--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দুপৰীয়া ১২:৩০ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে উজ্জ্বলা আঁচনি ২.০ মুকলি কৰিব। অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মহোবাৰ হিতাধিকাৰীসকলে তৰলীকৃত পেট্ৰ'লিয়াম গেছ (এলপিজি) চিলিণ্ডাৰ সংযোগ লাভ কৰিব। কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও অনুষ্ঠানটোত উপস্থিত থাকিব।


প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা (পিএমইউৱাই) ১ মে,২০১৬ত উত্তৰ প্ৰদেশৰ বালিয়াৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে আৰম্ভ কৰিছিল। কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰালয়ে প্ৰৱৰ্তন কৰা এই আঁচনিখনৰ উদ্দেশ্য হৈছে গ্ৰাম্য পৰিয়ালবোৰক এলপিজিৰ দৰে ৰন্ধন ইন্ধন উপলব্ধ কৰা।


উজ্জ্বলা ১.০ৰ অধীনত, মাৰ্চ 2020-ৰ ভিতৰত দৰিদ্ৰতা ৰেখাৰ তলৰ (বিপিএল) পৰিয়ালৰ ৫০ নিযুত মহিলাক এলপিজি সংযোগ প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। অৱশ্যে, আগষ্ট ২০১৮-ত আন ৭টা শ্ৰেণীৰ মহিলাসকলক আঁচনিখনৰ আওতালৈ আনিছিল কেন্দ্ৰীয় চৰকাৰখনে। লগতে, আঁচনিখনৰ লক্ষ্য ৮০ নিযুত এলপিজি সংযোগলৈ সংশোধন কৰা হয়।উল্লেখ্য যে, ৩০ জুলাই, ২০২১ লৈকে আঁচনিখনৰ অধীনত ৭৯,৯৯৫,০২২ হিতাধিকাৰীক এই আঁচনিৰ সুবিধা প্ৰদান কৰা হৈছে।


শেহতীয়াকৈ উজ্জ্বলা ২.০ৰ অধীনত, হিতাধিকাৰীসকলক অতিৰিক্ত ১০ নিযুত এলপিজি সংযোগ প্ৰদান কৰা হ'ব। এই অতিৰিক্ত সংযোগসমূহৰ কাৰ্যপ্ৰণালী ২০২১-২২ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা হৈছিল।
দ্বিতীয় পৰ্যায়ত, হিতাধিকাৰীসকলে প্ৰথম ৰিফিলৰ বাবে ধন পৰিশোধ প্ৰয়োজন নাই বুলিও জানিবলৈ পোৱা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ