--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আগন্তুক লোকসভা নিৰ্বাচনত কংগনা ৰানাৱটে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ২০২৩ চনৰ পৰাই চৰ্চা চলি আহিছে। সেই জল্পনা-কল্পনাক উচটনি দিছিল অভিনেত্ৰীগৰাকীয়ে নিজেই। তেওঁ দ্বাৰকালৈ গৈ কৃষ্ণৰ আশীৰ্বাদ পালে নিৰ্বাচনত যুঁজিব।  প্ৰথম অৱস্থাত শুনা গৈছিল যে কংগনাই জন্মস্থান হিমাচল প্ৰদেশৰ পৰা থিয় দিব। পিছত শুনা গ’ল যে তেওঁ বিজেপিয়ে জয়লাভ কৰা চণ্ডীগড় আসনত থিয় দিব। ইফালে তেওঁ শেহতীয়াকৈ এটা প্ৰশ্নৰ সন্মুখীন হ’ল। প্ৰশ্নটো হৈছে - তেওঁ প্ৰধানমন্ত্ৰী হ'ব বিচাৰে নেকি?

শেহতীয়াকৈ কংগনাই ‘ৰাজাকাৰ: হায়দৰাবাদৰ চাইলেণ্ট জেন’চাইড’ৰ ট্ৰেইলাৰ ৰিলিজত অংশ লৈছিল। তাত তেওঁক সোধা হৈছিল যে ভৱিষ্যতে প্ৰধানমন্ত্ৰী হোৱাৰ কিবা পৰিকল্পনা আছে নেকি! উত্তৰত কংগনাই কয়, "মই মাত্ৰ 'ইমাৰ্জেন্সি' নামৰ চিনেমা এখনহে কৰিছো। আৰু সেই ছবিখন দেখাৰ পিছত মোক প্ৰধানমন্ত্ৰী হিচাপে কোনেও চাব বিচৰা নাই বুলি মই ভাবো।"

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জীৱনৰ এক বিশেষ খণ্ডৰ আধাৰত নিৰ্মিত ‘ইমাৰ্জেন্সি’ ছবিখন। ছবিখনত অভিনয় কৰাৰ উপৰিও কংগনাই নিজেই ছবিখনৰ পৰিচালনা আৰু প্ৰযোজনাৰো দায়িত্ব লয়। ছবিখন নিৰ্মাণৰ সময়ত তেওঁ নিজৰ সকলো সম্পত্তি বন্ধকত ৰাখিব লগা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু