--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ প্ৰকাশ পোৱা মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ নিৰ্বাচনী ফলাফলত দুখন ৰাজ্যত বিজেপি মিত্ৰজোঁটে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে৷ মেঘালয়ত বিজেপিৰ স্থিতি ভাল নহয় যদিও কনৰাড চাংমা নেতৃত্বাধীন এনপিপিৰ সৈতে মিলি ৰাজ্য খনত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ তিনিওখন ৰাজ্যতে কংগ্ৰেছে লক্ষ্যণীয়ভাবে মুখ থেকেচা খাইছে৷ ইমানৰ পিছতো যেন দমি যোৱা নাই কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে৷ 

মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছতে খাৰ্গেই কৰা মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷  ত্ৰিপুৰা আৰু নাগালেণ্ডত বিজেপি মিত্ৰজোঁট জয়ী হৈছে, আনহাতে মেঘালয়ৰ একক বৃহত্তম দলটোৱে এতিয়া বিজেপিকে  সমৰ্থন কৰাৰ দিশে৷ তিনিও খন ৰাজ্যতে কংগ্ৰেছৰ প্ৰদৰ্শন আকৌ এবাৰ হতাশাজনক হৈছে। অৱশ্যে ইয়াৰ মাজতে  কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই উত্তৰ-পূবৰ ৰাজ্য  কেইখনৰ  নিৰ্বাচনবোৰক গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা নাই। খাৰ্গেই কয় "এয়া সৰু ৰাজ্যসমূহৰ নিৰ্বাচন। সাধাৰণতে, উত্তৰ-পূবৰ দলবোৰে কেন্দ্ৰত চৰকাৰ থকা দলৰ  সৈতেই যায়,"৷ খাৰ্গেৰ এনে মন্তব্যৰ পিছতে ছ’চিয়েল মিডিয়াত নেটিজেনৰ বহুতে কংগ্ৰেছ সভাপতিগৰাকীক উভতি ধৰিছে৷ বহুতে এইবুলি প্ৰশ্ন কৰিছে যে ডাঙৰ ৰাজ্য সমূহত কংগ্ৰেছৰ শনিৰ দশা চলিছে কিয়? 

দৰাচলতে ব্যৰ্থতা ঢাকিবলৈয়েই কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ নিৰ্বাচনক সৰু ৰাজ্যৰ নিৰ্বাচন বুলি কোৱা বুলি বহুতে আলোচনা কৰিছে৷  উল্লেখ্য এইবেলি ত্ৰিপুৰা বিধানসভাত বিজেপিয়ে ৩২খন আসন লাভ কৰিছে। চিপিএমে এ ১০খন আসন, কংগ্ৰেছে তিনিখন আৰু তিপ্ৰাম’থাই লাভ কৰিছে ১৩খন আসন৷নাগালেণ্ডত বিজেপি মিত্ৰজোঁটে লাভ কৰিছে   ৩৮খনে আসন৷ নাগালেণ্ডত এনডিপিপি–এ ২৬খন আৰু বিজেপিয়ে লাভ কৰে ১২খন আসন । ৬০খন আসনযুক্ত নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ফলাফলত এনপিএফ দলে লাভ কৰে দুখন আসন, এনপিপি দলে চাৰিখন আৰু অন্যান্যই লাভ কৰে ১৬খন আসন।মেঘালয়ত এনপিপি দলে লাভ কৰিছে ২৭খন আসন। বিজেপিয়ে দুখন আসন লাভ কৰাৰ লগতে কংগ্ৰেছে ৫ খন, তৃণমূল কংগ্ৰেছে ৫ খন আৰু অন্যান্যই লাভ কৰিছে ২০খন আসন। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু