--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপ্ৰধানমন্ত্ৰী হিচাবে হয়তো সৰ্বাধিক বিদেশ ভ্ৰমণ কৰা ব্যক্তিগৰাকী   নৰেন্দ্ৰ মোদীয়েই হ’ব।  এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে কেইবাবাৰো বিৰোধীৰ আক্ৰমণৰো সন্মুখীন হ'ব লগীয়া হৈছে। অৱশ্যে চৰকাৰে দাবী কৰি আহিছে  যে মোদীৰ বিদেশ  ভ্ৰমণবোৰে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ভাৰতৰ স্থিতি উন্নত কৰিছে। ভাৰতে আন দেশৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰিবলৈ সক্ষম হৈছে। ৰাজ্যসভাত শেহতীয়াকৈ দাখিল কৰা হৈছে  যোৱা পাঁচ বছৰত মোদীৰ বিদেশ ভ্ৰমণত হোৱা ব্যয়ৰ খতিয়ান।  

বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণে ৰাজ্যসভাত মোদীৰ বিদেশ ভ্ৰমণত হোৱা  ব্যয় সম্পৰ্কীয়  এটা প্ৰশ্নৰ উত্তৰ দিয়ে।  কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰীয়ে জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ইণ্ডোনেছিয়ালৈ গৈছিল। মুৰলীধৰণে কয়  যে ভাৰতে সেই ভ্ৰমণটোত ৩২ লাখ টকা খৰচ কৰিছে। ইয়াৰ পূৰ্বে ছেপ্টেম্বৰত মোদীয়ে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবেৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ জাপানলৈ গৈছিল।মোদীৰ সেই  তিনিদিনীয়া ভ্ৰমণত ২৩ লাখ ৮৬ হাজাৰ টকা ব্যয় হৈছিল। 

এই বছৰৰ আৰম্ভণিতে ইউৰোপ ভ্ৰমণৰ সময়ত মোডীয়ে স্কেণ্ডিনেভিয়াৰ দেশসমূহৰ ৰাষ্ট্ৰপ্ৰধানসকলক সাক্ষাৎ কৰিছিল।সেই ভ্ৰমণত ভাৰতৰ ব্যয় কোটি টকাতকৈও অধিক আছিল। মোডীৰ ইউৰোপ ভ্ৰমণৰ ব্যয় আছিল ২.১৫ কোটি টকা। ২০১৯ চনৰ নৱেম্বৰ মাহত আমেৰিকালৈ গৈছিল প্ৰধানমন্ত্ৰী মোদী। আঠদিনীয়া ভ্ৰমণত মোদীৰ ব্যয়ৰ পৰিমাণ চকুত লগা। ভ্ৰমণটোত ২৩.২৭ কোটি টকা ব্যয় কৰা হৈছিল। অৱশ্যে, ৰাজ্যসভাত এই ব্যয়সমূহৰ বিৱৰণ দি মুৰলীধৰণে কয় যে এই বিদেশী দেশখনে ভাৰতক ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু বৈদেশিক নীতি প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। 

"বন্ধুত্বপূৰ্ণ দেশসমূহৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত এই বিদেশ ভ্ৰমণবোৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব," সংসদৰ উচ্চ সদনত বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয়।  সন্ত্ৰাসবাদ, জলবায়ু, চাইবাৰ নিৰাপত্তা আদি বিষয়ত মোদীয়ে  বিদেশ ভ্ৰমণৰ সময়তে ভাৰতৰ স্থিতিৰ কথা  বিশ্বক জনাবলৈ সক্ষম হৈছে বুলিও চৰকাৰে দাবী কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু