--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ প্ৰকাশ পোৱা মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ নিৰ্বাচনী ফলাফলত দুখন ৰাজ্যত বিজেপি মিত্ৰজোঁটে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে৷ মেঘালয়ত বিজেপিৰ স্থিতি ভাল নহয় যদিও কনৰাড চাংমা নেতৃত্বাধীন এনপিপিৰ সৈতে মিলি ৰাজ্য খনত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ তিনিওখন ৰাজ্যতে কংগ্ৰেছে লক্ষ্যণীয়ভাবে মুখ থেকেচা খাইছে৷ ইমানৰ পিছতো যেন দমি যোৱা নাই কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে৷ 

মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছতে খাৰ্গেই কৰা মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷  ত্ৰিপুৰা আৰু নাগালেণ্ডত বিজেপি মিত্ৰজোঁট জয়ী হৈছে, আনহাতে মেঘালয়ৰ একক বৃহত্তম দলটোৱে এতিয়া বিজেপিকে  সমৰ্থন কৰাৰ দিশে৷ তিনিও খন ৰাজ্যতে কংগ্ৰেছৰ প্ৰদৰ্শন আকৌ এবাৰ হতাশাজনক হৈছে। অৱশ্যে ইয়াৰ মাজতে  কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই উত্তৰ-পূবৰ ৰাজ্য  কেইখনৰ  নিৰ্বাচনবোৰক গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা নাই। খাৰ্গেই কয় "এয়া সৰু ৰাজ্যসমূহৰ নিৰ্বাচন। সাধাৰণতে, উত্তৰ-পূবৰ দলবোৰে কেন্দ্ৰত চৰকাৰ থকা দলৰ  সৈতেই যায়,"৷ খাৰ্গেৰ এনে মন্তব্যৰ পিছতে ছ’চিয়েল মিডিয়াত নেটিজেনৰ বহুতে কংগ্ৰেছ সভাপতিগৰাকীক উভতি ধৰিছে৷ বহুতে এইবুলি প্ৰশ্ন কৰিছে যে ডাঙৰ ৰাজ্য সমূহত কংগ্ৰেছৰ শনিৰ দশা চলিছে কিয়? 

দৰাচলতে ব্যৰ্থতা ঢাকিবলৈয়েই কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ নিৰ্বাচনক সৰু ৰাজ্যৰ নিৰ্বাচন বুলি কোৱা বুলি বহুতে আলোচনা কৰিছে৷  উল্লেখ্য এইবেলি ত্ৰিপুৰা বিধানসভাত বিজেপিয়ে ৩২খন আসন লাভ কৰিছে। চিপিএমে এ ১০খন আসন, কংগ্ৰেছে তিনিখন আৰু তিপ্ৰাম’থাই লাভ কৰিছে ১৩খন আসন৷নাগালেণ্ডত বিজেপি মিত্ৰজোঁটে লাভ কৰিছে   ৩৮খনে আসন৷ নাগালেণ্ডত এনডিপিপি–এ ২৬খন আৰু বিজেপিয়ে লাভ কৰে ১২খন আসন । ৬০খন আসনযুক্ত নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ফলাফলত এনপিএফ দলে লাভ কৰে দুখন আসন, এনপিপি দলে চাৰিখন আৰু অন্যান্যই লাভ কৰে ১৬খন আসন।মেঘালয়ত এনপিপি দলে লাভ কৰিছে ২৭খন আসন। বিজেপিয়ে দুখন আসন লাভ কৰাৰ লগতে কংগ্ৰেছে ৫ খন, তৃণমূল কংগ্ৰেছে ৫ খন আৰু অন্যান্যই লাভ কৰিছে ২০খন আসন। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Advertisement