--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে কাশ্মীৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন ৰেলীত অনুৰাগীৰ সৈতে ছেলফী তুলিছিল। বিকশিত ভাৰত কাৰ্যসূচীৰ হিতাধিকাৰী নাজিমে এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময় কৰি ছেলফীৰ বাবে অনুৰোধ জনায়, আৰু প্ৰধানমন্ত্ৰীয়ে একেলগে ফটো তোলে৷

এক্সত দিয়া এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "মোৰ বন্ধু নাজিমৰ সৈতে এখন স্মৰণীয় ছেলফী।নাজিমে কৰা ভাল কামত মই আপ্লুত হৈছোঁ। ৰাজহুৱা সভাত তেওঁ ছেলফীৰ বাবে অনুৰোধ কৰিছিল আৰু তেওঁক লগ পাই যথেষ্ট সুখী অনুভৱ কৰিছোঁ। ভৱিষ্যতৰ বাবে মোৰ তৰফৰ পৰা শুভেচ্ছা থাকিল।" 

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, অনুচ্ছেদ ৩৭০ বাতিলৰ পাছত প্ৰথমবাৰৰ বাবে কাশ্মীৰ ভ্ৰমণৰ সময়ত কয় যে বিজেপি চৰকাৰে উপত্যকাৰ মানুহৰ হৃদয় জয় কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰি যাব।

বৃহস্পতিবাৰে শ্ৰীনগৰৰ বাক্ষী ষ্টেডিয়ামত "বিকশিত ভাৰত,বিকশিত জম্মু-কাশ্মীৰ" কাৰ্যসূচী সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কৃষি আৰু পৰ্যটনৰ সৈতে জড়িত একাধিক প্ৰকল্প উদ্বোধন কৰে।উল্লেখ্য যে, ২০১৯ চনৰ ৫ আগষ্টত ৩৭০ নং অনুচ্ছেদৰ বিধান বাতিল কৰি পূৰ্বৰ ৰাজ্যখনক দুভাগ কৰি কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ আৰু লাডাখত বিভক্ত কৰে৷

আজিৰ দিনটোত প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানটোক এপ্ৰিল আৰু মে’ মাহত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰচাৰৰ অংশ হিচাপে দেখা গৈছে, যিটো অঞ্চলটোৱে স্বায়ত্তশাসন হেৰুৱাৰ পাছত প্ৰথমটো নিৰ্বাচন। জম্মু-কাশ্মীৰত বিধানসভাৰ শেষ নিৰ্বাচন ২০১৪ চনত অনুষ্ঠিত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু