--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ 'ভাৰত জোড়ো যাত্ৰা'ত অংশ লোৱা দেখা গ’ল এক বিশেষ অংশগ্ৰহণকাৰীৰ।  তেওঁ কোনো ৰাজনৈতিক দলৰ সদস্য নহয়।  শাসক-বিৰোধী কাক কয় তাকো তেওঁ বুজি নাপায়। আনকি 'তেওঁ' এজন মানুহো নহয়, বৰঞ্চ এটা পোহনীয়া জন্তুহে।

শনিবাৰে, ৰাহুল গান্ধীয়ে তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ প্ৰিয় পোহনীয়া কুকুৰটোৰ সৈতে খোজ কাঢ়ে৷ হাৰিয়ানাত দেখা যায় এই দৃশ্য৷

ভগ্নী প্ৰিয়ংকাক 'ভাৰত যোড়ো যাত্ৰা'ত ৰাহুলৰ সৈতে কেইবাবাৰো দেখা গৈছে। কেইদিনমান আগতে 'ভাৰত যোড়ো যাত্ৰা'ৰ মাজতে ৰাহুলে তেওঁৰ ভনীয়েকৰ কপালত চুমা খাই থকা এখন ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।

এতিয়া ৰাহুলে প্ৰিয়ংকাৰ পোহনীয়া কুকুৰ লুনাৰ সৈতে খোজ কাঢ়ে। এই ছবিখনো সামাজিক মাধ্যমত বিয়পি পৰিছে।

প্ৰিয়ংকাৰ পোহনীয়া কুকুৰটো গোল্ডেন ৰিট্ৰিভাৰ প্ৰজাতিৰ এটা কুকুৰ। শনিবাৰে ৰাতিপুৱা ৰাহুলে কুকুৰটোৰ সৈতে হাৰিয়ানাৰ ৰাস্তাত খোজ কাঢ়ে। ছবিখন কংগ্ৰেছৰ টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰা হয়। টুইটটোৰ শিৰোনামটোত লিখা হৈছে- " লুনাইও এইবাৰ ভাৰতৰ যোদো যাত্ৰাত যোগদান কৰিছে৷’’

আনহাতে, প্ৰিয়ংকাই ককাকৰ সৈতে তেওঁৰ প্ৰিয় পোহনীয়া জন্তুৰ ফটো দেখি আনন্দিত হৈ পৰিছে৷ তেওঁৱো টুইটাৰত ৰাহুল আৰু লুনাৰ ফটো শ্বেয়াৰ কৰিছে৷

উল্লেখ্য যে শনিবাৰে বক্সাৰ বিজেন্দ্ৰ সিঙে ৰাহুলৰ সৈতে 'ভাৰত যোড়ো যাত্ৰা'ত খোজ কাঢ়ে। বৰ্তমান এই যাত্ৰা হাৰিয়ানাৰ বিভিন্ন অঞ্চল সামৰি লৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement