--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৬ ডিচেম্বৰতে  মধ্য প্ৰদেশৰ বেতুলত  খেলি থাকোতে এটি শিশু ৪০০ ফুট গভীৰ গাঁত এটাত সোমাই পৰিছিল।  শিশুটি এতিয়াও গাঁতটোৰ ভিতৰতে আবদ্ধ হৈ আছে।  শিশুটিক উদ্ধাৰ কৰিবলৈ দিনে-নিশাই চেষ্টা চলাই থকা হৈছে।  অগ্নি নিৰ্বাপক বাহিনী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলে উদ্ধাৰ অভিযান চলাই গৈছে। 

৬৫ ঘণ্টাতকৈও অধিক সময় পাৰ হৈ যোৱাৰ পিছতো অৱশ্যে শিশুটিক উদ্ধাৰ কৰিব পৰা হোৱা নাই।  ৪০০ ফুট গভীৰ গাঁতটোত  পৰি যোৱা তন্ময় চাহু নামৰ এজন আঠ বছৰীয়া শিশুটি এতিয়াও জীয়াই আছে বুলি উদ্ধাৰকাৰীসকল নিশ্চিত হৈছে।  

শিশুটিক উদ্ধাৰ কৰিবলৈ গাঁতটোৰ  কাষতে নতুনকৈ আন এটা গাঁত খন্দা হৈছে।  কিন্তু দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ সদস্যসকলে প্ৰকাশ কৰা মতে  শিলৰ বাবে  মাটি  খনন কাৰ্য সোনকালে কৰিব পৰা হোৱা নাই।  খনন কাৰ্য ততালিকে কৰিবলৈ বিশেষ সঁজুলি অনা হৈছে। স্থানীয় জিলা দণ্ডাধীশে প্ৰকাশ কৰা মতে এতিয়ালৈকে মাত্ৰ ৩৩ ফুট গাঁতহে  খন্দা হৈছে। অৱশ্যে একে সময়তে জিলা দণ্ডাধীশে গৰাকীয়ে কয়  যে তেওঁলোকে শিশুটোৰ ওচৰলৈ সোনকালে উপস্থিত হ’ব পাৰিব। ৪৫ ফুট পৰ্যন্ত খনন কৰাৰ পিছত শিলৰ আৱৰণ আঁতৰাই  এটা এটা সুৰংগ খনন কৰা হ’ব । অৱশ্যে  সুৰংগ খননৰ বাবে কোমল মাটিৰ স্তৰ বিচাৰি নাপালে উদ্ধাৰ অভিযান বিলম্বিত হ'ব পাৰে।

৮ বছৰীয়া তন্ময় এতিয়াও জীয়াই আছে। তেওঁৰ ৰক্তচাপ আৰু উশাহ-নিশাহৰ হাৰ ওপৰৰ পৰাই  জোখা হৈছে। কিন্তু  তেওঁ  বাৰে বাৰে মূৰ্ছা গৈ আছে। যেতিয়া তেওঁ ওপৰৰ পৰা বিশেষ ধৰণে বাৰ্তা প্ৰেৰণ কৰে তেতিয়া তেওঁৰ ফালৰ পৰা কোনো সঁহাৰি পোৱা যোৱা নাই। অৱশ্যে, তেওঁক খাদ্য, পুতলা আৰু অন্যান্য সামগ্ৰী ওপৰৰ পৰাই দি থকা হৈছে। বেতুলৰ অতিৰিক্ত জিলা দণ্ডাধীশ শ্যামেন্দ্ৰ জয়সৱে কয়  যে ৬ ডিচেম্বৰৰ সন্ধিয়া ৬ বজাৰ পৰা নিৰন্তৰ উদ্ধাৰ অভিযান চলি আছে।

মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানেও ঘটনাটোত  উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ জিলা প্ৰশাসনক শিশুটোক সুৰক্ষিতভাবে   উদ্ধাৰ কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ নিৰ্দেশ দিছে।

উল্লেখ্য ইয়াৰ পূৰ্বেও বহু শিশু খেলি থাকোতে দ’ গাঁতত পৰিছিল। তেওঁলোকৰ বহুতকে জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা হোৱা নাছিল। হাৰিয়ানাৰ প্ৰিন্স  কুমাৰ কাশ্যপ নামৰ শিশুটি ২০০৬ চনত ৬০ ফুট গভীৰ গাঁতত  পৰিছিল। সেই সময়ত, এই ঘটনাক লৈ দেশৰ সংবাদ মাধ্যম উত্তাল কৰি ৰাখিছিল। বহু চেষ্টাৰ পিছত, তেওঁক জীৱিত  অৱস্থাত উদ্ধাৰ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement