--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এপ্ৰিল মাহৰ পৰাই দেশত আৰম্ভ হৈছে প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহ। পশ্চিম বংগকে ধৰি দেশৰ আন কেইবা খনো ৰাজ্যত গ্ৰীষ্ম প্ৰবাহে কালান্তক ৰূপ ধাৰণ কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সোমবাৰে ভাৰতৰ কেইবাটাও ঠাইৰ বাবে গ্ৰীষ্ম প্ৰবাহৰ সতৰ্কবাণী জাৰি কৰিছে।  যাৰ ভিতৰত আছে পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, বিহাৰ, পশ্চিম বংগ, ছিকিম, উৰিষ্যা আৰু উপকূলীয় ৰাজ্য অন্ধ্ৰ প্ৰদেশ।


 দিল্লীত এতিয়া  তাপমাত্ৰা ইমানেই  বৃদ্ধি  পাইছে যে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে। আইএমডিৰ  বিষয়া নৰেশ কুমাৰে প্ৰকাশ কৰা মতে  উত্তৰ-পশ্চিম ভাৰতৰ সমভূমি আৰু মধ্য প্ৰদেশ , পূব ভাৰতৰ ওচৰৰ বহু অংশত সৰ্বাধিক তাপমাত্ৰা ৪০ ৰ পৰা ৪২ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকিব। আইএমডিয়ে কৈছে যে উত্তৰ-পশ্চিম, পূবৰ বহু  অংশত সৰ্বাধিক তাপমাত্ৰা স্বাভাৱিকতকৈ ৩ৰ পৰা ৫ ডিগ্ৰী চেলচিয়াছ অধিক হ’ব।  

উত্তৰ-পূব ভাৰততো এইবাৰ তাপমাত্ৰা বহু খিনি বৃদ্ধি পাব। ।পূব ভাৰতৰ  পশ্চিম বংগ অঞ্চলত যোৱা চাৰি দিন ধৰি গ্ৰীষ্ম প্ৰবাহৰ তাণ্ডৱ চলি আছে। ইতিমধ্যে  পশ্চিম বংগৰ বাবে কমলা ৰঙৰ সতৰ্কবাণী জাৰি কৰা হৈছে।ৰাজ্য খনত গৰমৰ বন্ধৰ দিন  ২ মে’লৈ তিনি সপ্তাহ আগুৱাই দিয়া হৈছে । বিদ্যালয়সমূহত গৰমৰ বন্ধ  প্ৰথমে  ২৪ অথবা ২৫ মে’ৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল। ৰাজ্য খনৰ সকলো শিক্ষানুষ্ঠান ইতিমধ্যে বন্ধ ঘোষণা কৰা হৈছে।  বতৰ বিজ্ঞান কেন্দ্ৰ মতে  দিল্লীত  তাপমাত্ৰা স্বাভাৱিকতকৈ প্ৰায় ৪ ডিগ্ৰী অধিক হ'ব।

 পঞ্জাৱ আৰু হাৰিয়ানাত   পৰৱৰ্তী দুদিনৰ বাবে  হিটৱেভ চলি থাকিব।  বিহাৰৰ বেছিভাগ জিলাতে তাপমাত্ৰা ক্ৰমান্বয়ে বৃদ্ধি হোৱা দেখা গৈছে।  বিহাৰত  ১৯-২০ এপ্ৰিলৰ আশে পাশে তাপমাত্ৰা ৪২-৪৪° চেণ্টিগ্ৰেডলৈ যাব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে।  আজি মহাৰাষ্ট্ৰৰ  থানে অৱজাৰ্ভেটৰীয়ে সৰ্বাধিক তাপমাত্ৰা ৩৮ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰিছে। ইপিনে মহাৰাষ্ট্ৰত প্ৰচণ্ড গৰমত ১১ জন লোকৰ  মৃত্যু ঘটিছে। 

ৰাজ্য খনৰ নবি মুম্বাইত আয়োজিত এক অনুষ্ঠানৰ মাজতে ১১ জন লোকৰ গৰমত মৃত্যু ঘটে। মহাৰাষ্ট্ৰ ভূষণ পুৰস্কাৰ  প্ৰদান অনুষ্ঠানতে এই অঘটন ঘটে। অনুষ্ঠানটোত হাজাৰ হাজাৰ লোক সমবেত হৈছিল।  প্ৰচণ্ড ৰ’দ সহিব নোৱাৰি  ১১জন লোকৰ মৃত্যু ঘটে। ইতিমধ্যে হিট ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰা লোকসকলৰ পৰিয়াললৈ ৫ লাখ টকাৰ  আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে।বতৰ বিজ্ঞান কেন্দ্ৰ মতে অসম তথা উত্তৰ -পূবৰ ৰাজ্যৰ কেইখনতো এই বেলি গ্ৰীষ্ম প্ৰবাহে ৰুদ্ৰ ৰূপ ধাৰণ কৰিব। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ড্ৰ'নেৰে নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা
যোৰহাটত ভোগদৈ নৈ, টোকোলাই জানৰ বেদখলত প্রশাসন মৌন কিয়?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভংগ কৰিলে ইন্দিৰা গান্ধীৰ অভিলেখ
গৰমৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে নেকি ? সেৱন কৰক এই কেইটা পানীয়
কাৰ্গিল বিজয় দিৱস: ৰাষ্ট্ৰীয় শ্ৰদ্ধাঞ্জলি, অপাৰেচন বিজয়ৰ ২৬ বছৰ পূর্তি
মালদ্বীপৰ ৰাষ্ট্ৰপতি, সমগ্র কেবিনেটে আদৰিলে প্রধানমন্ত্রী মোদীক
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিলে চীনে
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এজন আৰক্ষী জোৱানৰ
ৰাছিয়াৰ তেল উদ্যোগৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা ই ইউৰ
মহিলাসকলে ৪০ বছৰৰ পাছত এইবোৰ খাদ্য খাবলৈ আৰম্ভ কৰক
অসম চৰকাৰৰ বিৰুদ্ধে মমতাৰ জেহাদ, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবাদ