--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেটাৰৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী! এই কথা আন কোনো সাধাৰণ লোকে কোৱা নাই, কৈছে খোদ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ক্ৰিকেট দলৰ অধিনায়কৰ সৈতে তুলনা কৰি কয় যে তেওঁ তেওঁৰ বলাৰসকলক উইকেট লোৱাৰ জোখাৰে এক নিৰ্দিষ্ট মাত্ৰাত স্বাধীনতা প্ৰদান কৰিছে। 

জয়শংকৰে কয় যে ক'ভিড ৰ প্ৰাদুৰ্ভাৱৰ পিছত ভাৰতে লকডাউন ঘোষণা কৰা, ভেকছিন উৎপাদন বৃদ্ধি কৰা, টিকাকৰণ কাৰ্যসূচী আৰম্ভ কৰা আৰু ভেকছিনৰ প্ৰয়োজন হোৱা দেশসমূহক সহায় কৰাৰ সিদ্ধান্ত লোৱাৰ সময়তো মোদীৰ কঠোৰ সিদ্ধান্ত লোৱাৰ কৌশল বিশ্ববাসীৰ চকুত ধৰা পৰিছিল৷ জয়শংকৰে কয় " কেপ্টেইন মোদীৰ  যথেষ্ট নেট অনুশীলন আছে। নেট অনুশীলন পুৱা ৬ বজাত আৰম্ভ হয় আৰু যথেষ্ট দেৰীলৈকে  চলি থাকে,"৷  প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰ আৰু ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰছনৰ সৈতে হোৱা এক মতবিনিময়ত  জয়শংকৰে  এনেদৰে কয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে  কয় যে কেপ্টেইন মোদীয়ে  তেওঁৰ সহকৰ্মীসকলক কিছুমান  নিৰ্দিষ্ট পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ  বিশ্বাসত লৈ আহিছে৷ 

 তেওঁ কয় "যদি আপোনাৰ কোনো নিৰ্দিষ্ট বলাৰ আছে যাৰ ওপৰত আপোনাৰ বিশ্বাস আছে বা আপুনি ভাল প্ৰদৰ্শন কৰা দেখিছে, আপুনি তেওঁলোকক স্বাধীনতা দিয়ক,  আপুনি সঠিক মুহূৰ্তত বলটো তেওঁলোকৰ ওচৰলৈ দলিয়াই দিয়ক। আপুনি তেওঁলোকক সেই নিৰ্দিষ্ট পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ বিশ্বাস কৰক,দেখিব জয় সহজ হৈছে" । কেপ্টেইন মোদীয়ে তেওঁৰ বলাৰসকলক এক নিৰ্দিষ্ট পৰিমাণৰ স্বাধীনতা প্ৰদান কৰিছে বুলিও তেওঁ কয়।  জয়শংকৰে কয় " আমি সকলোৱে যদি যোৱা তিনি বছৰলৈ  ঘূৰি চাওঁ, লকডাউনৰ সিদ্ধান্তটো এটা অতি কঠিন সিদ্ধান্ত আছিল। কিন্তু সেই সময়ত এনে সিদ্ধান্ত লোৱাটো প্ৰয়োজনীয় আছিল৷ " জয়শংকৰে লগতে এই কথাও স্মৰণ কৰে যে কেনেদৰে মোদীয়ে  ব্লেয়াৰৰ সৈতে এষ্ট্ৰজেনেকা/কভিশ্বিল্ড ভেকছিন উৎপাদনৰ বাবে কেঁচা সামগ্ৰীৰ যোগান নিশ্চিত কৰিবলৈ ঘনিষ্ঠভাৱে কাম কৰিছিল।সেইবাবেই কোভিড জয় কৰাত ভাৰত সফল হোৱা বুলি তেওঁ উল্লেখ কৰে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু