--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহামানৱ মহাত্মা গান্ধীৰ উপৰিও আন এজন 'জাতিৰ পিতা’ৰ সন্ধান লাভ কৰিলে মহাৰাষ্ট্ৰ উপমুখ্যমন্ত্ৰীৰ পত্নী অমৃতা ফাডনাৱিছে। অমৃতাই গান্ধীক পুৰণি ভাৰতৰ জাতিৰ পিতা বুলি অভিহিত কৰি কয় যে আধুনিক ভাৰতৰ 'জাতিৰ পিতা' হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

অমৃতাই কৰা এই বক্তব্যৰ পাছতে এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে। অৱশ্যে এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও মোদীক অমৃতাই জাতিৰ পিতা আখ্যা দিছিল।

''ভাৰতৰ জাতিৰ পিতা দুজন। এজন মহাত্মা গান্ধী। তেওঁ আগৰ দিনৰ। আৰু নতুন ভাৰতৰ জাতিৰ পিতা নৰেন্দ্ৰ মোদী।’’- এটা টেলিভিছন চেনেলৰ আগত শেহতীয়াকৈ অমৃতাই এইদৰে কৈছে।


উল্লেখ্য যে গান্ধীজীক প্রথমবাৰ জাতিৰ পিতা আখ্যা দিছিল নেতাজী সুভাষ চন্দ্ৰ বোসে। তাৰপাছতে সমগ্ৰ দেশত জাতিৰ পিতা বুলিলে গান্ধীজীকে বুজোৱা হয়। এইবাৰ সুভাষ বোসৰ দৰেই অমৃতাইও মোদীক জাতিৰ পিতা আখ্যা দিছে।

অমৃতাৰ মন্তব্যৰ বিৰোধিতা কৰি মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা যশোমতি ঠাকুৰে কৈছে যে যিসকলে বিজেপি-আৰএছএছৰ আদৰ্শ মানি চলে তেওঁলোকে গান্ধীক হত্যা কৰাৰ চক্ৰান্ত কৰিছিল আৰু এতিয়া প্ৰতিনিয়ত ইতিহাস বিকৃত কৰাৰ অপচেষ্টা চলাই থকা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু