ধি স্বামীজিয়ে নাবালিকাক ধৰ্ষণ কৰিলেও আপত্তি নাই। কিন্তু কেৱল চিনেমাত গেৰুৱা কাপোৰ পিন্ধিলেহে আপত্তি নেকি?”

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক