--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপ্ৰধানমন্ত্ৰী হিচাবে হয়তো সৰ্বাধিক বিদেশ ভ্ৰমণ কৰা ব্যক্তিগৰাকী   নৰেন্দ্ৰ মোদীয়েই হ’ব।  এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে কেইবাবাৰো বিৰোধীৰ আক্ৰমণৰো সন্মুখীন হ'ব লগীয়া হৈছে। অৱশ্যে চৰকাৰে দাবী কৰি আহিছে  যে মোদীৰ বিদেশ  ভ্ৰমণবোৰে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ভাৰতৰ স্থিতি উন্নত কৰিছে। ভাৰতে আন দেশৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰিবলৈ সক্ষম হৈছে। ৰাজ্যসভাত শেহতীয়াকৈ দাখিল কৰা হৈছে  যোৱা পাঁচ বছৰত মোদীৰ বিদেশ ভ্ৰমণত হোৱা ব্যয়ৰ খতিয়ান।  

বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণে ৰাজ্যসভাত মোদীৰ বিদেশ ভ্ৰমণত হোৱা  ব্যয় সম্পৰ্কীয়  এটা প্ৰশ্নৰ উত্তৰ দিয়ে।  কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰীয়ে জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ইণ্ডোনেছিয়ালৈ গৈছিল। মুৰলীধৰণে কয়  যে ভাৰতে সেই ভ্ৰমণটোত ৩২ লাখ টকা খৰচ কৰিছে। ইয়াৰ পূৰ্বে ছেপ্টেম্বৰত মোদীয়ে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবেৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ জাপানলৈ গৈছিল।মোদীৰ সেই  তিনিদিনীয়া ভ্ৰমণত ২৩ লাখ ৮৬ হাজাৰ টকা ব্যয় হৈছিল। 

এই বছৰৰ আৰম্ভণিতে ইউৰোপ ভ্ৰমণৰ সময়ত মোডীয়ে স্কেণ্ডিনেভিয়াৰ দেশসমূহৰ ৰাষ্ট্ৰপ্ৰধানসকলক সাক্ষাৎ কৰিছিল।সেই ভ্ৰমণত ভাৰতৰ ব্যয় কোটি টকাতকৈও অধিক আছিল। মোডীৰ ইউৰোপ ভ্ৰমণৰ ব্যয় আছিল ২.১৫ কোটি টকা। ২০১৯ চনৰ নৱেম্বৰ মাহত আমেৰিকালৈ গৈছিল প্ৰধানমন্ত্ৰী মোদী। আঠদিনীয়া ভ্ৰমণত মোদীৰ ব্যয়ৰ পৰিমাণ চকুত লগা। ভ্ৰমণটোত ২৩.২৭ কোটি টকা ব্যয় কৰা হৈছিল। অৱশ্যে, ৰাজ্যসভাত এই ব্যয়সমূহৰ বিৱৰণ দি মুৰলীধৰণে কয় যে এই বিদেশী দেশখনে ভাৰতক ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু বৈদেশিক নীতি প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। 

"বন্ধুত্বপূৰ্ণ দেশসমূহৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত এই বিদেশ ভ্ৰমণবোৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব," সংসদৰ উচ্চ সদনত বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয়।  সন্ত্ৰাসবাদ, জলবায়ু, চাইবাৰ নিৰাপত্তা আদি বিষয়ত মোদীয়ে  বিদেশ ভ্ৰমণৰ সময়তে ভাৰতৰ স্থিতিৰ কথা  বিশ্বক জনাবলৈ সক্ষম হৈছে বুলিও চৰকাৰে দাবী কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক