--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দ্যা কাশ্মীৰ ফাইলছত ভুল তথ্য দিয়া হৈছে! এই দাবী কৰিছে বলিউডৰ জনপ্ৰিয় পৰিচালক অনুৰাগ কাশ্যপে। শেহতীয়াকৈ টুইটাৰত দ্যা কাশ্মীৰ ফাইলছৰ পৰিচালক বিবেক অগ্নহোত্ৰী আৰু অনুৰাগ কাশ্যপৰ মাজত তীব্ৰ বিতৰ্ক হয়।

বিতৰ্কটো সংঘটিত হয় অনুৰাগ কাশ্যপৰ শেহতীয়া এটা সাক্ষাৎকাৰক কেন্দ্ৰ কৰি। তাত পৰিচালকগৰাকীয়ে কৈছিল- “বলিউডৰ সকলোৱে যদি পান-ইণ্ডিয়ান ছৱি বনাবলৈ আৰম্ভ কৰে তেতিয়া সাফল্য ৫-১০ শতাংশলৈ নামি যাব। ‘কান্তাৰা’ আৰু পুষ্পাৰ দৰে ছৱিয়ে সাহস দিয়ে নিজৰ নিজৰ গল্পসমূহ ক’বলৈ। কিন্তু তাৰ অৰ্থ এয়া নহয় যে সকলোৱে এইধৰণৰ ছৱিয়ে নিৰ্মাণ কৰিব লাগিব। মৌলিক বিষয় নিৰ্বাচনৰ সাহস ৰাখিব লাগিব।”

এই সাক্ষাৎকাৰটোৰ প্ৰতি ভ্ৰুকুটি প্ৰদৰ্শন কৰি টুইট কৰে বিবেক অগ্নিহোত্ৰীয়ে। লিখে- “বলিউডৰ এক আৰু একচ্ছত্ৰ অধীশ্বৰ ওৰফে অনুৰাগৰ বিপৰীতে মই সম্পূৰ্ণ ভিন্ন মত পোষণ কৰো। ভুল হ’ব নেকি?”

ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অনুৰাগ কাশ্যপে লিখে- “ভুল আপোনাৰ নহয়। আপোনাৰ চিনেমাৰ ভুল।” 

তাৰপাছতে ক্ষোভিত হৈ পৰে বিবেক। কাশ্মীৰ ফাইলছৰ বিষয়ে লিখে- “হে ভগৱান, দয়া কৰি এই ছৱিখনৰ বাবে কৰা ৪ বছৰৰ সকলো গৱেষণা ভুল প্ৰমাণিত কৰি দিয়া। গিৰিজা টিকু, বিকে গঞ্জু, বায়ুসেনা হত্যা, নদীমাৰ্গ সকলো কি ভুল আছিল নেকি? কাশ্মিৰী পণ্ডিতৰ ওপৰত কৰা নিৰ্যাতনৰ ৭০০ ভিডিঅ’, সকলো মিছা! প্ৰমাণ কৰি দিয়ক, তাৰ পাছত মই এই ভুল আৰু কেতিয়াও নকৰে।”

অৱশ্যে বিবেকৰ এই মন্তব্যৰ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই অনুৰাগ কাশ্যপে। কিন্তু দুয়োগৰাকী শীৰ্ষস্থানীয় পৰিচালকৰ এই বিতৰ্কই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক