--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ সৰ্বোচ্চ ন্যায়ালয়ত এটা আমোদজনক গোচৰৰ শুনানি গ্ৰহণ কৰা হৈছিল যাৰ ওপৰত এতিয়া আদালতৰ সিদ্ধান্ত আহিছে। আদালতে নিজৰ সিদ্ধান্তত উল্লেখ কৰিছে যে- যি জন্তুৰ গাখীৰৰ পৰা ঘিউ তৈয়াৰ কৰা হয়, সেই জন্তুক উৎপাদক হিচাপে গণ্য কৰা হ’ব। অন্ধ্ৰ প্ৰদেশৰ বজাৰসমূহত ক্ৰয়-বিক্ৰয় কৰা ঘিউ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে এই সিদ্ধান্ত প্ৰদান কৰে। এই অঞ্চলসমূহত ক্ৰয়-বিক্ৰয় কৰা ঘিউ নিয়ন্ত্ৰণ সন্দৰ্ভত এই বিষয়টো আদালতত উপনীত হৈছিল।

উচ্চতম ন্যায়ালয়ত এই গোচৰৰ শুনানি গ্ৰহণ ক ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু ন্যায়াধীশ এছ ভি এন ভাটিৰ বিচাৰপীঠে। ‘ঘিউ গৰু ম’হৰ দৰে জীৱ-জন্তুৰ নহয়’, এই যুক্তিটোক ভিত্তিহীন বুলি বিচাৰপীঠে উল্লেখ কৰে। অন্ধ্ৰ প্ৰদেশৰ ১৯৬৬ চনৰ আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কয় যে গৰু আৰু ম’হক কোনো বিবাদ নোহোৱাকৈ পশুধন বুলি সংজ্ঞায়িত কৰা হৈছে। এনে পৰিস্থিতিত যিহেতু ঘিউ গাখীৰৰ পৰা তৈয়াৰ কৰা হয় আৰু আমি পশুধনৰ পৰা গাখীৰ পাওঁ, তেনে পৰিস্থিতিত ঘিউকো পশুধনৰ উৎপাদন বুলি গণ্য কৰা উচিত।

এই বিষয়ৰ মূলতে আছে ১৯৯৪ চনৰ অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ অধিসূচনা য’ত ঘিউক পশুধনৰ উৎপাদন বুলি গণ্য কৰা হৈছিল। অন্ধ্ৰ প্ৰদেশৰ কিছু অঞ্চলত ঘিউৰ ক্ৰয়-বিক্ৰয় নিয়ন্ত্ৰণৰ লক্ষ্যৰে এই কাম কৰা হৈছিল।অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰে। উচ্চ ন্যায়ালয়ে নিজৰ সিদ্ধান্তত আবেদনকাৰী পক্ষৰ যুক্তি নাকচ কৰি ১৯৯৪ চনৰ অন্ধ্ৰ চৰকাৰৰ অধিসূচনাক সমৰ্থন কৰে।আনকি অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ে কয় যে ঘিউ পশুধনৰ প্ৰত্যক্ষ উৎপাদন নহয়, গাখীৰৰ পৰা প্ৰস্তুত কৰা বুলি কেৱল এই ভিত্তিতে পশুধনৰ সামগ্ৰী হিচাপে নাকচ কৰিব নোৱাৰি।

উচ্চতম ন্যায়ালয়ত আবেদন কৰাসকলে অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনায়। ইয়াৰ পাছত উচ্চতম ন্যায়ালয়ে বিষয়টো বিতংভাৱে শুনানি গ্ৰহণ কৰি আবেদন নাকচ কৰে আৰু গাখীৰৰ দৰে ঘিউকো পশুধনৰ উৎপাদন বুলি গণ্য কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু