--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পঞ্জাৱত প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ হেতালি খেলা বাবে আজি অৰ্থাৎ সোমবাৰে পুনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পঞ্জাৱ ভ্ৰমণৰ সময়ত হোৱানিৰাপত্তাৰ ত্ৰুটিৰ বিষয়ত উচ্চতম ন্যায়ালয়ে আজি শুনানি গ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে ৭ জানুৱাৰীত এই বিষয় সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হৈছিল। মুখ্য ন্যায়াধীশ এন ভি ৰমনা, ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ হিমা কোহলীৰ বিচাৰপীঠে উচ্চতম ন্যায়ালয়ত এই শুনানি গ্ৰহণ কৰিব।উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৫ জানুৱাৰীত পঞ্জাৱ ভ্ৰমণলৈ গৈছিল। তেওঁ ফিৰোজপুৰত এক বেচৰকাৰী সভাত অংশগ্ৰহণ কৰিবলৈ গৈছিল। এই ভ্ৰমণৰ সময়ত ৰাস্তাৰে ভ্ৰমণৰ কোনো পূৰ্ব পৰিকল্পনা নাছিল যদিও বিমান বন্দৰৰ পৰা মোডীয়ে ৰাস্তাৰে ফিৰোজপুৰলৈ ৰাওনা হৈছিল।

পঞ্জাৱত প্ৰধানমন্ত্ৰীয়ে বুধবাৰে প্ৰথমে ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰকত উপস্থিত হৈ প্ৰকল্পসমূহ উদ্বোধন কৰাৰ কথা আছিল। তেওঁ ইয়াৰ বাবে হেলিকপ্টাৰেৰে যাত্ৰা কৰাৰ কথা আছিল যদিও বেয়া বতৰৰ বাবে শেষ মুহূৰ্তত স্থলপথেৰে গন্তব্যস্থানলৈ যোৱাৰ সিদ্ধান্ত লয়। কিন্তু প্ৰধানমন্ত্ৰীৰ কনভয় যাত্ৰা কৰা পথটোত একাংশ কৃষকে প্ৰতিবাদ সাব্যস্ত কৰাৰ খবৰ পোৱাৰ পিছত তেওঁৰ কনভয় গন্তব্যস্থানৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰৰ ফ্লাই অভাৰত প্ৰায় ২০ মিনিট সময় আৱদ্ধ হৈ থাকে।তাৰপাছতে প্ৰধানমন্ত্ৰীয়ে কাৰ্যসূচী বাতিল কৰি উভতি আহে।আনহাতে যি ঠাইত প্ৰধানমন্ত্ৰীৰ কনভয় আবদ্ধ হৈ পৰিছিল, সেই স্থানৰ পৰা ভাৰত-পাক সীমান্তলৈ মাত্ৰ ১০ কিলোমিটাৰ। গতিকে এনেক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা দিশটো অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হ’ব লাগিছিল কিন্তু কাৰ্যত সেয়া নহ’ল।এই ঘটনাৰ পিছতই সমগ্ৰ দেশত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দেশৰ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা দিশটোলৈ সংশয় নামি অহাত সকলোৱে কঠোৰ সমালোচনা কৰিছে পঞ্জাৱ চৰকাৰক। কিন্তু পঞ্জাৱ চৰকাৰে এই অভিযোগ নাকচ কৰিছে।

উচ্চতম ন্যায়ালয়ে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কক প্ৰধানমন্ত্ৰীৰ পঞ্জাৱ ভ্ৰমণৰ বাবে নিৰাপত্তা ব্যৱস্থা আৰু ভ্ৰমণ সূচী সম্পৰ্কীয় ৰেকৰ্ড সুৰক্ষিত কৰিবলৈ নিৰ্দেশ দিছিল। উচ্চতম ন্যায়ালয়ে পঞ্জাৱ চৰকাৰ, আৰক্ষী বিষয়া, এছপিজি আৰু অন্যান্য কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহক মহাপঞ্জীয়কক সহযোগিতা আৰু প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ বাবেও নিৰ্দেশ দিয়ে। আদালতে লগতে কৈছিল যে ডিজি-চণ্ডিগড় ইউটি আৰু এনআইএৰ এজন বিষয়া গোচৰটোৰ নোডেল বিষয়া হ'ব।উল্লেখ্য যে জ্যেষ্ঠ অধিবক্তা মনিন্দৰ সিঙে মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ বিচাৰপীঠৰ সন্মুখত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত সংঘটিত হোৱা ত্ৰুটিৰ বিষয়টো উত্থাপন কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক