--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোটি কোটি জনসংখ্যাৰে ভৰি থকা ভাৰতবৰ্ষত চৰকাৰে যিটোে হাৰ প্ৰতিবছৰে চাকৰি সৃষ্টি কৰিব পাৰিব লাগিছিল তেনেদৰে পৰা নাই৷ মোদীৰ চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এতিয়ালৈকে মাত্ৰ কেইলাখমান নিবনুৱাইহে চাকৰি লাভ কিবলৈ সক্ষম হৈছে মোদীৰ চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰিছে যে শীঘ্ৰে দেশত নতুনকৈ ১০ লাখ চাকৰি সৃষ্টি কৰা হ’ব৷ 

কিন্তু কোটি কোটি নিবনুৱাৰে ভৰি থকা ভাৰতত সেই ১০ লাখ চাকৰি এপাচি শাকত এটা জালুকৰ দৰেহে হ’ব বুলি বহুতে মন্তব্য কৰিছে৷ চৰকাৰে কেৱল সাধাৰণ চাকৰিয়েই নহয়, প্ৰশাসনিক দিশৰো কেইবা হাজাৰ পদ আজিও পূৰণ কৰিব পৰা নাই৷ ভাৰতত বৰ্তমান ১,৪৭২ টা  আইএএছ আৰু ৮৬৪ টা  আইপিএছৰ পদ পূৰণ নোহোৱাকৈ পৰি ৰৈছে৷  একেদৰে  ১,০৫৭ জন ভাৰতীয় বন সেৱা (আইএফএছ)ৰ বিষয়াৰ পদো খালী হৈ আছে । লোকসভাত এই তথ্য সদৰী কৰিছে কেন্দ্ৰীয় কৰ্মচাৰী দপ্তৰৰ  ৰাজ্যিক মন্ত্ৰী জীতেন্দ্ৰ সিঙে৷

দেশত আই.এ.এছ. বিষয়াসকলৰ অনুমোদিত পদৰ সংখ্যা  হৈছে  ৬,৭৮৯, আই.পি.এছ. বিষয়াৰ অনুমোদিত পদৰ সংখ্যা  হৈছে ৪,৯৮৪ জন আৰু আই.এফ.এছ.-ৰ বাবে ৩,১৯১ জন । কেন্দ্ৰীয় কৰ্মচাৰী দপ্তৰৰ  ৰাজ্যিক মন্ত্ৰী জীতেন্দ্ৰ সিঙে এক লিখিত প্ৰশ্নৰ উত্তৰত কয়যে  ২০২২ চনৰ ১ জানুৱাৰীলৈকে এই পদসমূহৰ বহু কেইটা পদ খালী হৈ আছে।ইয়াৰ ভিতৰত ক্ৰমান্বয়ে ৫,৩১৭ জন আইএএছ বিষয়া, ৪,১২০ জন আইপিএছ বিষয়া আৰু ২,১৩৪ জন আইএফএছ বিষয়াৰ পদ  পূৰণ  হৈ আছে বুলি তেওঁ কয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু