--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'প্ৰধানমন্ত্ৰী মোদী হিন্দুৱেই নহয়'! অনবৰতে হিন্দুৰ সুৰক্ষাৰ বিষয়ে চিন্তা কৰা মোদীৰ বিষয়ে এনেদৰেই মন্তব্য কৰিলে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱে। ৰাম মন্দিৰৰ পৰা আৰম্ভ কৰি  সাগৰৰ তলৰ দ্বাৰকা চহৰলৈকে প্ৰধানমন্ত্ৰীয়ে মন্দিৰ উদ্বোধন কৰি ফুৰিছে। মন্দিৰৰ নামত মোদীয়ে আনকি  আৰৱলৈয়ো  উৰা মাৰিছে।

 আগন্তুক লোকসভা নিৰ্বাচনত হিন্দুত্ব বিজেপিৰ মুখ্য অস্ত্ৰ হ'ব বুলি সকলোৱে ধাৰণা কৰিছে।  কিন্তু ইমানৰ পিছতো নৰেন্দ্ৰ মোদীক হিন্দু নহয় বুলি লালু প্ৰসাদে কিয় ক’লে?  আৰজেডিৰ প্ৰতিষ্ঠাপক লালু প্ৰসাদ যাদৱে পাটনাত  এখন ৰাজহুৱা সভাত ভাষণ দি  কয়, "নৰেন্দ্ৰ মোদী হিন্দু নহয়। "

লালুৱে পাটনাত ইণ্ডিয়া এলায়েন্সৰ নিৰ্বাচনী জনসভাত ভাষণ দিছিল। ভাষণত  তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি লৈছিল।লালুৱে মোদীক উদ্দেশ্যি কয় "আপোনাৰ কোনো পৰিয়াল নাই,  আপুনি হিন্দু নহয়। "
নিজৰ মন্তব্যৰ ব্যাখ্যা আগবঢ়াই  লালুৱে কয়, "মাকৰ মৃত্যুৰ পিছত প্ৰতিগৰাকী  হিন্দু পুৰুষে  চুলি আৰু দাড়ি কাটে। এতিয়া  মোক কওঁক, মোদীয়ে তেওঁৰ  মাতৃৰ  মৃত্যুৰ পিছত  কিয় এনে কৰা নাছিল? তেওঁলোকে ৰাম আৰু ৰহিমক ইজনে সিজনৰ বিৰুদ্ধে থিয় দিয়াইছে "।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ