--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ সৰ্বোচ্চ ন্যায়ালয়ত এটা আমোদজনক গোচৰৰ শুনানি গ্ৰহণ কৰা হৈছিল যাৰ ওপৰত এতিয়া আদালতৰ সিদ্ধান্ত আহিছে। আদালতে নিজৰ সিদ্ধান্তত উল্লেখ কৰিছে যে- যি জন্তুৰ গাখীৰৰ পৰা ঘিউ তৈয়াৰ কৰা হয়, সেই জন্তুক উৎপাদক হিচাপে গণ্য কৰা হ’ব। অন্ধ্ৰ প্ৰদেশৰ বজাৰসমূহত ক্ৰয়-বিক্ৰয় কৰা ঘিউ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে এই সিদ্ধান্ত প্ৰদান কৰে। এই অঞ্চলসমূহত ক্ৰয়-বিক্ৰয় কৰা ঘিউ নিয়ন্ত্ৰণ সন্দৰ্ভত এই বিষয়টো আদালতত উপনীত হৈছিল।

উচ্চতম ন্যায়ালয়ত এই গোচৰৰ শুনানি গ্ৰহণ ক ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু ন্যায়াধীশ এছ ভি এন ভাটিৰ বিচাৰপীঠে। ‘ঘিউ গৰু ম’হৰ দৰে জীৱ-জন্তুৰ নহয়’, এই যুক্তিটোক ভিত্তিহীন বুলি বিচাৰপীঠে উল্লেখ কৰে। অন্ধ্ৰ প্ৰদেশৰ ১৯৬৬ চনৰ আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কয় যে গৰু আৰু ম’হক কোনো বিবাদ নোহোৱাকৈ পশুধন বুলি সংজ্ঞায়িত কৰা হৈছে। এনে পৰিস্থিতিত যিহেতু ঘিউ গাখীৰৰ পৰা তৈয়াৰ কৰা হয় আৰু আমি পশুধনৰ পৰা গাখীৰ পাওঁ, তেনে পৰিস্থিতিত ঘিউকো পশুধনৰ উৎপাদন বুলি গণ্য কৰা উচিত।

এই বিষয়ৰ মূলতে আছে ১৯৯৪ চনৰ অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ অধিসূচনা য’ত ঘিউক পশুধনৰ উৎপাদন বুলি গণ্য কৰা হৈছিল। অন্ধ্ৰ প্ৰদেশৰ কিছু অঞ্চলত ঘিউৰ ক্ৰয়-বিক্ৰয় নিয়ন্ত্ৰণৰ লক্ষ্যৰে এই কাম কৰা হৈছিল।অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰে। উচ্চ ন্যায়ালয়ে নিজৰ সিদ্ধান্তত আবেদনকাৰী পক্ষৰ যুক্তি নাকচ কৰি ১৯৯৪ চনৰ অন্ধ্ৰ চৰকাৰৰ অধিসূচনাক সমৰ্থন কৰে।আনকি অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ে কয় যে ঘিউ পশুধনৰ প্ৰত্যক্ষ উৎপাদন নহয়, গাখীৰৰ পৰা প্ৰস্তুত কৰা বুলি কেৱল এই ভিত্তিতে পশুধনৰ সামগ্ৰী হিচাপে নাকচ কৰিব নোৱাৰি।

উচ্চতম ন্যায়ালয়ত আবেদন কৰাসকলে অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনায়। ইয়াৰ পাছত উচ্চতম ন্যায়ালয়ে বিষয়টো বিতংভাৱে শুনানি গ্ৰহণ কৰি আবেদন নাকচ কৰে আৰু গাখীৰৰ দৰে ঘিউকো পশুধনৰ উৎপাদন বুলি গণ্য কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ