--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দ্যা কাশ্মীৰ ফাইলছত ভুল তথ্য দিয়া হৈছে! এই দাবী কৰিছে বলিউডৰ জনপ্ৰিয় পৰিচালক অনুৰাগ কাশ্যপে। শেহতীয়াকৈ টুইটাৰত দ্যা কাশ্মীৰ ফাইলছৰ পৰিচালক বিবেক অগ্নহোত্ৰী আৰু অনুৰাগ কাশ্যপৰ মাজত তীব্ৰ বিতৰ্ক হয়।

বিতৰ্কটো সংঘটিত হয় অনুৰাগ কাশ্যপৰ শেহতীয়া এটা সাক্ষাৎকাৰক কেন্দ্ৰ কৰি। তাত পৰিচালকগৰাকীয়ে কৈছিল- “বলিউডৰ সকলোৱে যদি পান-ইণ্ডিয়ান ছৱি বনাবলৈ আৰম্ভ কৰে তেতিয়া সাফল্য ৫-১০ শতাংশলৈ নামি যাব। ‘কান্তাৰা’ আৰু পুষ্পাৰ দৰে ছৱিয়ে সাহস দিয়ে নিজৰ নিজৰ গল্পসমূহ ক’বলৈ। কিন্তু তাৰ অৰ্থ এয়া নহয় যে সকলোৱে এইধৰণৰ ছৱিয়ে নিৰ্মাণ কৰিব লাগিব। মৌলিক বিষয় নিৰ্বাচনৰ সাহস ৰাখিব লাগিব।”

এই সাক্ষাৎকাৰটোৰ প্ৰতি ভ্ৰুকুটি প্ৰদৰ্শন কৰি টুইট কৰে বিবেক অগ্নিহোত্ৰীয়ে। লিখে- “বলিউডৰ এক আৰু একচ্ছত্ৰ অধীশ্বৰ ওৰফে অনুৰাগৰ বিপৰীতে মই সম্পূৰ্ণ ভিন্ন মত পোষণ কৰো। ভুল হ’ব নেকি?”

ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অনুৰাগ কাশ্যপে লিখে- “ভুল আপোনাৰ নহয়। আপোনাৰ চিনেমাৰ ভুল।” 

তাৰপাছতে ক্ষোভিত হৈ পৰে বিবেক। কাশ্মীৰ ফাইলছৰ বিষয়ে লিখে- “হে ভগৱান, দয়া কৰি এই ছৱিখনৰ বাবে কৰা ৪ বছৰৰ সকলো গৱেষণা ভুল প্ৰমাণিত কৰি দিয়া। গিৰিজা টিকু, বিকে গঞ্জু, বায়ুসেনা হত্যা, নদীমাৰ্গ সকলো কি ভুল আছিল নেকি? কাশ্মিৰী পণ্ডিতৰ ওপৰত কৰা নিৰ্যাতনৰ ৭০০ ভিডিঅ’, সকলো মিছা! প্ৰমাণ কৰি দিয়ক, তাৰ পাছত মই এই ভুল আৰু কেতিয়াও নকৰে।”

অৱশ্যে বিবেকৰ এই মন্তব্যৰ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই অনুৰাগ কাশ্যপে। কিন্তু দুয়োগৰাকী শীৰ্ষস্থানীয় পৰিচালকৰ এই বিতৰ্কই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু