--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এপ্ৰিল মাহৰ পৰাই দেশত আৰম্ভ হৈছে প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহ। পশ্চিম বংগকে ধৰি দেশৰ আন কেইবা খনো ৰাজ্যত গ্ৰীষ্ম প্ৰবাহে কালান্তক ৰূপ ধাৰণ কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সোমবাৰে ভাৰতৰ কেইবাটাও ঠাইৰ বাবে গ্ৰীষ্ম প্ৰবাহৰ সতৰ্কবাণী জাৰি কৰিছে।  যাৰ ভিতৰত আছে পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, বিহাৰ, পশ্চিম বংগ, ছিকিম, উৰিষ্যা আৰু উপকূলীয় ৰাজ্য অন্ধ্ৰ প্ৰদেশ।


 দিল্লীত এতিয়া  তাপমাত্ৰা ইমানেই  বৃদ্ধি  পাইছে যে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে। আইএমডিৰ  বিষয়া নৰেশ কুমাৰে প্ৰকাশ কৰা মতে  উত্তৰ-পশ্চিম ভাৰতৰ সমভূমি আৰু মধ্য প্ৰদেশ , পূব ভাৰতৰ ওচৰৰ বহু অংশত সৰ্বাধিক তাপমাত্ৰা ৪০ ৰ পৰা ৪২ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকিব। আইএমডিয়ে কৈছে যে উত্তৰ-পশ্চিম, পূবৰ বহু  অংশত সৰ্বাধিক তাপমাত্ৰা স্বাভাৱিকতকৈ ৩ৰ পৰা ৫ ডিগ্ৰী চেলচিয়াছ অধিক হ’ব।  

উত্তৰ-পূব ভাৰততো এইবাৰ তাপমাত্ৰা বহু খিনি বৃদ্ধি পাব। ।পূব ভাৰতৰ  পশ্চিম বংগ অঞ্চলত যোৱা চাৰি দিন ধৰি গ্ৰীষ্ম প্ৰবাহৰ তাণ্ডৱ চলি আছে। ইতিমধ্যে  পশ্চিম বংগৰ বাবে কমলা ৰঙৰ সতৰ্কবাণী জাৰি কৰা হৈছে।ৰাজ্য খনত গৰমৰ বন্ধৰ দিন  ২ মে’লৈ তিনি সপ্তাহ আগুৱাই দিয়া হৈছে । বিদ্যালয়সমূহত গৰমৰ বন্ধ  প্ৰথমে  ২৪ অথবা ২৫ মে’ৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল। ৰাজ্য খনৰ সকলো শিক্ষানুষ্ঠান ইতিমধ্যে বন্ধ ঘোষণা কৰা হৈছে।  বতৰ বিজ্ঞান কেন্দ্ৰ মতে  দিল্লীত  তাপমাত্ৰা স্বাভাৱিকতকৈ প্ৰায় ৪ ডিগ্ৰী অধিক হ'ব।

 পঞ্জাৱ আৰু হাৰিয়ানাত   পৰৱৰ্তী দুদিনৰ বাবে  হিটৱেভ চলি থাকিব।  বিহাৰৰ বেছিভাগ জিলাতে তাপমাত্ৰা ক্ৰমান্বয়ে বৃদ্ধি হোৱা দেখা গৈছে।  বিহাৰত  ১৯-২০ এপ্ৰিলৰ আশে পাশে তাপমাত্ৰা ৪২-৪৪° চেণ্টিগ্ৰেডলৈ যাব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে।  আজি মহাৰাষ্ট্ৰৰ  থানে অৱজাৰ্ভেটৰীয়ে সৰ্বাধিক তাপমাত্ৰা ৩৮ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰিছে। ইপিনে মহাৰাষ্ট্ৰত প্ৰচণ্ড গৰমত ১১ জন লোকৰ  মৃত্যু ঘটিছে। 

ৰাজ্য খনৰ নবি মুম্বাইত আয়োজিত এক অনুষ্ঠানৰ মাজতে ১১ জন লোকৰ গৰমত মৃত্যু ঘটে। মহাৰাষ্ট্ৰ ভূষণ পুৰস্কাৰ  প্ৰদান অনুষ্ঠানতে এই অঘটন ঘটে। অনুষ্ঠানটোত হাজাৰ হাজাৰ লোক সমবেত হৈছিল।  প্ৰচণ্ড ৰ’দ সহিব নোৱাৰি  ১১জন লোকৰ মৃত্যু ঘটে। ইতিমধ্যে হিট ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰা লোকসকলৰ পৰিয়াললৈ ৫ লাখ টকাৰ  আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে।বতৰ বিজ্ঞান কেন্দ্ৰ মতে অসম তথা উত্তৰ -পূবৰ ৰাজ্যৰ কেইখনতো এই বেলি গ্ৰীষ্ম প্ৰবাহে ৰুদ্ৰ ৰূপ ধাৰণ কৰিব। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ