--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে কাশ্মীৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন ৰেলীত অনুৰাগীৰ সৈতে ছেলফী তুলিছিল। বিকশিত ভাৰত কাৰ্যসূচীৰ হিতাধিকাৰী নাজিমে এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময় কৰি ছেলফীৰ বাবে অনুৰোধ জনায়, আৰু প্ৰধানমন্ত্ৰীয়ে একেলগে ফটো তোলে৷

এক্সত দিয়া এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "মোৰ বন্ধু নাজিমৰ সৈতে এখন স্মৰণীয় ছেলফী।নাজিমে কৰা ভাল কামত মই আপ্লুত হৈছোঁ। ৰাজহুৱা সভাত তেওঁ ছেলফীৰ বাবে অনুৰোধ কৰিছিল আৰু তেওঁক লগ পাই যথেষ্ট সুখী অনুভৱ কৰিছোঁ। ভৱিষ্যতৰ বাবে মোৰ তৰফৰ পৰা শুভেচ্ছা থাকিল।" 

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, অনুচ্ছেদ ৩৭০ বাতিলৰ পাছত প্ৰথমবাৰৰ বাবে কাশ্মীৰ ভ্ৰমণৰ সময়ত কয় যে বিজেপি চৰকাৰে উপত্যকাৰ মানুহৰ হৃদয় জয় কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰি যাব।

বৃহস্পতিবাৰে শ্ৰীনগৰৰ বাক্ষী ষ্টেডিয়ামত "বিকশিত ভাৰত,বিকশিত জম্মু-কাশ্মীৰ" কাৰ্যসূচী সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কৃষি আৰু পৰ্যটনৰ সৈতে জড়িত একাধিক প্ৰকল্প উদ্বোধন কৰে।উল্লেখ্য যে, ২০১৯ চনৰ ৫ আগষ্টত ৩৭০ নং অনুচ্ছেদৰ বিধান বাতিল কৰি পূৰ্বৰ ৰাজ্যখনক দুভাগ কৰি কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ আৰু লাডাখত বিভক্ত কৰে৷

আজিৰ দিনটোত প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানটোক এপ্ৰিল আৰু মে’ মাহত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰচাৰৰ অংশ হিচাপে দেখা গৈছে, যিটো অঞ্চলটোৱে স্বায়ত্তশাসন হেৰুৱাৰ পাছত প্ৰথমটো নিৰ্বাচন। জম্মু-কাশ্মীৰত বিধানসভাৰ শেষ নিৰ্বাচন ২০১৪ চনত অনুষ্ঠিত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ