--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৬ ডিচেম্বৰতে  মধ্য প্ৰদেশৰ বেতুলত  খেলি থাকোতে এটি শিশু ৪০০ ফুট গভীৰ গাঁত এটাত সোমাই পৰিছিল।  শিশুটি এতিয়াও গাঁতটোৰ ভিতৰতে আবদ্ধ হৈ আছে।  শিশুটিক উদ্ধাৰ কৰিবলৈ দিনে-নিশাই চেষ্টা চলাই থকা হৈছে।  অগ্নি নিৰ্বাপক বাহিনী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলে উদ্ধাৰ অভিযান চলাই গৈছে। 

৬৫ ঘণ্টাতকৈও অধিক সময় পাৰ হৈ যোৱাৰ পিছতো অৱশ্যে শিশুটিক উদ্ধাৰ কৰিব পৰা হোৱা নাই।  ৪০০ ফুট গভীৰ গাঁতটোত  পৰি যোৱা তন্ময় চাহু নামৰ এজন আঠ বছৰীয়া শিশুটি এতিয়াও জীয়াই আছে বুলি উদ্ধাৰকাৰীসকল নিশ্চিত হৈছে।  

শিশুটিক উদ্ধাৰ কৰিবলৈ গাঁতটোৰ  কাষতে নতুনকৈ আন এটা গাঁত খন্দা হৈছে।  কিন্তু দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ সদস্যসকলে প্ৰকাশ কৰা মতে  শিলৰ বাবে  মাটি  খনন কাৰ্য সোনকালে কৰিব পৰা হোৱা নাই।  খনন কাৰ্য ততালিকে কৰিবলৈ বিশেষ সঁজুলি অনা হৈছে। স্থানীয় জিলা দণ্ডাধীশে প্ৰকাশ কৰা মতে এতিয়ালৈকে মাত্ৰ ৩৩ ফুট গাঁতহে  খন্দা হৈছে। অৱশ্যে একে সময়তে জিলা দণ্ডাধীশে গৰাকীয়ে কয়  যে তেওঁলোকে শিশুটোৰ ওচৰলৈ সোনকালে উপস্থিত হ’ব পাৰিব। ৪৫ ফুট পৰ্যন্ত খনন কৰাৰ পিছত শিলৰ আৱৰণ আঁতৰাই  এটা এটা সুৰংগ খনন কৰা হ’ব । অৱশ্যে  সুৰংগ খননৰ বাবে কোমল মাটিৰ স্তৰ বিচাৰি নাপালে উদ্ধাৰ অভিযান বিলম্বিত হ'ব পাৰে।

৮ বছৰীয়া তন্ময় এতিয়াও জীয়াই আছে। তেওঁৰ ৰক্তচাপ আৰু উশাহ-নিশাহৰ হাৰ ওপৰৰ পৰাই  জোখা হৈছে। কিন্তু  তেওঁ  বাৰে বাৰে মূৰ্ছা গৈ আছে। যেতিয়া তেওঁ ওপৰৰ পৰা বিশেষ ধৰণে বাৰ্তা প্ৰেৰণ কৰে তেতিয়া তেওঁৰ ফালৰ পৰা কোনো সঁহাৰি পোৱা যোৱা নাই। অৱশ্যে, তেওঁক খাদ্য, পুতলা আৰু অন্যান্য সামগ্ৰী ওপৰৰ পৰাই দি থকা হৈছে। বেতুলৰ অতিৰিক্ত জিলা দণ্ডাধীশ শ্যামেন্দ্ৰ জয়সৱে কয়  যে ৬ ডিচেম্বৰৰ সন্ধিয়া ৬ বজাৰ পৰা নিৰন্তৰ উদ্ধাৰ অভিযান চলি আছে।

মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানেও ঘটনাটোত  উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ জিলা প্ৰশাসনক শিশুটোক সুৰক্ষিতভাবে   উদ্ধাৰ কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ নিৰ্দেশ দিছে।

উল্লেখ্য ইয়াৰ পূৰ্বেও বহু শিশু খেলি থাকোতে দ’ গাঁতত পৰিছিল। তেওঁলোকৰ বহুতকে জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা হোৱা নাছিল। হাৰিয়ানাৰ প্ৰিন্স  কুমাৰ কাশ্যপ নামৰ শিশুটি ২০০৬ চনত ৬০ ফুট গভীৰ গাঁতত  পৰিছিল। সেই সময়ত, এই ঘটনাক লৈ দেশৰ সংবাদ মাধ্যম উত্তাল কৰি ৰাখিছিল। বহু চেষ্টাৰ পিছত, তেওঁক জীৱিত  অৱস্থাত উদ্ধাৰ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু