--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ   পাটনাত হঠাতে  চকু-ছাল  জ্বলা-পোৰা কৰিছে বহুতৰে৷ বহুতে আনকি ইয়াৰ বাবে দৰবো গ্ৰহণ কৰিবলগীয়া হৈছে৷ পাটনাৰ বহু লোক কিয় এনেদৰে চকু-ছাল  জ্বলা-পোৰা কৰা লক্ষণত আক্ৰান্ত হৈছে? দেশৰ ৰাজধানী চহৰ দিল্লীৰ লগতে বিহাৰৰ ৰাজধানী পাটনাটো প্ৰদূষণে কালান্তক ৰূপ ধাৰণ কৰিছে। ধূলি আৰু ধোঁৱাৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত ৰাজ্যখনৰ বিভিন্ন জিলাত মানুহৰ স্বাস্থ্যৰ এপৰত প্ৰভাৱ পৰিছে। প্ৰথমবাৰৰ বাবে, ৰাজ্যখনৰ১২ খন জিলাৰ একিউআই স্তৰ একেসময়তে বিপজ্জনক স্তৰত উপনীত হৈছে।

 ৰাজ্যখনত ঠাণ্ডা বৃদ্ধি হোৱাৰ লগে লগে কুঁৱলীও ঘন হৈ আহিছে। কেইদিনমান আগতে, গয়াত ৰাজ্যখনৰ  সৰ্বনিম্ন তাপমাত্ৰা ৭.৪ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছিল।  মঙলবাৰেও গয়াৰ নিম্নতম তাপমাত্ৰাত প্ৰায় ৫.৬ ডিগ্ৰী হয়।    বতৰ বিজ্ঞান বিভাগৰ মতে, বংগোপসাগৰত ঘূৰ্ণীবতাহৰ ফলত ঠাণ্ডা আৰু দুইৰ পৰা তিনি দিন বেছি হ'ব। 

ডিচেম্বৰৰ আৰম্ভণিতে  পশ্চিমীয়া বতাহৰ প্ৰভাৱ আৰম্ভ হোৱাৰ লগে লগে, বিহাৰৰ বেছিভাগ জিলাত নূ্যনতম তাপমাত্ৰা আৰু সৰ্বাধিক তাপমাত্ৰা হ্ৰাস হোৱা লক্ষ্য কৰা হৈছে। পাটনাৰ বায়ুত বাহনৰ পৰা নিৰ্গত কাৰ্বন মনোক্সাইড আৰু পিএম ২.৫ ৰ পৰিমাণ বৃদ্ধি পাইছে। ইয়াৰ ফলত, ৰাস্তাত খোজ কাঢ়ি  অহা-যোৱা কৰা লোকসকলৰ চকুত জ্বলা-পোৰা অনুভৱ হৈছে। বায়ু প্ৰদূষণ বিশেষজ্ঞসকলে কৈছিল যে পাটনাত একিউআই স্তৰ সংকটজনক অৱস্থাত উপনীত হৈছে।

 আনহাতে শেহতীয়াকৈ ৰাজ্যখনৰ ২১ খন জিলাৰ তাপমাত্ৰা বৃদ্ধি পাইছে। য'ত ৰাজধানী পাটনা, আৰাৰিয়া, পূৰ্ণিয়া, কাটিহাৰ, ভাগলপুৰ, খাগৰিয়া, সুপল, বাঙ্কা, জামুই, শ্বেখপুৰা, বেগুচৰাই, সমস্তিপুৰ, সীতামাঢ়ী, গয়া, পূব চম্পাৰণ, মুজাফ্ফৰপুৰ, ঔৰঙ্গাবাদ, ৰোহতাস, চিৱানী আৰু বাল্মীক নগৰী নগৰ আদি আছে। সেইবোৰ ঠাইত শীতৰ দিনতো  তাপমাত্ৰা বৃদ্ধি পাইছে। দেশৰ ১৮৫ খন চহৰৰ ভিতৰত বিহাৰৰ ১৩ খন চহৰত ৪০০ তকৈ ওপৰৰ একিউআই স্তৰ নথিভুক্ত কৰা হৈছে।  প্ৰথমবাৰৰ বাবে পাটনাৰ একিউআই স্তৰ ৪০১ ত উপনীত হয়। ইয়াৰ উপৰিও, দৰভাঙ্গা, বেতিয়া, বেগুচৰাই, চিৱান, সমস্তিপুৰকে ধৰি ১২ খন জিলাত একিউআই স্তৰ গুৰুতৰ ভাবে বৃদ্ধি পাইছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক