--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেটাৰৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী! এই কথা আন কোনো সাধাৰণ লোকে কোৱা নাই, কৈছে খোদ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ক্ৰিকেট দলৰ অধিনায়কৰ সৈতে তুলনা কৰি কয় যে তেওঁ তেওঁৰ বলাৰসকলক উইকেট লোৱাৰ জোখাৰে এক নিৰ্দিষ্ট মাত্ৰাত স্বাধীনতা প্ৰদান কৰিছে। 

জয়শংকৰে কয় যে ক'ভিড ৰ প্ৰাদুৰ্ভাৱৰ পিছত ভাৰতে লকডাউন ঘোষণা কৰা, ভেকছিন উৎপাদন বৃদ্ধি কৰা, টিকাকৰণ কাৰ্যসূচী আৰম্ভ কৰা আৰু ভেকছিনৰ প্ৰয়োজন হোৱা দেশসমূহক সহায় কৰাৰ সিদ্ধান্ত লোৱাৰ সময়তো মোদীৰ কঠোৰ সিদ্ধান্ত লোৱাৰ কৌশল বিশ্ববাসীৰ চকুত ধৰা পৰিছিল৷ জয়শংকৰে কয় " কেপ্টেইন মোদীৰ  যথেষ্ট নেট অনুশীলন আছে। নেট অনুশীলন পুৱা ৬ বজাত আৰম্ভ হয় আৰু যথেষ্ট দেৰীলৈকে  চলি থাকে,"৷  প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰ আৰু ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰছনৰ সৈতে হোৱা এক মতবিনিময়ত  জয়শংকৰে  এনেদৰে কয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে  কয় যে কেপ্টেইন মোদীয়ে  তেওঁৰ সহকৰ্মীসকলক কিছুমান  নিৰ্দিষ্ট পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ  বিশ্বাসত লৈ আহিছে৷ 

 তেওঁ কয় "যদি আপোনাৰ কোনো নিৰ্দিষ্ট বলাৰ আছে যাৰ ওপৰত আপোনাৰ বিশ্বাস আছে বা আপুনি ভাল প্ৰদৰ্শন কৰা দেখিছে, আপুনি তেওঁলোকক স্বাধীনতা দিয়ক,  আপুনি সঠিক মুহূৰ্তত বলটো তেওঁলোকৰ ওচৰলৈ দলিয়াই দিয়ক। আপুনি তেওঁলোকক সেই নিৰ্দিষ্ট পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ বিশ্বাস কৰক,দেখিব জয় সহজ হৈছে" । কেপ্টেইন মোদীয়ে তেওঁৰ বলাৰসকলক এক নিৰ্দিষ্ট পৰিমাণৰ স্বাধীনতা প্ৰদান কৰিছে বুলিও তেওঁ কয়।  জয়শংকৰে কয় " আমি সকলোৱে যদি যোৱা তিনি বছৰলৈ  ঘূৰি চাওঁ, লকডাউনৰ সিদ্ধান্তটো এটা অতি কঠিন সিদ্ধান্ত আছিল। কিন্তু সেই সময়ত এনে সিদ্ধান্ত লোৱাটো প্ৰয়োজনীয় আছিল৷ " জয়শংকৰে লগতে এই কথাও স্মৰণ কৰে যে কেনেদৰে মোদীয়ে  ব্লেয়াৰৰ সৈতে এষ্ট্ৰজেনেকা/কভিশ্বিল্ড ভেকছিন উৎপাদনৰ বাবে কেঁচা সামগ্ৰীৰ যোগান নিশ্চিত কৰিবলৈ ঘনিষ্ঠভাৱে কাম কৰিছিল।সেইবাবেই কোভিড জয় কৰাত ভাৰত সফল হোৱা বুলি তেওঁ উল্লেখ কৰে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ