--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজ্ঞানৰ ক্ষেত্ৰত অসাধাৰণ কাম কৰা অসংখ্য বিজ্ঞানীৰ নামৰ সৈতে আমি পৰিচিত৷ যেনে আৰ্নেষ্ট ৰাদাৰফোৰ্ড, জেজে থমছন, এলবাৰ্ট আইনষ্টাইন আদিৰ নাম উল্লেখনীয়। এই ধাৰাত ভাৰতৰ ড° এইচ চি বাৰ্মা নামেৰে পৰিচিত শিক্ষাবিদ ড° হৰিশ চন্দ্ৰ বাৰ্মাৰ নাম উল্লেখ কৰিব লাগিব। আইআইটিৰ অভিযন্তা হওক, এনআইটিৰ স্নাতক হওক বা দ্বাদশ শ্ৰেণীৰ বিজ্ঞানৰ ছাত্ৰ হওক নিঃসন্দেহে সকলোৱে ড° এইচ চি বাৰ্মাৰ নাম শুনিছে। এইজন ড° বাৰ্মাই পদাৰ্থ বিজ্ঞানৰ সুপৰিচিত "Concept of Physics" গ্ৰন্থখন লিখিছিল, যিখন হয়তো পদাৰ্থ বিজ্ঞানৰ প্ৰায়সকল ছাত্ৰই পঢ়িছে। ২০২১ চনত ড° বাৰ্মাক বিজ্ঞানৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী বঁটাও প্ৰদান কৰা হয়।


বিহাৰৰ দৰভংগা জিলাত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা ড° এইচ চি বাৰ্মাৰ স্নাতক ডিগ্ৰী লাভৰ বাবে পাটনা বিজ্ঞান বিশ্ববিদ্যালয়ত নামভৰ্তি নকৰালৈকে বিজ্ঞান বা গণিতৰ প্ৰতি কোনো আগ্ৰহ নাছিল।বিশ্ববিদ্যালয়ত বাৰ্মাই পদাৰ্থ বিজ্ঞান অধিক গভীৰভাৱে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে আৰু পাটনাৰ পৰা স্নাতক হোৱাৰ পাছত বাৰ্মা GATE পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পাছত বাৰ্মা আইআইটি কানপুৰত এম এছ চি প্ৰগ্ৰেমত নামভৰ্তি কৰে আৰু স্নাতকোত্তৰ ডিগ্ৰী কৰাৰ পাছত পাটনা বিজ্ঞান মহাবিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰে, আৰু তাৰ পৰৱৰ্তী সময়ত আইআইটি কানপুৰত অধ্যাপক হিচাপে যোগদান কৰে।


শিক্ষকতাৰ কালচোৱাত ড° বাৰ্মাই লক্ষ্য কৰিছিল যে ছাত্ৰ-ছাত্ৰীসকলে পদাৰ্থ বিজ্ঞানৰ জটিল তত্ত্ব বুজিবলৈ সংগ্ৰাম কৰি আছে। প্ৰায় আঠ বছৰীয়া কষ্টৰ অন্তত ড° এইচ চি বাৰ্মাই স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজলৈ লৈ আহিল 'কনচেপ্ট অৱ ফিজিক্স শীৰ্ষক পদাৰ্থ বিজ্ঞানৰ অন্যতম শ্ৰেষ্ঠ গ্ৰন্থখন। এই গ্ৰন্থখন পঢ়ি ছাত্ৰ-ছাত্ৰীসকলে IIT, JEE MAINS ৰ বাবে প্ৰস্তুতি চলাব পাৰিব। ইয়াৰ উপৰিও ড° বাৰ্মাই কোৱাণ্টাম ফিজিক্স, ছলিউচন অৱ ফিজিক্স শীৰ্ষক গ্ৰন্থও ৰচনা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ