--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আগন্তুক লোকসভা নিৰ্বাচনত কংগনা ৰানাৱটে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ২০২৩ চনৰ পৰাই চৰ্চা চলি আহিছে। সেই জল্পনা-কল্পনাক উচটনি দিছিল অভিনেত্ৰীগৰাকীয়ে নিজেই। তেওঁ দ্বাৰকালৈ গৈ কৃষ্ণৰ আশীৰ্বাদ পালে নিৰ্বাচনত যুঁজিব।  প্ৰথম অৱস্থাত শুনা গৈছিল যে কংগনাই জন্মস্থান হিমাচল প্ৰদেশৰ পৰা থিয় দিব। পিছত শুনা গ’ল যে তেওঁ বিজেপিয়ে জয়লাভ কৰা চণ্ডীগড় আসনত থিয় দিব। ইফালে তেওঁ শেহতীয়াকৈ এটা প্ৰশ্নৰ সন্মুখীন হ’ল। প্ৰশ্নটো হৈছে - তেওঁ প্ৰধানমন্ত্ৰী হ'ব বিচাৰে নেকি?

শেহতীয়াকৈ কংগনাই ‘ৰাজাকাৰ: হায়দৰাবাদৰ চাইলেণ্ট জেন’চাইড’ৰ ট্ৰেইলাৰ ৰিলিজত অংশ লৈছিল। তাত তেওঁক সোধা হৈছিল যে ভৱিষ্যতে প্ৰধানমন্ত্ৰী হোৱাৰ কিবা পৰিকল্পনা আছে নেকি! উত্তৰত কংগনাই কয়, "মই মাত্ৰ 'ইমাৰ্জেন্সি' নামৰ চিনেমা এখনহে কৰিছো। আৰু সেই ছবিখন দেখাৰ পিছত মোক প্ৰধানমন্ত্ৰী হিচাপে কোনেও চাব বিচৰা নাই বুলি মই ভাবো।"

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জীৱনৰ এক বিশেষ খণ্ডৰ আধাৰত নিৰ্মিত ‘ইমাৰ্জেন্সি’ ছবিখন। ছবিখনত অভিনয় কৰাৰ উপৰিও কংগনাই নিজেই ছবিখনৰ পৰিচালনা আৰু প্ৰযোজনাৰো দায়িত্ব লয়। ছবিখন নিৰ্মাণৰ সময়ত তেওঁ নিজৰ সকলো সম্পত্তি বন্ধকত ৰাখিব লগা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ