--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিগত বৰ্ষত সিদ্ধান্ত লোৱা হৈছিল যে প্ৰধানমন্ত্ৰীৰ মাতৃৰ ১০০ তম জন্মদিনত, গুজৰাটৰ এটা পথ তেওঁৰ নামেৰে নামাকৰণ কৰা হ'ব। কিন্তু শেষ মুহূৰ্তত, পৰিকল্পনাটো বিশেষ কাৰণত পিছুৱাই দিয়া হৈছিল।

শেহতীয়াকৈ গুজৰাটৰ এটা বান্ধ জলাশয়
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বৰ্গীয় মাতৃ হীৰাবেনৰ নামেৰে নামাকৰণ কৰা হৈছে। সৌৰাষ্ট্ৰৰ ৰাজকোট জিলাৰ নয়াৰী নদীত স্থানীয় কৃষকসকলৰ সুবিধাৰ বাবে 'গিৰ গংগা পৰিয়াল ট্ৰাষ্ট' নামৰ এটা ৰাজহুৱা সেৱা সংগঠনে চেক বান্ধ নিৰ্মাণ কৰিছে।

ৰাজকোট-কালাৱাড পথৰ ওচৰৰ ভগৌড়াৰ গাঁৱত নিৰ্মাণ কৰা এই বান্ধটো বুধবাৰে উদ্বোধন কৰা হয়। 'গিৰ গংগা পৰিয়াল ন্যাস'ৰ মুৰব্বী দিলীপ শ্বেৰৰ লগতে স্থানীয় বিজেপি বিধায়ক দৰ্শিতা শ্বাহ আৰু ৰাজকোটৰ মেয়ৰ প্ৰদীপ দেৱো উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল। তাত দিলীপে প্ৰধানমন্ত্ৰীৰ মাতৃৰ স্মৃতিত বান্ধটোৰ নাম 'হীৰাবেন স্মৃতি সৰোবৰ' ৰখাৰ প্ৰস্তাৱ দিয়ে। তেওঁলোক সকলোৱে একেলগে প্ৰস্তাৱটোত সন্মত হৈছিল।

১৮ জুনত হীৰাবেনৰ জন্মদিন।তেওঁৰ  যোৱাটো জন্মদিনতে  সিদ্ধান্ত লোৱা হৈছিল যে প্ৰধানমন্ত্ৰীৰ মাতৃৰ ১০০তম জন্মদিনত, গুজৰাটৰ এটা পথ তেওঁৰ নামেৰে নামাকৰণ কৰা হ'ব। স্থানীয় নাগৰিক প্ৰশাসনেও ঘোষণা কৰিছিল যে গান্ধীনগৰৰ ৰাইচন অঞ্চলৰ এটা পথ হীৰাবেনৰ নামেৰে নামাকৰণ কৰা হ'ব। কিন্তু শেষ মুহূৰ্তত এই পথ নিৰ্মাণৰ পৰিকল্পনা স্থগিত ৰাখি এক সৰোবৰহে নিৰ্মাণ কৰা হয়৷ উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰীৰ মাতৃ  হীৰাবেনৰ ৩০ ডিচেম্বৰত আহমেদাবাদত মৃত্যু হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু