--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পঞ্জাৱত প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ হেতালি খেলা বাবে আজি অৰ্থাৎ সোমবাৰে পুনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পঞ্জাৱ ভ্ৰমণৰ সময়ত হোৱানিৰাপত্তাৰ ত্ৰুটিৰ বিষয়ত উচ্চতম ন্যায়ালয়ে আজি শুনানি গ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে ৭ জানুৱাৰীত এই বিষয় সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হৈছিল। মুখ্য ন্যায়াধীশ এন ভি ৰমনা, ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ হিমা কোহলীৰ বিচাৰপীঠে উচ্চতম ন্যায়ালয়ত এই শুনানি গ্ৰহণ কৰিব।উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৫ জানুৱাৰীত পঞ্জাৱ ভ্ৰমণলৈ গৈছিল। তেওঁ ফিৰোজপুৰত এক বেচৰকাৰী সভাত অংশগ্ৰহণ কৰিবলৈ গৈছিল। এই ভ্ৰমণৰ সময়ত ৰাস্তাৰে ভ্ৰমণৰ কোনো পূৰ্ব পৰিকল্পনা নাছিল যদিও বিমান বন্দৰৰ পৰা মোডীয়ে ৰাস্তাৰে ফিৰোজপুৰলৈ ৰাওনা হৈছিল।

পঞ্জাৱত প্ৰধানমন্ত্ৰীয়ে বুধবাৰে প্ৰথমে ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰকত উপস্থিত হৈ প্ৰকল্পসমূহ উদ্বোধন কৰাৰ কথা আছিল। তেওঁ ইয়াৰ বাবে হেলিকপ্টাৰেৰে যাত্ৰা কৰাৰ কথা আছিল যদিও বেয়া বতৰৰ বাবে শেষ মুহূৰ্তত স্থলপথেৰে গন্তব্যস্থানলৈ যোৱাৰ সিদ্ধান্ত লয়। কিন্তু প্ৰধানমন্ত্ৰীৰ কনভয় যাত্ৰা কৰা পথটোত একাংশ কৃষকে প্ৰতিবাদ সাব্যস্ত কৰাৰ খবৰ পোৱাৰ পিছত তেওঁৰ কনভয় গন্তব্যস্থানৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰৰ ফ্লাই অভাৰত প্ৰায় ২০ মিনিট সময় আৱদ্ধ হৈ থাকে।তাৰপাছতে প্ৰধানমন্ত্ৰীয়ে কাৰ্যসূচী বাতিল কৰি উভতি আহে।আনহাতে যি ঠাইত প্ৰধানমন্ত্ৰীৰ কনভয় আবদ্ধ হৈ পৰিছিল, সেই স্থানৰ পৰা ভাৰত-পাক সীমান্তলৈ মাত্ৰ ১০ কিলোমিটাৰ। গতিকে এনেক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা দিশটো অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হ’ব লাগিছিল কিন্তু কাৰ্যত সেয়া নহ’ল।এই ঘটনাৰ পিছতই সমগ্ৰ দেশত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দেশৰ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা দিশটোলৈ সংশয় নামি অহাত সকলোৱে কঠোৰ সমালোচনা কৰিছে পঞ্জাৱ চৰকাৰক। কিন্তু পঞ্জাৱ চৰকাৰে এই অভিযোগ নাকচ কৰিছে।

উচ্চতম ন্যায়ালয়ে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কক প্ৰধানমন্ত্ৰীৰ পঞ্জাৱ ভ্ৰমণৰ বাবে নিৰাপত্তা ব্যৱস্থা আৰু ভ্ৰমণ সূচী সম্পৰ্কীয় ৰেকৰ্ড সুৰক্ষিত কৰিবলৈ নিৰ্দেশ দিছিল। উচ্চতম ন্যায়ালয়ে পঞ্জাৱ চৰকাৰ, আৰক্ষী বিষয়া, এছপিজি আৰু অন্যান্য কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহক মহাপঞ্জীয়কক সহযোগিতা আৰু প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ বাবেও নিৰ্দেশ দিয়ে। আদালতে লগতে কৈছিল যে ডিজি-চণ্ডিগড় ইউটি আৰু এনআইএৰ এজন বিষয়া গোচৰটোৰ নোডেল বিষয়া হ'ব।উল্লেখ্য যে জ্যেষ্ঠ অধিবক্তা মনিন্দৰ সিঙে মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ বিচাৰপীঠৰ সন্মুখত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত সংঘটিত হোৱা ত্ৰুটিৰ বিষয়টো উত্থাপন কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি