--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহামানৱ মহাত্মা গান্ধীৰ উপৰিও আন এজন 'জাতিৰ পিতা’ৰ সন্ধান লাভ কৰিলে মহাৰাষ্ট্ৰ উপমুখ্যমন্ত্ৰীৰ পত্নী অমৃতা ফাডনাৱিছে। অমৃতাই গান্ধীক পুৰণি ভাৰতৰ জাতিৰ পিতা বুলি অভিহিত কৰি কয় যে আধুনিক ভাৰতৰ 'জাতিৰ পিতা' হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

অমৃতাই কৰা এই বক্তব্যৰ পাছতে এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে। অৱশ্যে এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও মোদীক অমৃতাই জাতিৰ পিতা আখ্যা দিছিল।

''ভাৰতৰ জাতিৰ পিতা দুজন। এজন মহাত্মা গান্ধী। তেওঁ আগৰ দিনৰ। আৰু নতুন ভাৰতৰ জাতিৰ পিতা নৰেন্দ্ৰ মোদী।’’- এটা টেলিভিছন চেনেলৰ আগত শেহতীয়াকৈ অমৃতাই এইদৰে কৈছে।


উল্লেখ্য যে গান্ধীজীক প্রথমবাৰ জাতিৰ পিতা আখ্যা দিছিল নেতাজী সুভাষ চন্দ্ৰ বোসে। তাৰপাছতে সমগ্ৰ দেশত জাতিৰ পিতা বুলিলে গান্ধীজীকে বুজোৱা হয়। এইবাৰ সুভাষ বোসৰ দৰেই অমৃতাইও মোদীক জাতিৰ পিতা আখ্যা দিছে।

অমৃতাৰ মন্তব্যৰ বিৰোধিতা কৰি মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা যশোমতি ঠাকুৰে কৈছে যে যিসকলে বিজেপি-আৰএছএছৰ আদৰ্শ মানি চলে তেওঁলোকে গান্ধীক হত্যা কৰাৰ চক্ৰান্ত কৰিছিল আৰু এতিয়া প্ৰতিনিয়ত ইতিহাস বিকৃত কৰাৰ অপচেষ্টা চলাই থকা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক