--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ 'ভাৰত জোড়ো যাত্ৰা'ত অংশ লোৱা দেখা গ’ল এক বিশেষ অংশগ্ৰহণকাৰীৰ।  তেওঁ কোনো ৰাজনৈতিক দলৰ সদস্য নহয়।  শাসক-বিৰোধী কাক কয় তাকো তেওঁ বুজি নাপায়। আনকি 'তেওঁ' এজন মানুহো নহয়, বৰঞ্চ এটা পোহনীয়া জন্তুহে।

শনিবাৰে, ৰাহুল গান্ধীয়ে তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ প্ৰিয় পোহনীয়া কুকুৰটোৰ সৈতে খোজ কাঢ়ে৷ হাৰিয়ানাত দেখা যায় এই দৃশ্য৷

ভগ্নী প্ৰিয়ংকাক 'ভাৰত যোড়ো যাত্ৰা'ত ৰাহুলৰ সৈতে কেইবাবাৰো দেখা গৈছে। কেইদিনমান আগতে 'ভাৰত যোড়ো যাত্ৰা'ৰ মাজতে ৰাহুলে তেওঁৰ ভনীয়েকৰ কপালত চুমা খাই থকা এখন ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।

এতিয়া ৰাহুলে প্ৰিয়ংকাৰ পোহনীয়া কুকুৰ লুনাৰ সৈতে খোজ কাঢ়ে। এই ছবিখনো সামাজিক মাধ্যমত বিয়পি পৰিছে।

প্ৰিয়ংকাৰ পোহনীয়া কুকুৰটো গোল্ডেন ৰিট্ৰিভাৰ প্ৰজাতিৰ এটা কুকুৰ। শনিবাৰে ৰাতিপুৱা ৰাহুলে কুকুৰটোৰ সৈতে হাৰিয়ানাৰ ৰাস্তাত খোজ কাঢ়ে। ছবিখন কংগ্ৰেছৰ টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰা হয়। টুইটটোৰ শিৰোনামটোত লিখা হৈছে- " লুনাইও এইবাৰ ভাৰতৰ যোদো যাত্ৰাত যোগদান কৰিছে৷’’

আনহাতে, প্ৰিয়ংকাই ককাকৰ সৈতে তেওঁৰ প্ৰিয় পোহনীয়া জন্তুৰ ফটো দেখি আনন্দিত হৈ পৰিছে৷ তেওঁৱো টুইটাৰত ৰাহুল আৰু লুনাৰ ফটো শ্বেয়াৰ কৰিছে৷

উল্লেখ্য যে শনিবাৰে বক্সাৰ বিজেন্দ্ৰ সিঙে ৰাহুলৰ সৈতে 'ভাৰত যোড়ো যাত্ৰা'ত খোজ কাঢ়ে। বৰ্তমান এই যাত্ৰা হাৰিয়ানাৰ বিভিন্ন অঞ্চল সামৰি লৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু