--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইতিমধ্যে হলিউডত অভিষেক ঘটাইছে দীপিকা পাডুকনে। যোৱা বছৰ দীপিকাইও অস্কাৰৰ মঞ্চত ভৰি দিছিল। এইবাৰ বাফটাৰ মঞ্চত দেখা যাব দীপিকাক। ব্ৰিটিছ একাডেমী অৱ ফিল্ম এণ্ড টেলিভিছন আৰ্টছৰ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিব দীপিকাই। মঙলবাৰে ইনষ্টাগ্ৰাম ষ্ট’ৰীত এই খবৰ দিয়ে অভিনেত্ৰীগৰাকীয়ে। লণ্ডনৰ ৰয়েল ফেষ্টিভ অডিটৰিয়ামত অনুষ্ঠিত হ’ব লগা ‘বাফটা’ অনুষ্ঠান।

১৯ ফেব্ৰুৱাৰীত দীপিকাই চিনেমা জগতৰ উৎকৃষ্টতাক সন্মান জনাই এই আন্তঃৰাষ্ট্ৰীয় মঞ্চখন পোহৰাই তুলিব। এই মঞ্চত দীপিকাক ডেভিদ বেকহাম, কেট ব্লেনচেট, দুয়া লিপাৰ দৰে তাৰকাৰ সৈতে একে শাৰীতে দেখা যাব।

অভিনেত্ৰীগৰাকীয়ে ২০২৩ চনত অস্কাৰৰ মঞ্চত উপস্থাপক হিচাপে উপস্থিত আছিল। ভাৰতীয় ছবি ‘আৰ আৰ আৰ’ৰ ‘নাতু নাতু’ গীতেৰে অস্কাৰৰ মঞ্চত ব্ৰডৱে ষ্টাইলৰ অভিনয়ৰ কথা ঘোষণা কৰে দীপিকাই। তেওঁ সমগ্ৰ দেশক গৌৰৱান্বিত কৰিছিল। এইবাৰ দীপিকাৰ সফলতাৰ মুকুটত এটা নতুন পাখি সংযোজন কৰিবলৈ গৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু