--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দুপৰীয়া ১২:৩০ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে উজ্জ্বলা আঁচনি ২.০ মুকলি কৰিব। অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মহোবাৰ হিতাধিকাৰীসকলে তৰলীকৃত পেট্ৰ'লিয়াম গেছ (এলপিজি) চিলিণ্ডাৰ সংযোগ লাভ কৰিব। কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও অনুষ্ঠানটোত উপস্থিত থাকিব।


প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা (পিএমইউৱাই) ১ মে,২০১৬ত উত্তৰ প্ৰদেশৰ বালিয়াৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে আৰম্ভ কৰিছিল। কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰালয়ে প্ৰৱৰ্তন কৰা এই আঁচনিখনৰ উদ্দেশ্য হৈছে গ্ৰাম্য পৰিয়ালবোৰক এলপিজিৰ দৰে ৰন্ধন ইন্ধন উপলব্ধ কৰা।


উজ্জ্বলা ১.০ৰ অধীনত, মাৰ্চ 2020-ৰ ভিতৰত দৰিদ্ৰতা ৰেখাৰ তলৰ (বিপিএল) পৰিয়ালৰ ৫০ নিযুত মহিলাক এলপিজি সংযোগ প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। অৱশ্যে, আগষ্ট ২০১৮-ত আন ৭টা শ্ৰেণীৰ মহিলাসকলক আঁচনিখনৰ আওতালৈ আনিছিল কেন্দ্ৰীয় চৰকাৰখনে। লগতে, আঁচনিখনৰ লক্ষ্য ৮০ নিযুত এলপিজি সংযোগলৈ সংশোধন কৰা হয়।উল্লেখ্য যে, ৩০ জুলাই, ২০২১ লৈকে আঁচনিখনৰ অধীনত ৭৯,৯৯৫,০২২ হিতাধিকাৰীক এই আঁচনিৰ সুবিধা প্ৰদান কৰা হৈছে।


শেহতীয়াকৈ উজ্জ্বলা ২.০ৰ অধীনত, হিতাধিকাৰীসকলক অতিৰিক্ত ১০ নিযুত এলপিজি সংযোগ প্ৰদান কৰা হ'ব। এই অতিৰিক্ত সংযোগসমূহৰ কাৰ্যপ্ৰণালী ২০২১-২২ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা হৈছিল।
দ্বিতীয় পৰ্যায়ত, হিতাধিকাৰীসকলে প্ৰথম ৰিফিলৰ বাবে ধন পৰিশোধ প্ৰয়োজন নাই বুলিও জানিবলৈ পোৱা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু