--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিগত বৰ্ষত সিদ্ধান্ত লোৱা হৈছিল যে প্ৰধানমন্ত্ৰীৰ মাতৃৰ ১০০ তম জন্মদিনত, গুজৰাটৰ এটা পথ তেওঁৰ নামেৰে নামাকৰণ কৰা হ'ব। কিন্তু শেষ মুহূৰ্তত, পৰিকল্পনাটো বিশেষ কাৰণত পিছুৱাই দিয়া হৈছিল।

শেহতীয়াকৈ গুজৰাটৰ এটা বান্ধ জলাশয়
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বৰ্গীয় মাতৃ হীৰাবেনৰ নামেৰে নামাকৰণ কৰা হৈছে। সৌৰাষ্ট্ৰৰ ৰাজকোট জিলাৰ নয়াৰী নদীত স্থানীয় কৃষকসকলৰ সুবিধাৰ বাবে 'গিৰ গংগা পৰিয়াল ট্ৰাষ্ট' নামৰ এটা ৰাজহুৱা সেৱা সংগঠনে চেক বান্ধ নিৰ্মাণ কৰিছে।

ৰাজকোট-কালাৱাড পথৰ ওচৰৰ ভগৌড়াৰ গাঁৱত নিৰ্মাণ কৰা এই বান্ধটো বুধবাৰে উদ্বোধন কৰা হয়। 'গিৰ গংগা পৰিয়াল ন্যাস'ৰ মুৰব্বী দিলীপ শ্বেৰৰ লগতে স্থানীয় বিজেপি বিধায়ক দৰ্শিতা শ্বাহ আৰু ৰাজকোটৰ মেয়ৰ প্ৰদীপ দেৱো উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল। তাত দিলীপে প্ৰধানমন্ত্ৰীৰ মাতৃৰ স্মৃতিত বান্ধটোৰ নাম 'হীৰাবেন স্মৃতি সৰোবৰ' ৰখাৰ প্ৰস্তাৱ দিয়ে। তেওঁলোক সকলোৱে একেলগে প্ৰস্তাৱটোত সন্মত হৈছিল।

১৮ জুনত হীৰাবেনৰ জন্মদিন।তেওঁৰ  যোৱাটো জন্মদিনতে  সিদ্ধান্ত লোৱা হৈছিল যে প্ৰধানমন্ত্ৰীৰ মাতৃৰ ১০০তম জন্মদিনত, গুজৰাটৰ এটা পথ তেওঁৰ নামেৰে নামাকৰণ কৰা হ'ব। স্থানীয় নাগৰিক প্ৰশাসনেও ঘোষণা কৰিছিল যে গান্ধীনগৰৰ ৰাইচন অঞ্চলৰ এটা পথ হীৰাবেনৰ নামেৰে নামাকৰণ কৰা হ'ব। কিন্তু শেষ মুহূৰ্তত এই পথ নিৰ্মাণৰ পৰিকল্পনা স্থগিত ৰাখি এক সৰোবৰহে নিৰ্মাণ কৰা হয়৷ উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰীৰ মাতৃ  হীৰাবেনৰ ৩০ ডিচেম্বৰত আহমেদাবাদত মৃত্যু হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক